ETV Bharat / entertainment

Dilip Kumar Sister Saeeda Died: দীৰ্ঘদিন ধৰি অসুস্থ হৈ অৱশেষত মৃত্যুক আকোৱালি ল’লে দিলীপ কুমাৰৰ ভগ্নী ছাইদা খানে - দিলীপ কুমাৰৰ ভগ্নী ছাইদা খানে

চলচ্চিত্ৰ নিৰ্মাতা ইকবাল খানৰ পত্নী তথা দিলীপ কুমাৰৰ ভগ্নী ছাইদা আৰু নাই । মেহবুব ষ্টুডিঅ’ৰ ট্ৰাষ্টী আছিল ইকবাল, ২০১৮ চনত ইহলীলা সম্বৰণ কৰিছিল ইকবালে ।

Dilip Kumar's sister Saeeda Iqbal Khan passes away after a prolonged illness
দিলীপ কুমাৰৰ ভগ্নী ছাইদা আৰু নাই
author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:10 PM IST

চিটাৰা ডেস্ক, ২৬ ছেপ্টেম্বৰ: দুবছৰ পূৰ্বে এই পৃথিৱীৰ পৰা বিদায় লৈছিল হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা দিলীপ কুমাৰে ৷ এতিয়া ভাতৃৰ মৃত্যুৰ পিচত ভগ্নীও তেওঁৰ পিচে পিচে গতি কৰিল অজান দেশলৈ ৷ হয়, দিলীপ কুমাৰৰ ভগ্নী ছাইদা আৰু নাই ৷ চলচ্চিত্ৰ নিৰ্মাতা মেহবুব খানৰ পুত্ৰ ইকবাল খানৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা দিলীপ কুমাৰৰ ভগ্নী ছাইদাৰ দেহাৱসান । মেহবুব খানে মাদাৰ ইণ্ডিয়া আৰু আন্দাজৰ দৰে ছবি পৰিচালনা কৰিছিল ।

ছাইদাৰ স্বামী ইকবাল আছিল মেহবুব ষ্টুডিঅ’ৰ ট্ৰাষ্টী আৰু এজন জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা । অৱশ্যে পৰিয়ালটোৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, ২০১৮ চনত তেওঁৰো মৃত্যু হৈছিল, তাৰ পিচত ছাইদাৰ কন্যা ইলহাম আৰু পুত্ৰ ছাকিবে ছাইদাৰ যত্ন লৈছিল । তেওঁৰ পুত্ৰ ছাকিবো তেওঁৰ পিতৃৰ দৰেই এজন ছবি নিৰ্মাতা । তেওঁৰ কন্যা ইলহাম এগৰাকী লেখিকা ।

বৌয়েক ছাইৰাই নিদিলে কোনো প্ৰতিক্ৰিয়া

জানিব পৰা মতে দিলীপ কুমাৰৰ ভগ্নী ছাইদা দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি অৱশেষত মৃত্যুক আকোঁৱালি লয় ৷ ছাইদা তেওঁৰ ভাতৃ দিলীপৰ অতি ঘনিষ্ঠ আছিল । আনহাতে, এতিয়ালৈকে ছাইদাৰ মৃত্যুত ছাইদাৰ বৌয়েক অৰ্থাৎ দিলীপ কুমাৰৰ পত্নী ছাইৰা বানুয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। ছ’চিয়েল মিডিয়াত প্ৰায়ে পুৰণি ছবি পোষ্ট কৰে যদিও ননদ ছাইদাৰ মৃত্যুৰ কোনো পোষ্ট শ্বেয়াৰ কৰা নাই ছাইৰাই ।

ছাইদাই ১০ লাখ টকা আগবঢ়াইছিল

ছাইদা আছিল অতি কোমল হৃদয়ৰ মানুহ। এটা পুৰণি প্ৰতিবেদন অনুসৰি ২০১৪ চনত তেওঁৰ ভায়েক শৌকত খানে মেহবুব ষ্টুডিঅ’ৰ শ্ৰমিকসকলৰ কল্যাণৰ বাবে ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজক ১০ লাখ টকাৰ চেক দিছিল। এই সময়ত ফেডাৰেচনৰ ট্ৰাষ্টী তথা চলচ্চিত্ৰ নিৰ্মাতা সাজিদ নাদিয়াদৱালাও উপস্থিত আছিল ৷

লগতে পঢ়ক: Vijay Antony Statement After Meera Demise: কন্যাৰ আত্মহত্য়াক লৈ আৱেগিক পোষ্ট তামিল অভিনেতা বিজয় এণ্টনীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.