ETV Bharat / entertainment

Dil Ka Telephone 2.0 Song OUT : নতুন সুৰৰে মুকলি হ’ল ড্ৰিম গাৰ্ল ২ প্ৰথমটি গীত 'দিল কা টেলিফোন ২.০', চাওক ভিডিঅ’

author img

By

Published : Aug 10, 2023, 6:08 PM IST

মুক্তি পালে ড্ৰিম গাৰ্ল ২ ছবিখনৰ প্ৰথমটো গীত দিল কা টেলিফোন ২.০। আয়ুষ্মান খুৰানা আৰু অনন্যা পাণ্ডেৰ কেমেষ্ট্ৰী এই গীতটিত দেখা পোৱা গৈছে।

Dil Ka Telephone 2.0 released, Ayushmann Khurrana, Ananya Panday's Dream Girl 2's first track
দিল কা টেলিফোন ২.০ মুক্তি

চিটাৰা ডেস্ক, 10 আগষ্ট: আয়ুষ্মান খুৰানাৰ ছবি ড্ৰিম গাৰ্ল ২ ৰ ট্ৰেইলাৰ মুক্তিৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এতিয়া বৃহস্পতিবাৰে মুক্তি পালে ছবিখনৰ প্ৰথমটো গীত 'দিল কা টেলিফোন ২.০', যিটো গীতচ পূজা অৰ্থাৎ আয়ুষ্মান খুৰানাৰ হাস্যৰসিকতা দেখিবলৈ পোৱা যায় ৷ গীতটোত অভিনেতা গৰাকীৰ বহু ভিন্ন অৱতাৰ দেখা গৈছে ।

ড্ৰিম গাৰ্লৰ প্ৰথম খণ্ড মুক্তি পোৱাৰ লগে লগে ভাইৰেল হৈ পৰিছিল ‘দিল কা টেলিফোন’ গীতটি । এতিয়া এই গীতটি নতুন সংস্কৰণৰ সৈতে পুনৰ মুক্তি হৈছে ৷ ‘দিল কা টেলিফোন ২.০' পূৰ্বতকৈ অধিক আকৰ্ষণীয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

গীতটো ৰচনা কৰিছিল মীত ব্রাদার্ছে

ড্ৰিম গাৰ্ল ২ ত পুনৰ শুনিবলৈ পোৱা গৈছে দিল কা টেলিফোন গীতটি । গীতটোৰ পুৰণি সংস্কৰণটো অনুৰাগীয়ে অতিকৈয়ে পছন্দ কৰিছিল ৷ এতিয়া ‘দিল কা টেলিফোন’ একেটা পুৰণি বিটক নতুন টুইষ্টেৰে পুনৰ সৃষ্টি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে । ‘দিল কা টেলিফোন ২.০’ৰ ৰচনা কৰিছে মীত ব্ৰাদাৰ্ছে । আনহাতে, জনিতা গান্ধী আৰু জুবিন নৌটিয়ালৰ যুটিয়ে গীতটো কণ্ঠদান কৰিছে, আনহাতে গীতৰ কথা ৰচনা কৰিছে কুমাৰে ।

ছবিখনৰ ষ্টাৰকাষ্ট

ড্ৰিম গাৰ্ল ২ ত আয়ুষ্মান খুৰানাৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে অনন্যা পাণ্ডেই। তেওঁৰ সৈতে ছবিখনত যোগ দিছে আৰু বহু প্ৰতিভাৱান অভিনেতাৰ তাৰকাই । ইয়াৰ ভিতৰত অভিষেক বেনাৰ্জী, পৰেশ ৰাৱাল, বিজয় ৰাজ, মনজোত সিং, ৰাজপাল যাদৱ, সীমা পাহোৱা, মনোজ যোশী, অনু কাপুৰ আৰু আছৰাণীৰ দৰে তাৰকাও আছে ।

কেতিয়া মুক্তি পাব ছবিখন ?

ড্ৰিম গাৰ্ল ২ ৰ পৰিচালনা কৰিছে ৰাজ শাণ্ডিল্যই । একে সময়তে একতা কাপুৰ আৰু শোভা কাপুৰৰ প্ৰডাকচন হাউচ বালাজী ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ড্ৰিম গাৰ্ল ২ । ২০২৩ চনৰ ২৫ আগষ্টত ছবিখন ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: Dream Girl 2 Teaser Out: আয়ুষ্মান খুৰানাৰ ড্ৰিম গাৰ্ল ২ ৰ টিজাৰ মুকলি, ৰঙা শাৰীত আহি গ’ল পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.