ETV Bharat / entertainment

Aamir Raza Hussain Death: জনপ্ৰিয় অভিনেতা-পৰিচালক তথা নাট্যশিল্পী আমিৰ ৰাজা হুছেইন আৰু নাই - আমিৰ ৰাজা হুছেইন

জনপ্ৰিয় অভিনেতা, নাট্যশিল্পী আমিৰ ৰাজা হুছেইনৰ দেহাৱসান । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ (Aamir Raza Hussain Passed Away)।

Director actor Aamir Raza Hussain said goodbye to the world
আমিৰ ৰাজা হুছেইনৰ দেহাৱসান
author img

By

Published : Jun 4, 2023, 1:35 PM IST

চিটাৰা ডেস্ক, 4 মে’: ভাৰতীয় চলচ্চিত্ৰ জগতৰ বাবে পুনৰ এক অপূৰণীয় ক্ষতি (Aamir Raza Hussain death news) ৷ এইবৰ্ষত বহু জনপ্ৰিয় অভিনেতা-পৰিচালকৰ মৃত্যু হৈছে ৷ এতিয়া এই তালিকাত নাম সন্নিৱিষ্ট হৈছে আন এগৰাকী জনপ্ৰিয় অভিনেতা-পৰিচালক তথা শিল্পীৰ ৷ হয়, আমি কৈছো আমিৰ ৰাজা হুছেইনৰ কথা ৷ ৩ জুন অৰ্থাৎ শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে আমিৰ ৰাজা হুছেইনে ।

দিল্লীৰ নিজা বাসগৃহত মৃত্যু হয় আমিৰ ৰাজা হুছেইনৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ (Aamir Raza Hussain Death)। আমিৰৰ মৃত্যুৰ খবৰত স্তম্ভিত হৈ পৰিছে অনুৰাগীসকল (Theatre director Aamir Raza passes away) । ইহসংসাৰত পত্নী বিৰাট তালৱাৰ আৰু দুই পুত্ৰক এৰি থৈ গৈছে ।

কোন আছিল আমিৰ ৰাজা হুছেইন ?

১৯৫৭ চনৰ ৬ জানুৱাৰীত এটা অভিজাত আৱাধি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল হুছেইনে (Aamir Raza Hussain news)। মাতৃ-পিতৃৰ বিবাহ বিচ্ছেদ হৈছিল । সেয়াহে হুছেইনক মাতৃয়ে ডাঙৰ-দীঘল কৰিছিল । হুছেইনে আজমেৰৰ মেয়ো কলেজত স্কুলীয়া শিক্ষা সমাপ্ত কৰি ছেইণ্ট ষ্টিফেনছ কলেজত ইতিহাস অধ্যয়ন কৰে, য’ত জয় মাইকেল, বেৰী জন আৰু মাৰ্কাছ মাৰ্চৰ দৰে ষ্টালৱাৰৰ পৰিচালনাত কেইবাখনো কলেজীয়া নাটকত অভিনয় কৰে ।

হুছেইনে ভাৰতক এক মেগা থিয়েটাৰ প্ৰডাকচনৰ অভিজ্ঞতা প্ৰদান কৰিছিল

উল্লেখ্য যে ‘বাহুবলী’, ‘আৰ আৰ আৰ’ আৰু এতিয়া আগন্তুক ‘আদিপুৰুষ’ৰ দৰে ডাঙৰ ডাঙৰ ছবিৰ আগতেও আমিৰ ৰাজা হুছেইনৰ সৃষ্টিশীল শক্তিয়ে ভাৰতক ‘দ্য ফিফটি ডেড ৱাৰ’ৰ জৰিয়তে এক মেগা থিয়েটাৰ প্ৰডাকচনৰ অভিজ্ঞতা লাভ কৰাইছিল (Aamir Raza Hussain production)। হুছেইনে ‘পঞ্চাশ দিনীয়া যুদ্ধ’ত কাৰ্গিলৰ কাহিনী এনেদৰে কৈছিল যে আজিলৈকে কোনেও শুনা নাই । ইয়াৰ উপৰিও তেওঁ মঞ্চত উপস্থাপন কৰে জিছুচ খ্ৰীষ্ট-ছুপাৰষ্টাৰ আৰু দ্য লিজেণ্ড অৱ ৰাম (Aamir Raza Hussain Passed Away)।

এই ছবিবোৰত অভিনয় কৰিছিল হুছেইনে

হুছেইনে দুখন ছবিত অভিনয় কৰিছিল পিটাৰ অ'টুলে অভিনীত ৰুডিয়াৰ্ড কিপলিঙৰ উপন্যাসৰ আধাৰত নিৰ্মিত ছবি কিম (১৯৮৪) আৰু সোণম কাপুৰ আৰু ফাৱাদৰ অভিনীত শশংকা ঘোষৰ ৰোমান্টিক কমেডী নাটক খুবছুৰাতত (২০১৪) অভিনয় কৰিছিল।

লগতে পঢ়ক: Nitesh Pandey passes away : ‘অনুপমা’ খ্যাত অভিনেতা নীতিশ পাণ্ডেৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.