ETV Bharat / entertainment

বৰদিনত উজলিল ডাংকিৰ ভাগ্য, সোমবাৰে ছবিখনে কিমান উপাৰ্জন কৰিলে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 4:49 PM IST

Dunki Box Office Collection Day 5: শ্বাহৰুখ খানৰ ‘ডাংকি’ ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছে । মুক্তিৰ পঞ্চম দিনত অৰ্থাৎ প্ৰথম সোমবাৰত এই ছবিখনে কিমান কোটি টকা উপাৰ্জন কৰিছে জানো আহক ।

Dunki box office day 5: Shah Rukh Khan- Rajkumar Hirani's maiden project holds strong on first Monday
ডাংকি বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে শ্বাহৰুখ খানৰ ২০২৩ বৰ্ষৰ বহু প্ৰত্যাশিত ছবি ‘ডাংকি’ । এই ছবিখনে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে যদিও এই ছবিখনে কিং খানৰ পূৰ্বৰ মুক্তি পোৱা ব্লকবাষ্টাৰ ছবি ‘পাঠান’ আৰু ‘জৱান’ৰ সমান সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে প্ৰভাসৰ ছালাৰেও ‘ডাংকি’ৰ পথত বাধাৰ সৃষ্টি কৰিছে । শ্বাহৰুখ খান অভিনীত ছবিখনে মুক্তিৰ পঞ্চম দিনা অৰ্থাৎ প্ৰথম সোমবাৰে কিমান সংগ্ৰহ কৰিছে জানো আহক এই প্ৰতিবেদনত ।

পঞ্চম দিনত ‘ডাংকিয়ে’ কিমান উপাৰ্জন কৰিলে ?

‘ডাংকি’এ বক্স অফিচত ঢৌ তুলিছে যদিও ইয়াৰ উপাৰ্জনৰ গতি আশা কৰা ধৰণে হোৱা নাই । আচলতে ছবিখনে প্ৰভাসৰ ছালাৰৰ সৈতে বক্স অফিচত সংঘৰ্ষ কৰিবলগীয়া হৈছে । ছালাৰে ভাৰতত মাত্ৰ চাৰিদিনতে ২৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । একে সময়তে ‘ডাংকি’এ চাৰিদিনত মাত্ৰ ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । ‘ডাংকি’ৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে এই ছবিখনে মুক্তিৰ প্ৰথম দিনাই ২৯.২ কোটি টকা উপাৰ্জন কৰিছিল । দ্বিতীয় দিনা ছবিখনৰ সংগ্ৰহ আছিল ২০.১২ কোটি টকা আৰু তৃতীয় দিনা ‘ডাংকি’এ ২৫.৬১ কোটি টকা উপাৰ্জন কৰে । চতুৰ্থ দিনা ছবিখনৰ ব্যৱসায় আছিল ৩০.৭ কোটি টকা । এতিয়া ছবিখন মুক্তিৰ পঞ্চম দিন অৰ্থাৎ প্ৰথম সোমবাৰৰ উপাৰ্জনৰ পৰিসংখ্যা পোহৰলৈ আহিছে ।

  • Sacknilk ৰ ৰিপ’ৰ্ট অনুসৰি ‘ডাংকি’ মুক্তিৰ পঞ্চম দিনা অৰ্থাৎ প্ৰথম সোমবাৰে ২২.৫০ কোটি টকা সংগ্ৰহ কৰিছে ।
  • ইয়াৰ লগে লগে ছবিখনৰ মুঠ ৫ দিনৰ উপাৰ্জন হৈছেগৈ ১২৮.১৩ কোটি টকা ।

বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে ‘ডাংকি’এ ?

ঘৰুৱা বজাৰত ১৩০ কোটি টকাৰ সীমা স্পৰ্শ কৰাৰ দিশত আগবাঢ়িছে ছবিখনে, আনহাতে বিশ্বজুৰি ২১১.১৩ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে । অৱশ্যে ছবিখনে বৰদিনত বিশ্বজুৰি কিমান উপাৰ্জন সেই তথ্য এতিয়ালৈকে ওলোৱা নাই, কিন্তু বৰদিনত বিশ্বজুৰি বিপুল ধন উপাৰ্জন কৰাৰ সম্ভাৱনা আছে ছবিখনে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজকুমাৰ হিৰাণীয়ে পৰিচালনা কৰিছে ‘ডাংকি’

‘ডাংকি’ পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে । শ্বাহৰুখ খানৰ উপৰিও তাপসী পান্নু, বিকি কৌশল, বোমন ইৰাণীকে ধৰি বহু অভিনেতাই এই ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । এই ছবিখন লণ্ডনলৈ যোৱাৰ সপোন দেখা চাৰিজন বন্ধুৰ কাহিনীৰ ওপৰত নিৰ্মিত ।

লগতে পঢ়ক: অনুৰাগীৰ সৈতে ডাংকিৰ সফলতা উদযাপন শ্বাহৰুখ খানৰ, হাতযোৰ কৰি জনালে ধন্যবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.