ETV Bharat / entertainment

WATCH: দীপাৱলী পাৰ্টিত ঐশ্বৰ্য ৰায়ক সাৱটি ধৰিলে নেকি ছলমান খানে ? ভাইৰেল পৰিল ভিডিঅ’ - ঐশ্বৰ্য ৰায়ক সাৱটি ধৰিছিল নেকি ছলমানে

মনীষ মালহোত্ৰাৰ দীপাৱলী পাৰ্টিত প্ৰাক্তন প্ৰেমিকা ঐশ্বৰ্য ৰায়ক সাৱটি ধৰিছিল নেকি ছলমান খানে ? ভাইৰেল হৈ পৰিল ভিডিঅ’ আৰু ফটো ৷ জানক ইয়াৰ আঁৰৰ সত্যাসত্যতা ৷

Did Salman khan hug Aishwarya Rai in this viral video in Manish Malhotra Diwali Bash? Here's the truth
প্ৰাক্তন প্ৰেমিকা ঐশ্বৰ্য ৰায়ক সাৱটি ধৰিছিল নেকি ছলমান খানে
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 11:17 AM IST

চিটাৰা ডেস্ক, 8 নৱেম্বৰ: দীপাৱলী উৎসৱক লৈ বি-টাউনত দেখা গৈছে ব্যাপক উচাহ ৷ শেহতীয়াকৈ বলীউডৰ চেলিব্ৰিটিৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মণীষ মালহোত্ৰাই তাৰকাসকলৰ বাবে এক গ্ৰেণ্ড দীপাৱলী পাৰ্টিৰ আয়োজন কৰিছিল । মণীষ মালহোত্ৰাৰ দীপাৱলী পাৰ্টিত বলীউডৰ সকলো তাৰকাৰ লগতে উপস্থিত আছিল বলীউডৰ প্ৰাক্তন প্ৰেমিক-প্ৰেমিকা ছলমান খান আৰু ঐশ্বৰ্য ৰায় বচ্চন । কিন্তু এই পাৰ্টিৰ পৰাই শেহতীয়াকৈ ছলমান খানৰ কিছু ফটো প্ৰকাশ পাইছিল আৰু সেই ফটোসমূহৰ বিষয়ে কোৱা হৈছিল যে ভাইজানে ঐশ্বৰ্যক সাৱটি ধৰিছিল । একে সময়তে ইয়াৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল । এতিয়া প্ৰশ্ন হয় সঁচাকৈয়ে ঐশ্বৰ্যক সাৱটি ধৰিছিল নেকি ছলমানে ? ইয়াৰ আঁৰৰ সত্যতা কি জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ।

এই দীপাৱলী পাৰ্টিত ৰঙা ৰঙৰ শ্বাৰাৰা চেট পৰিধান কৰি উপস্থিত হৈছিল ঐশ্বৰ্য ৰায় । একে সময়তে ভাইৰেল হোৱা ফটোসমূহত ছলমান খানক সাৱটি ধৰা যুৱতীগৰাকীয়েও পৰিধান কৰিছিল ৰঙা ৰঙৰ চুট । এই ফটোখন ভাইৰেল হোৱাৰ পিচতে ছলমান খানৰ অনুৰাগীয়ে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল যে ‘হম দিল দে চুকে সনম ২’ নিৰ্মাণ হ’ব নেকি ? একে সময়তে ভাইজানৰ বহু অনুৰাগীয়ে প্ৰশ্ন কৰিছিল যে ভাইজানে ঐশ্বৰ্যৰ মাজত সকলো ঠিক হৈছে নেকি ? এক প্ৰকাৰে এই ফটোকেইখনে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছিল ।

ইয়াৰ আঁৰৰ প্ৰকৃত সত্য কি ?

উল্লেখ্য যে, অভিনেতা আদিত্য পাঞ্চোলিৰ পৰিয়ালো এই দীপাৱলী পাৰ্টিত অংশ লৈছিল । ভগ্নী ছানা পাঞ্চোলি আৰু মাতৃৰ সৈতে পাৰ্টিত উপস্থিত হৈছিল সূৰজ পাঞ্চোলি । আচলতে ঐশ্বৰ্য ৰায়ৰ সাজ-পোছাকৰ সৈতে মিল থকা সানা পাঞ্চোলিয়ে ছলমান খানক সাৱটি ধৰিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, ছলমান খান আৰু ঐশ্বৰ্য ৰায়ক বহু বলীউডৰ পাৰ্টিত অংশগ্ৰহণ কৰা দেখা গৈছে, কিন্তু দুয়োগৰাকীয়ে কেতিয়াও ইগৰাকীয়ে সিগৰাকীৰ সৈতে কথা পতা দেখা নাযায় ।

Did Salman khan hug Aishwarya Rai in this viral video in Manish Malhotra Diwali Bash? Here's the truth
দীপাৱলী পাৰ্টিত আদিত্য পাঞ্চোলিৰ পৰিয়াল

লগতে পঢ়ক: Tiger 3 Song Ruaan: অৰিজিতৰ কণ্ঠত মুকলি হ’ল ‘টাইগাৰ ৩’ৰ ৰোমান্টিক গীত ‘ৰুৱান’, চাওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.