ETV Bharat / entertainment

Dunki Drop 3 ৰ সৈতে মুকলি ডাংকিৰ নতুন গীত - ডাংকিৰ গীত

Dunki New Song Out : শীঘ্ৰে মুক্তি পাব শ্বাহৰুখ খানৰ ছবি Dunki । ছবিখনক লৈ দৰ্শকৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে । ইফালে নিৰ্মাতাই ছবিখনৰ এটি নতুন গীত মুকলি কৰিছে ।

Dunki drop 3: New track Nikle The Kabhi Hum Ghar Se from Shah Rukh Khan, Taapsee Pannu starrer will make you homesick
ডাংকিৰ নতুন গীত
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 2:11 PM IST

চিটাৰা ডেস্ক, ১ ডিচেম্বৰ : শ্বাহৰুখ খানৰ ছবি ডাংকি বৰ্তমান চৰ্চাত আছে । অনুৰাগীয়ে ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । শেহতীয়াকৈ মুক্তি পোৱা ছবিখনৰ টিজাৰ দৰ্শকে যথেষ্ট ভাল পাইছে । একে সময়তে এতিয়া ক্ৰমান্বয়ে ছবিখনৰ গীত আৰু নতুন টিজাৰবোৰো মুক্তি পাবলৈ ধৰিছে । আজি অৰ্থাৎ ১ ডিচেম্বৰত ছবিখনৰ পৰা মুক্তি দিয়া হৈছে আন এটি নতুন গীত ।

Drop ৩ ৰ সৈতে মুক্তি পালে ডাংকিৰ নতুন গীত

ছবিখনৰ ড্ৰপ ৩ ৰ সৈতে ছবিখনৰ নতুন গীত ‘নিকলে থে কভি হম ঘৰ ছে’ মুক্তি লাভ কৰিছে । এই গীতটিত কণ্ঠদান কৰিছে সোণু নিগমে ৷ অৱশ্যে গীতটিৰ কথা হে মুক্তি দিয়া হৈছে ৷ সম্পূৰ্ণ ভিডিঅ’ এতিয়ালৈকে অহা নাই । কিন্তু ইয়াৰ গীতৰ কথাবোৰ ইমানেই সুন্দৰ যে যিকোনো মানুহৰ হৃদয় চুই যাব ।

  • " class="align-text-top noRightClick twitterSection" data="">

গীতটোত এটা সুন্দৰ কাহিনী কোৱা দেখা গৈছে, য’ত চাৰিজন বন্ধুৰ বিস্ময়কৰ কাহিনী আৰু বিদেশত উপনীত হোৱাৰ প্ৰচেষ্টাৰ কথা কোৱা হৈছে । এই গীতটোৱে দেশৰ স্মৃতিৰ গভীৰতালৈ সোমাই যায়, যিটো নিজৰ দেশৰ পৰা আঁতৰি থকা আৰু উন্নত ভৱিষ্যতৰ সন্ধানত থকা প্ৰতিগৰাকী ব্যক্তিয়ে হৃদয়ৰ গভীৰতাৰ পৰা অনুভৱ কৰিব পাৰিব ।

শ্বাহৰুখ খানৰ ছবিখন বাস্তৱ জীৱনৰ কাহিনীৰ পৰা অনুপ্ৰাণিত হোৱা বন্ধুত্বৰ এটি কাহিনী । সেয়া এই গীতটোত স্পষ্টকৈ দেখা গৈছে । গীতটোত হাৰ্ডি, মানু, বুগ্গু আৰু বাল্লীৰ পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱীক দেখাৰ ইচ্ছাৰ বৰ্ণনা কৰা হৈছে ।

  • Aaj aise hi dil mein aaya yeh gaana toh aapke saath share kar raha hoon…
    Raju aur Sonu naam se hi lagte hain ke apne hi koi honge. Aur yeh gaana joh dono ne banaya hai, yeh bhi apnon ka hai. Apne ghar waalon ki yaadon ka hai…apni mitti ka hai…apne desh ki baahon mein sukoon…

    — Shah Rukh Khan (@iamsrk) December 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কেতিয়া মুক্তি পাব শ্বাহৰুখ খানৰ ছবিখন ?

ছবিখনৰ বিষয়ে ক’বলৈ গ’লে শ্বাহৰুখ খানৰ লগতে তাপসী পান্নু, বিকি কৌশল, বিক্ৰম কোছাৰ, বোমন ইৰানী আৰু অনিল গ্ৰ’ভাৰকো ছবিখনত দেখা যাব । ৰাজকুমাৰ হিৰাণীৰ পৰিচালনাত আৰু গৌৰী খানৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছে ছবিখন । ২০২৩ চনৰ ২২ ডিচেম্বৰত মুক্তি পাব ডাংকি ।

লগতে পঢ়ক : ৰণবীৰৰ এনিমেলৰ সন্মুখত থিয় দিছে ছেম বাহাদুৰ ! বিকি কৌশলৰ ছবিখনে অগ্ৰিম বুকিঙেৰে সংগ্ৰহ কৰিলে ইমান ধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.