ETV Bharat / entertainment

Sehar Shinwari on Pm Modi: ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰাৰ যো-জা পাকিস্তানী অভিনেত্ৰীৰ

এইগৰাকী পাকিস্তানী অভিনেত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু কৰিব গোচৰ ৷ মোদীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দিল্লী আৰক্ষীৰ সহায় বিচাৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে দিলে উপযুক্ত উত্তৰ (Delhi Police Hilarious Reply To Pakistani Actress) ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

DELHI POLICE REPLIES AS PAKISTANI ACTRESS WANTS TO COMPLAIN AGAINST PM MODI AFTER IMRAN KHANS ARREST
এইগৰাকী পাকিস্তানী অভিনেত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু কৰিব গোচৰ
author img

By

Published : May 10, 2023, 8:59 PM IST

চিটাৰা ডেস্ক, 10 মে’: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ইছলামবাগৰ পৰা মঙলবাৰে (৯ মে’) গ্ৰেপ্তাৰ কৰা হয় (Imran Khan Arrested)। পাকিস্তানত ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই চৌদিশে হুলস্থুলৰ সৃষ্টি কৰাৰ লগতে ইমৰাণৰ সমৰ্থকসকলে ৰাজপথলৈ ওলাই আহি গঢ়ি তুলিছে তীব্ৰ আন্দোলন ৷ আনকি দেশৰ বহু ঠাইত শ্বপিং মল, দোকানৰ লগতে বহু ঠাইত তলাবন্ধ হৈ পৰিছে ।

এনে পৰিস্থিতিত এতিয়া এগৰাকী পাকিস্তানী অভিনেত্ৰীৰ এটাৰ টুইট ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত (Pakistan News) ৷ ভাইৰেল হৈ পৰা এই টুইটটো আছিল পাকিস্তানী অভিনেত্ৰী সাহাৰ শিনৱাৰীৰ ৷ টুইটত অভিনেত্ৰী ছাহাৰ শিনৱাৰীয়ে দিল্লী আৰক্ষীৰ নম্বৰ বিচাৰিছিল (Sehar Shinwari Pm Modi)।

দৰাচলতে সাহাৰ শিনৱাৰীয়ে টুইট কৰি কৈছিল তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বিচাৰে (Pak Actress Sehar Shinwari news)। তেওঁৰ এই টুইটত দিল্লী আৰক্ষীয়ে মঙলবাৰে (১০ মে’) এটা উপযুক্ত উত্তৰ দিয়ে (Imran Khan latest news)।

  • We are afraid we still do not have jurisdiction in Pakistan.

    But, would like to know how come you are tweeting when the internet has been shut down in your country! https://t.co/lnUCf8tY59

    — Delhi Police (@DelhiPolice) May 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শিনৱাৰীয়ে টুইট কৰি কয়, "দিল্লী আৰক্ষীৰ অনলাইন লিংক কোনোবাই জানে নেকি ? মোৰ দেশ পাকিস্তানত অৰাজকতা আৰু সন্ত্ৰাসবাদ বিয়পাই দিয়া ভাৰতীয় প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় চোৰাংচোৱা সংস্থা RAW ৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব বিচাৰো । যদি ভাৰতীয় আদালত স্বাধীন হয় তেন্তে মই নিশ্চিত যে ভাৰতীয় উচ্চতম ন্যায়ালয়ে মোক ন্যায় দিব ।"

শিনৱাৰীৰ এই টুইটৰ উত্তৰত দিল্লী আৰক্ষীয়ে কয় যে, পাকিস্তানত এতিয়াও আমাৰ অধিকাৰ নাই (Delhi Police Hilarious Reply To Pakistani Actress) । ইয়াৰ সমান্তৰালকৈ দিল্লী আৰক্ষীয়ে এই প্ৰশ্ন উত্থাপন কৰিলে যে "যেতিয়া আপোনাৰ দেশত ইণ্টাৰনেট বন্ধ হৈ গৈছে, তেতিয়া আপুনি কেনেকৈ টুইট কৰি আছে ?"

উল্লেখ্য যে, মঙলবাৰে ইছলামবাদত পাকিস্তান তেহৰিক-ই-ইনছাফৰ সভাপতি ইমৰাণ খানক গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰৰ পিচত পাকিস্তানত আৰম্ভ হয় প্ৰতিবাদ । যাৰ বাবে পাকিস্তান চৰকাৰে সমগ্ৰ দেশতে ছ’চিয়েল মিডিয়া আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে ।

লগতে পঢ়ক: The Kerala Story: পশ্চিমবংগত দ্য কেৰালা ষ্ট’ৰী নিষেধাজ্ঞাক লৈ চিবিএফচিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.