ETV Bharat / entertainment

Dhaakad trailer: ধাকাড়ৰ ট্ৰেইলাত কংগনাৰ অন্য এক অৱতাৰ

বিধ্বংসী ৰূপত দেখা গ’ল কংগনা ৰানাৱট আৰু অৰ্জুন ৰামপালক ধাকাড়ৰ ট্ৰেইলাৰত (Dhaakad trailer) । ৰজনীশ ৰাজি ঘাইৰ দ্বাৰা পৰিচালিত এই ছবিখন ২০ মে'ত মুক্তি পাব ।

Dhaakad trailer
কংগনা ৰাণাৱটৰ অন্য এক অৱতাৰ
author img

By

Published : Apr 30, 2022, 1:07 PM IST

চিটাৰা ডেস্ক, 30 এপ্ৰিল: শুকুৰবাৰে মুকলি হয় ধাকাড় ছবিখনৰ ট্ৰেইলাৰ (Dhaakad trailer) ৷ কংগনা ৰাণাৱটক এই ছবিখনত এগৰাকী গুপ্তচৰৰ ৰূপত দেখুওৱা হৈছে ৷ ছবিখনত কংগনাৰ বহুতো এক্সনৰ দৃশ্য দেখিবলৈ পোৱা যাব (Kangana action film trailer) ৷

ট্ৰেইলাৰটো চাই অৰ্জুন ৰামপালে এই চৰিত্ৰটোৰ বাবে নিজৰ ৰূপটোৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে বুলি অনুমান কৰিব পাৰি ৷ অভিনেতাজনে এক্সন দৃশ্যবোৰ স্বাভাৱিকভাৱে দৰ্শকৰ আগত উপস্থাপন কৰিবলৈ কেইবামাহ ধৰি কঠোৰ পৰিশ্ৰম কৰিছিল । কেৱল সেয়াই নহয়, দৰ্শকৰ মাজত উৎসুকতা সৃষ্টি কৰিবলৈ কংগনা ৰাণাৱত আৰু অৰ্জুন ৰামপালৰ যুটিটো বিশেষভাৱে প্ৰস্তুত কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ট্ৰেইলাৰটোলৈ চাই ক’ব পাৰি যে কংগনা আৰু অৰ্জুনৰ মাজৰ সংঘৰ্ষ নিশ্চয়কৈ ডাঙৰ পৰ্দাত উপভোগ কৰা উচিত ৷ বুদাপেষ্ট, মুম্বাই আৰু ভূপালত দৃশ্যগ্ৰহণ কৰা হৈছে ছবিখনৰ ৷ 39 সংখ্যক জাপানীজ একাডেমি ফিল্ম বঁটাপ্ৰাপক জাপানীজ চিত্ৰনাট্যকাৰ টেটচুৱ নাগাতাই কৰিছে ছবিখনৰ দৃশ্যগ্ৰহণ ৷ আনহাতে এক্সন পৰিচালনা কৰিছে এটা আন্তৰ্জাতিক খ্যাতিসম্পন্ন দলে ৷

ছবিখন ৰজনীশ ৰাজি ঘাইৰ দ্বাৰা পৰিচালনা কৰা হৈছে আৰু ইয়াৰ প্ৰযোজনা দীপক মুকুট আৰু চোহেল মেকলাইৰ । কমল মুকুট, ছোহেল মাকলাই প্ৰডাকচন আৰু এচাইলাম চলচ্চিত্ৰৰ সহযোগত সোহম ৰকষ্টাৰ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে উপস্থাপন কৰা ধাকাড় ছবিখনে ২০ মে'ত মুক্তি পাব (Dhaakad release date)।

লগতে পঢ়ক: দীপিকাৰ পূৰ্বে এইসকল তাৰকাই কান চলচ্চিত্ৰ মহোৎসৱত পালন কৰিছিল বিচাৰকৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.