চিটাৰা ডেস্ক, 14 মাৰ্চ: চলচ্চিত্ৰ প্ৰেমীৰ বাবে সু-খবৰ ৷ আপুনি যদি ছবি চাই ভাল পাই তেতিয়া হ’লে এই খবৰ আপোনাৰ বাবে ৷ আনকি যদি আপুনি অভিনেতা অক্ষয় কুমাৰ, অজয় দেৱগণ, ছলমান খান আৰু কাৰ্তিক আৰিয়ানৰ কোনোবা এজনৰ অনুৰাগী, তেন্তে এই খবৰটো নিশ্চিতকৈ আপোনাৰ বাবে । ২০২৪ চনৰ দীপাৱলীত বক্স অফিচত বিস্ফোৰণ ঘটাব এই চাৰি তাৰকাই । হয়, ২০২৪ চনৰ দীপাৱলীত এই চাৰি তাৰকাৰ ছবি একেলগে মুক্তি লাভ কৰিব ছবিগৃহত ।
প্ৰেমৰ বিবাহ (Prem Ki Shaadi)

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি ছলমান খানৰ আহিবলগীয়া ছবি হৈছে ‘প্ৰেম কি শ্বাদি’ । এই ছবিখন ছুৰাজ বৰজাত্যৰ পৰিচালনাত নিৰ্মাণ কৰা হ’ব বুলি জানিব পৰা গৈছে । ছবিখন ২০২৪ চনৰ দীপাৱলী উপলক্ষে মুক্তি লাভ কৰিব । ছুৰাজ আৰু ছলমানৰ যুটিয়ে হাম আপকে হে কৌন, মেনে প্যাৰ কিয়া আৰু হম সাথ সাথ হে কে ধৰি বহুকেইখন হিট ছবি দৰ্শকক উপহাৰ দিছিল ।
সিংঘম ৩ (SINGHAM AGAIN)

একচন পৰিচালক ৰোহিত শ্বেট্টীৰ কপ ইউনিভাৰ্ছ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । ৰোহিত শ্বেট্টীয়ে বৰ্তমান অজয় দেৱগণৰ সৈতে সিংঘম ৩ ৰ বাবে প্ৰস্তুতি চলাই আছে । ৰোহিত আৰু অজয়ৰ যুটি বক্স অফিচত প্ৰায়ে হিট হোৱা দেখা যায় । সিংঘমৰ তৃতীয় ভাগ ২০২৪ চনৰ দীপাৱলীত মুকলি হ’ব । জানিব পৰা মতে এই ছবিখনত অজয়ৰ বিপৰীতে দীপিকা পাডুকনক দেখা যাব ।
হেৰা ফেৰী 3 (HERA PHERI 3)

শেহতীয়াকৈ কমেডি ছবি হেৰা ফেৰী 3 শ্বুটিং চলি থকাৰ খবৰ লাভ কৰাৰ পাচতে ছবি প্ৰেমীসকলে অতি আগ্ৰহেৰে ছবিখনৰ বাবে অপেক্ষা কৰি আছে ৷ ফৰহাদ চামজীৰ পৰিচালনাত শ্বুটিং হ’বলগীয়া হেৰা-ফেৰী 3 ছবিখনো ২০২৪ চনৰ দীপাৱলীত মুক্তি লাভ কৰিব ৷ পুনৰ এবাৰ হিন্দী ছবিৰ আইকনিক অক্ষয় কুমাৰ, সুনীল শেট্টী আৰু পৰেশ ৰাৱালক একেলগে ৰূপালী পৰ্দাত দেখা পাব দৰ্শকে ৷
ৰুহ বাবা (BHOOL BHULAIYAA 3)

আচলতে আমি ক’বলৈছো কাৰ্তিক আৰিয়ানৰ অভিনীত ছবি ভুল ভুলীয়াৰ তৃতীয় খণ্ডৰ কথা ৷ ইতিমধ্য়েই ছবিখনৰ টিজাৰ মুকলি কৰা হৈছে । ভুল ভুলীয়া 3 ছবিখনো ২০২৪ চনৰ দীপাৱলীত মুক্তি লাভ কৰিব ।
লগতে পঢ়ক: Naatu Naatu singers: ৰিহানাক লগ পাই উৎফুল্লিত নাটু নাটু গীতটিৰ কণ্ঠশিল্পী কালা ৰাহুল