ETV Bharat / entertainment

Dipika Chikhlia: ৰামায়ণ মনোৰঞ্জনৰ বাবে নহয় ই আমাৰ সংস্কৃতি- ৰামায়ণৰ সীতা দীপিকা চিখলিয়া

author img

By

Published : Jun 21, 2023, 9:32 PM IST

প্ৰভাসৰ ছবি ‘আদিপুৰুষ’ক লৈ সৃষ্টি হৈছে ব্যাপক বিতৰ্ক । এনে পৰিস্থিতিত ৰামায়ণ ধাৰাবাহিকত সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চিখলিয়াই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Dipika Chikhlia shares her view on Adipurush controversy
দীপিকা চিখলিয়াই কি ক’লে আদিপুৰুষ সন্দৰ্ভত

চিটাৰা ডেস্ক, 21 জুন: ৰামানন্দ সাগৰৰ ৰামায়ণ ধাৰাবাহিকত সীতাৰ চৰিত্ৰত অভিনয় কৰি লাখ লাখ অনুৰাগীৰ হৃদয়ত স্থান বনোৱা দীপিকা চিখলিয়াই শেহতীয়াকৈ ওম ৰাউটৰ ছবি আদিপুৰুষক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । এক সাক্ষাৎকাৰত দীপিকা চিখলিয়াই প্ৰভাস আৰু কৃতি সেননৰ ছবি আদিপুৰুষৰ সন্দৰ্ভত কয় যে যদি কোনোবাই হিন্দু মহাকাব্যৰ লগত ল’ৰা ধেমালি খেলে তেন্তে তেওঁ সমালোচনাৰ সন্মুখীন হ’বই লাগিব ।

দীপিকাই লগতে কয় যে হিন্দু মহাকাব্যখন মনোৰঞ্জনৰ বাবে নহয় । ছবি আৰু ধাৰাবাহিক নিৰ্মাতাসকলে কেইবছৰমানৰ মূৰে মূৰে সেইবোৰৰ ওপৰত নতুন ধাৰাবাহিক বা ছবি নিৰ্মাণৰ পৰা বিৰত থাকিব লাগে । অৱশ্যে অভিনেত্ৰীগৰাকীয়ে বৰ্তমানলৈকে আদিপুৰুষ ছবিখন দেখা নাই, কিন্তু ছবিখনে লাভ কৰা সমালোচনাৰ পিচতেই তেওঁ প্ৰতিক্ৰিয়াই ব্যক্ত কৰে ৷

ৰামায়ণত সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চিখলিয়াই সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত কয় যে, ‘প্ৰতি বছৰে ৰামায়ণৰ কাহিনী টিভি আৰু ছবিত দেখুওৱা হয়, কিন্তু এইবোৰত এনেকুৱা কিবা দেখুৱা হয় যাৰ বাবে মানুহৰ অনুভৱত আঘাত লাভ কৰে ৷ কাৰণ আমাৰ ৰামায়ণৰ দৰে পুনৰ ৰামায়ণ তৈয়াৰ কৰিব নোৱাৰে তেওঁলোকে ৷’

অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে ‘মই ইয়াতকৈও বেয়া অনুভৱ কৰিছো যে কিয় ৰামায়ণ ১-২ বছৰৰ মূৰে মূৰে বনোৱা হয়, সেয়া কোনো মনোৰঞ্জন নহয়, কিন্তু আমাৰ সংস্কৃতি । এইখন এনেকুৱা মহাকাব্য যে আপুনি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগুৱাই লৈ যায় ।

যদিও দীপিকাই স্পষ্টকৈ কৈছিল যে তেওঁ এতিয়াও আদিপুৰুষ ছবিখন দেখা নাই । কেৱল ছবিখনৰ সমালোচনাৰ ভিত্তিতহে তেওঁ এই কথা কৈছে। অভিনেত্ৰীগৰাকীয়ে কয় যে যেতিয়া তেওঁ ছবিখন চাব তেতিয়া তেওঁ এই বিষয়ত নিজৰ মতামত ভালদৰে প্ৰকাশ কৰিবলৈ সক্ষম হ’ব ।

ৰামানন্দ সাগৰৰ ৰামায়ণৰ কথা কওঁতে দীপিকা চিখলিয়াই কয় যে ১৯৮৭ চনত দূৰদৰ্শনত যি ৰামায়ণ প্ৰদৰ্শিত হৈছিল সেয়া কেতিয়াও ধন উপাৰ্জনৰ লক্ষ্য নাছিল । মানুহে বুজিব লাগিব যে ৰামায়ণ আপুনি পূজা কৰা বস্তু, আপুনি ভগৱান ৰাম আৰু হনুমানক পূজা কৰে ।’

লগতে পঢ়ক: Dipika Chikhlia: ৩৫ বছৰ পিচত পুনৰ সীতাৰ দেৱীৰ ৰূপত দীপিকা চিখলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.