ETV Bharat / entertainment

এই পৰ্যন্ত বিশ্বজুৰি কিমান কোটি টকা উপাৰ্জন কৰিলে ডাংকিয়ে ?

Dunki Box Office Collection Day 12: শ্বাহৰুখ খানৰ ছবি ‘ডাংকি’ মুক্তিৰ দুটা সপ্তাহ হ’ল । এতিয়া ছবিখনে এই পৰ্যন্ত কিমান কোটি টকা উপাৰ্জন কৰিছে জানো আহক ৷

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 12:23 PM IST

Dunki box office day 12: Shah Rukh Khan's film inches closer to Rs 200 crore in India
ডাংকি বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ২ ডিচেম্বৰ: শ্বাহৰুখ খান আৰু পৰিচালক ৰাজকুমাৰ হিৰাণীৰ ‘ডাংকি’ ছবিখনে ছবিগৃহত ভাল সঁহাৰি লাভ কৰিছে । অৱশ্যে প্ৰভাসৰ ‘ছালাৰ’ৰ সৈতেও কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছে ছবিখনে । উপাৰ্জনৰ ক্ষেত্ৰত ‘ছালাৰ’ ‘ডাংকি’তকৈ বহুগুণে আগবাঢ়ি আছে । অৱশ্যে কিং খানৰ এই ছবিখনে দৰ্শকৰ হৃদয় চুই গৈছে । এই প্ৰতিবেদনত জানো আহক ‘ডাংকি’ মুক্তিৰ ১২ দিনত কিমান কোটি টকা উপাৰ্জন কৰিছে ।

মুক্তিৰ ১২ দিনত কিমান উপাৰ্জন কৰিলে ‘ডাংকি’এ ?

শ্বাহৰুখ খানৰ ‘ডাংকি’ এখন পাৰিবাৰিক কমেডী নাটক ছবি । এই ছবিখনে বক্স অফিচত দৰ্শকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে । যদিও এই ছবিখন উপাৰ্জনৰ ক্ষেত্ৰত শ্বাহৰুখ খানৰ ২০২৩ চনৰ ব্লকবাষ্টাৰ ছবি ‘পাঠান’ আৰু ‘জৱান’ৰ পৰা বহু পিচ পৰি আছে । ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে মুক্তিৰ প্ৰথম সপ্তাহতে ‘ডাংকি’এ ১৬০.২২ কোটি টকা সংগ্ৰহ কৰিছে ।

কিন্তু দ্বিতীয় সপ্তাহত ছবিখনৰ উপাৰ্জন হ্ৰাস পোৱাৰ লগে লগে দ্বিতীয় শুকুৰবাৰে ছবিখনে মাত্ৰ ৭ কোটি টকা সংগ্ৰহ কৰে । কিন্তু সপ্তাহৰ শেষৰ ফালে ছবিখনে আকৌ এবাৰ উপাৰ্জনৰ ক্ষেত্ৰত গতি লাভ কৰে । আনহাতে ছবিখনে দ্বিতীয় শনিবাৰে ৯ কোটি টকা উপাৰ্জন কৰিছিল ৷ ইফালে মুক্তিৰ ১১ দিনত ভাৰতত ছবিখনে ১১.৫ কোটি টকা উপাৰ্জন কৰিছে । এতিয়া ছবিখন মুক্তিৰ ১২ দিনৰ অৰ্থাৎ দ্বিতীয় সোমবাৰৰ উপাৰ্জনৰ সংখ্যা পোহৰলৈ আহিছে ।

  • Sacknilk ৰ প্ৰতিবেদন অনুসৰি মুক্তিৰ দ্বিতীয় সোমবাৰে ‘ডাংকি’এ ৯.২৫ কোটি টকা আয় কৰে ।
  • ইয়াৰ লগে লগে ভাৰতত ১২ দিনত ‘ডাংকি’ৰ মুঠ উপাৰ্জন হৈছে ১৯৬.৯৭ কোটি টকা ।

বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে ‘ডাংকি’এ ?

১১ দিনত বিশ্বজুৰি ‘ডাংকি’ৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে শ্বেয়াৰ কৰা তথ্য অনুসৰি ‘ডাংকি’এ ৩৮০.৬০ কোটি টকা সংগ্ৰহ কৰিছে । এই ছবিখনে এতিয়া বিশ্বজুৰি ৪০০ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ দুৱাৰদলিত আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: নৱবৰ্ষ উপলক্ষে বক্স অফিচত কিমান উপাৰ্জন কৰিলে ছালাৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.