চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ : অজয় দেৱগণৰ বহু চৰ্চিত ছবি ‘দৃশ্যম 2’ৰ টিজাৰ মুকলি কৰা হৈছে (Drishyam 2 Teaser ) । 28 ছেপ্টেম্বৰত অজয় দেৱগণে ছবিখনৰ পোষ্টাৰ মুকলি কৰিছিল । অজয়ে মুক্তি দিয়া ছবিখনৰ পোষ্টাৰ অতি আকৰ্ষণীয় । অজয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ‘দৃশ্যম-2’ ছবিখনৰ পোষ্টাৰ মুকলি কৰি লিখিছে, "2 আৰু 3 অক্টোবৰত কি হৈছিল মনত আছেনে ? বিজয় ছালগাওকাৰৰ পুনৰবাৰ পৰিয়ালসহ প্ৰত্যাৱৰ্তন" ।
1.22 মিনিটৰ টিজাৰটোত ছবিখনৰ প্ৰথম অংশৰ আভাস দেখুওৱা হৈছে আৰু শেষত অজয় দেৱগণে কোৱা দেখা গৈছে যে এয়াই মোৰ স্বীকাৰোক্তি । অৱশ্যে অজয়ে কিহৰ স্বীকাৰোক্তি দিয়ে সেইয়া স্পষ্টকৈ ধৰিব পৰা ন’গল ।
অজয়ে শ্বেয়াৰ কৰা ছবিখনৰ পোষ্টাৰত তেওঁ পৰিয়ালৰ সৈতে থিয় হৈ আছে । অজয়ৰ হাতত বেলচা, অজয়ৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰা দক্ষিণ অভিনেত্ৰী শ্ৰিয়া চৰণে কান্ধত এটা বেগ ওলোমাই থিয় হৈ আছে । আনহাতে অজয়ৰ ডাঙৰ ছোৱালীজনীৰ হাতত এডাল লোহাৰ ৰড আৰু সৰু ছোৱালীজনীৰ হাতত এটা চিডি ড্ৰাইভ দেখা গৈছে (Drishyam 2 cast)। আটাইকেইজন স্বামী চিন্ময়ানন্দ জীৰ আশ্ৰম পাণ্ডেলৰ ফালে মুখ কৰি থিয় হৈ আছে । পোষ্টাৰখনৰ বাওঁফালে লিখা আছে ছবিখনৰ মুক্তিৰ তাৰিখ 18 নৱেম্বৰ 2022 (Drishyam 2 release date) ৷
- " class="align-text-top noRightClick twitterSection" data="">
এই ছবিখন অভিষেক পাঠকে পৰিচালনা কৰিছে । এই চলচ্চিত্ৰখনৰ শীৰ্ষ সংলাপ '2 অক্টোবৰত কি হৈছিল ?' অতিকে জনপ্ৰিয় ।
‘দৃশ্যম-2’ৰ উপৰি অজয় দেৱগণ ‘ভোলা’ আৰু ‘থেংক গড’ ছবিৰ বাবেও চৰ্চাত আছে । ভোলা দক্ষিণৰ ছবি কয়দীৰ অফিচিয়েল হিন্দী ৰিমেক বুলি জানিব পৰা গৈছে । একে সময়তে থেংক গড ছবিখন এখন ৰোমান্টিক কমেডী ছবি, য’ত অজয় দেৱগণে চিত্ৰগুপ্তৰ চৰিত্ৰত অভিনয় কৰিছে । থেংক গড ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সিদ্ধাৰ্থ মলহোত্ৰা আৰু ৰাকুল প্ৰীত সিঙে ।
লগতে পঢ়ক : জন্মদিনৰ পূৰ্বে উপহাৰ স্বৰূপ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ আগবঢ়োৱা হ'ব দাদাচাহেব ফাল্কে বঁটা