ETV Bharat / entertainment

Illaiyaraaja Biopic: কিংবদন্তি সংগীতজ্ঞ ইল্লিয়াৰাজাৰ বায়’পিকত দেখা যাব এইগৰাকী ছুপাৰষ্টাৰক

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 3:04 PM IST

দক্ষিণৰ তাৰকা ধনুষক প্ৰথমবাৰৰ বাবে বায়’পিকত দেখা যাব । কিংবদন্তি সংগীতজ্ঞ ইল্লিয়াৰাজাৰ বায়’পিকত দেখা যাব ধনুষক । ছবিখনৰ শ্বুটিং কেতিয়া আৰম্ভ হ’ব জানি লওক এই প্ৰতিবেদনত ।

Dhanush to play the lead in the biopic of legendary music maestro Isaignani Illaiyaraaja , deets inside
ইল্লিয়াৰাজাৰ বায়’পিকত দেখা যাব ধনুষক

চিটাৰা ডেস্ক, 31 অক্টোবৰ: টলীউডৰ লগতে বলীউডতো নিজৰ অভিনয়ৰ দক্ষতা প্ৰমাণ কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ ধনুষে । ধনুষে বহু হিন্দী ছবিত অভিনয়েৰে হিন্দী বেল্টত দৰ্শকৰো হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । এতিয়া শীঘ্ৰেই প্যান ইণ্ডিয়া ফিল্ম ষ্টাৰ হ’বলৈ গৈ আছে ধনুষ । ধনুষৰ অনুৰাগীৰ বাবে আহি আছে ডাঙৰ ভাল খবৰ । দৰাচলতে ৰাষ্ট্ৰীয় বঁটা বিজয়ী সংগীতজ্ঞ, সুৰকাৰ, বাদ্যযন্ত্ৰী, অৰ্কেষ্ট্ৰেটৰ, গীতিকাৰ আৰু গায়ক ইছাইগনানী ইল্লিয়াৰাজাৰ বায়’পিকত দেখা যাব ধনুষক ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইল্লিয়াৰাজাৰ বায়’পিকখন হৈছে প্যান ইণ্ডিয়া প্ৰজেক্ট । জানিব পৰা মতে অহা বছৰ ২০২৪ চনত এই ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ছবিখন প্ৰযোজনা কৰিব চাউথ ষ্টাৰ মোহনলালৰ ছবি বৃষভ প্ৰযোজনা কৰা Connekkt Media ই ।

শেহতীয়াকৈ য়ুৱন শংকৰ ৰাজাই কৈছিল যে তেওঁ ধনুষক তেওঁৰ পিতৃ ইল্লিয়াৰাজাৰ বায়’পিকত চাব বিচাৰে । ইফালে এই ছবিখনেই হ’ব ধনুষৰ প্ৰথম ছবি, য’ত তেওঁ কোনো বায়’পিকত কাম কৰিব । এইখিনিতে উল্লেখ কৰিব লাগিব যে ধনুষ ইল্লিয়াৰাজাৰ এজন ডাঙৰ অনুৰাগী আৰু গতিকে এই ছবিখনত ইল্লিয়াৰাজাৰ চৰিত্ৰত অভিনয় কৰাটো ধনুষৰ বাবে সপোন পূৰণ হোৱাৰ দৰে হ’ব । কিন্তু, এতিয়ালৈকে এই খবৰৰ ওপৰত নিৰ্মাতাই কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই ।

ইল্লিয়াৰাজাৰ বিষয়ে

৮০ বছৰীয়া ইল্লিয়াৰাজাৰ সংগীত জীৱনত ১০০০ খন ছবিৰ বাবে ৭ হাজাৰ গীত ৰচনা কৰাৰ লগতে ২০ হাজাৰৰো অধিক কনচাৰ্টত সংগীত পৰিৱেশন কৰিছে । ১৯৭৬ চনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰা এইগৰাকী প্ৰবীণ সংগীতজ্ঞই কেৱল তামিলৰ বাবেই নহয়, তেলুগু, মালয়ালম, কানাড়া আৰু হিন্দী ছবিৰ বাবেও গীত ৰচনা কৰিছে । আনকি ইংৰাজী ছবি এখনৰ বাবেও তেওঁ গীত ৰচনা কৰিছিল । ২০১০ চনত তেওঁক পদ্ম ভূষণ আৰু ভাৰতৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্ম বিভূষণ (২০১৮) বঁটাৰে সন্মানিত কৰা হয় । ইল্লিয়াই পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে, ইয়াৰে তেওঁ সংগীত পৰিচালনাৰ বাবে তিনিটা আৰু বেকগ্ৰাউণ্ড স্ক’ৰৰ বাবে দুটা বঁটা লাভ কৰিছে । ৰয়েল ফিলহাৰমনিক অৰ্কেষ্ট্ৰাই (লণ্ডন)য়ে তেওঁক 'Maestro' উপাধি প্ৰদান কৰিছে ।

লগতে পঢ়ক: Dunki Teaser Release date: এই বিশেষ দিনটোত মুক্তি পাব শ্বাহৰুখৰ ডাংকিৰ টিজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.