চিটাৰা ডেস্ক, ২৮ ডিচেম্বৰ: অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়কান্তৰ দেহাৱসান ৷ বৃহস্পতিবাৰে ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । জানিব পৰা মতে তেওঁৰ শৰীৰত কৰ’না পজিটিভ পোৱা গৈছিল । ইয়াৰ পিচতে উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাত চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল , য’ত তেওঁক ভেন্টিলেটৰত ৰখা হৈছিল । উল্লেখ্য যে, সংবাদ সংস্থা পিটিআইয়ে চিকিৎসালয়ৰ সূত্ৰৰ উদ্ধৃতি দি এই তথ্য প্ৰদান কৰিছে ।
জানিব পৰা মতে, ডিএমডিকেৰ মুৰব্বী বিজয়কান্তক চেন্নাইৰ এম আই অ’ টি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । এই হাস্পতালতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ পিচত চিকিৎসালয়ৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।
২০০৫ চনত গঠন হৈছিল ডি এম ডি কে
অভিনেতা বিজয়কান্তে ২০০৫ চনত দেশিয়া মুৰ্পক্কু দ্ৰাবিড় কড়গম পাৰ্টি গঠন কৰে । ২০১১ চনৰ পৰা ২০১৬ চনলৈ তামিলনাডুৰ মূল বিৰোধী দল আছিল ডি এম ডি কে আৰু বিধানসভাত বিজয়কান্ত আছিল বিৰোধী নেতা ।
২০০৬ চনত বিজয়কান্তৰ দল ডিএমডিকে তামিলনাডুৰ ২৩৪খন আসনতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । কিন্তু নিৰ্বাচনত কেৱল বিজয়কান্ত হে জয়ী হৈছিল । বাকী সকলো আসনতে তেওঁৰ দলৰ প্ৰাৰ্থীয়ে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । অৱশ্যে এই নিৰ্বাচনত তেওঁৰ দলটোৱে ৮.৩৮% ভোট লাভ কৰে ।
২০০৯ চনৰ লোকসভা নিৰ্বাচনতো একে পৰিস্থিতিৰ সৃষ্টি হৈছিল বিজয়কান্তৰ দল, দলটোৱে ৰাজ্যৰ ৪০খন লোকসভাৰ আসনৰ ভিতৰত ৩৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । এই দুয়োটা নিৰ্বাচনতে বিজয়কান্তৰ দলটোৱে কোনো দলৰ সৈতে মিত্ৰতা কৰা নাছিল ।
২০১১ চনত বিজয়কান্তৰ দলে ৪১খন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ২৯ খন আসনত জয়লাভ কৰিছিল । এই নিৰ্বাচনত জয়াললিতাৰ দল (এ আই এ ডি এম কে)ৰ পাচত ডি এম ডি কে দ্বিতীয় দল হিচাপে আত্মপ্ৰকাশ কৰে আৰু বিজয়কান্ত বিৰোধী নেতা ৰূপে পৰিগণিত হয় । কিন্তু ইয়াৰ পিচত ২০১৬ আৰু ২০২১ৰ বিধানসভা নিৰ্বাচনত তেওঁৰ দলটোৱে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল ।
একেদৰেই ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনতো ডিএমডিকে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ।
লগতে পঢ়ক: সন্দেহজনক অৱস্থাত উদ্ধাৰ অস্কাৰ বিজয়ী ছবি পেৰাচাইট খ্যাত অভিনেতা লি ছান-কিউনৰ মৃতদেহ