ETV Bharat / entertainment

Nana Patekar on slapping fan: অনুৰাগীক চৰ মৰা সন্দৰ্ভত স্পষ্টীকৰণ নানা পাটেকাৰৰ

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 11:46 AM IST

শেহতীয়াকৈ নানা পাটেকাৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল, য’ত এজন অনুৰাগীয়ে তেওঁৰ সৈতে চেলফি ল’বলৈ চেষ্টা কৰিছিল আৰু অভিনেতাজনে তেওঁক চৰ মাৰি দিয়ে । এতিয়া এই ঘটনাৰ সন্দৰ্ভত অভিনেতাগৰাকীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Did Nana Patekar really slap a fan? Nana Patekar reacts on this video
অনুৰাগীক চৰ মৰা সন্দৰ্ভত স্পষ্টীকৰণ নানা পাটেকাৰৰ

চিটাৰা ডেস্ক, 16 নৱেম্বৰ: বলীউডৰ অভিনেতা নানা পাটেকাৰে বৰ্তমান বাৰাণসীত তেওঁৰ আগন্তুক ছবি ‘জাৰ্নি’ৰ শ্বুটিং কৰি আছে । এই ছবিখনৰ শ্বুটিঙৰ সময়ৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ‘জাৰ্নি’ৰ শ্বুটিঙৰ সময়ত এজন অনুৰাগীয়ে নানাৰ সৈতে চেলফি ল’বলৈ চেষ্টা কৰিছিল ৷ ইয়াৰ পিচতে নানা পাটেকাৰে অনুৰাগীজনক পূৰ্ণহতীয়া চৰ সোধায় আৰু এই ভিডিঅ’টো অতি দ্ৰুতগতিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ এতিয়া এই ঘটনাক লৈ অভিনেতাগৰাকীয়ে নিজৰ মৌনতা ভংগ কৰি স্পষ্টীকৰণ দিছে ।

নানা পাটেকাৰে কয় যে সমগ্ৰ ঘটনাটো তেওঁৰ জাৰ্নী ছবিখনৰ এটা দৃশ্যৰ অংশ আছিল, য’ত এজন মানুহে তেওঁক সুধিছিল ‘হে বুঢ়া মানুহ, টুপি বিক্ৰী কৰিবি নেকি ?’ এই কথাত টুপী পৰিধান কৰি থকা নানাই লোকজনক চৰ মাৰি তাৰ পৰা খেদি পঠিয়াই দিয়ে ।

  • The video which is circulating on social media has been misinterpreted by many. What actually happened was a misunderstanding during the rehearsal of a shot from my upcoming film 'Journey'. pic.twitter.com/UwNClACGVG

    — Nana Patekar (@nanagpatekar) November 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

নানা পাটেকাৰে দিলে স্পষ্টীকৰণ

নানা পাটেকাৰে এটা ভিডিঅ’যোগে এই ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- যেতিয়া এই ঘটনা সংঘটিত হৈছিল তেতিয়া একে দৃশ্যৰ আখৰা চলি আছিল আৰু তাৰ পিচত তেওঁৰ ওচৰলৈ এজন অচিনাকি ব্যক্তি আহিছিল, যাক নানাই শ্বুটিঙৰ সৈতে জড়িত ব্যক্তি বুলি ভাবিছিল ৷ সেয়া লোকজনক চৰ মাৰি সেই স্থানৰ পৰ খেদি পঠিয়াই দিয়ে ৷ কিন্তু তাৰ পিচত কোনোবাই এই ঘটনাৰ এটা ভিডিঅ বনাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দিয়ে আৰু মুহূৰ্ততে ভাইৰেল হৈ পৰে ভিডিঅ’টো ৷

নানাই লগতে কয়- মই যেতিয়া নিজৰ ভুলটো উপলব্ধি কৰিব পাৰিছিলো তেতিয়া লগে লগে মই আৰু শ্বুটিং ক্ৰুৱে সেই ব্যক্তিজনক বিচাৰিবলৈ আৰম্ভ কৰিছিলো কিন্তু তেতিয়ালৈকে ল’ৰাটো তাৰ পৰাই গুচি গ’ল । কেতিয়াও এনে আচৰণ নকৰো মই, কাৰো ওপৰত হাত নুঠাও আৰু মানুহক বহুত মৰম কৰো ।

ক্ষমা বিচাৰিলে নানা পাটেকাৰে

নানা পাটেকাৰে কয় - মই অজানিতে কৰা ভুলৰ বাবে ক্ষমা বিচাৰিছো । যদি কোনোৱাই সেই ব্যক্তিজনক পায়, তেন্তে তেওঁৰ ওচৰতো মই ক্ষমা খুজিবলৈ সাজু ।

নানাই কয় যে বাৰাণসী ঘাটত জনসমাগম হোৱাৰ পাচতো শ্বুটিঙৰ সময়ত তেওঁ বহু লোকৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰি আছে আৰু স্থানীয় ৰাইজৰ পৰা তেওঁৰ কোনো ধৰণৰ অভিযোগ নাই ।

লগতে পঢ়ক: Nana Patekar Slaps Fan: অনুৰাগীক পূৰ্ণহতীয়া চৰ সোধালে নানা পাটেকাৰে, কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.