ETV Bharat / entertainment

দিল্লী উচ্চ ন্যায়ালয়ে Faraaz ছবিখনৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছে - সন্ত্ৰাসবাদী আক্ৰমণৰ আধাৰত নিৰ্মিত ছবি

দিল্লী উচ্চ ন্যায়ালয়ে দিলে হংসল মেহতাক সকাহ, ছবিগৃহত মুক্তি পাব তেওঁৰ ছবি ফৰাজ । বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে "ফৰাজ" চলচ্চিত্ৰখনৰ মুক্তিত আৰোপ কৰা বাধা আঁতৰাই ছবিখন মুক্তি দিয়াৰ বাবে মঞ্জুৰী প্ৰদান কৰিছে । এতিয়া এই ছবিখন শুকুৰবাৰে ছবিগৃহত মুক্তি দিয়া হ'ব । ছবিখন 2016 চনত ঢাকাত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ওপৰত আধাৰিত ।

FILM FARAAZ
সন্ত্ৰাসবাদী আক্ৰমণৰ আধাৰত নিৰ্মাণ কৰা ছবি ফৰাজ
author img

By

Published : Feb 3, 2023, 10:22 AM IST

চিটাৰা ডেস্ক, 3ফেব্ৰুৱাৰী : দিল্লী উচ্চ ন্যায়ালয়ে হংসল মেহতাৰ ছবি "ফৰাজ"ৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছে । শুকুৰবাৰে ছবিগৃহত মুক্তি পাব এই ছবিখন ৷ 2016 চনত ঢাকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন । বৃহস্পতিবাৰে আদালতে স্পষ্ট কৰি দিয়ে যে ছবিখন ঢাকাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা অনুপ্ৰাণিত আৰু ইয়াত দেখুওৱা উপাদানসমূহ সম্পূৰ্ণ কাল্পনিক ।

বাংলাদেশৰ ৰাজধানী ঢাকাৰ হলি আৰ্টিছান বেকাৰীত 2016 চনত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা অবিন্ত কবীৰ তাৰিশি জৈনৰ পৰিয়ালে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল আদালতে । 3 ফেব্ৰুৱাৰীত ছবিখন মুক্তি পোৱাত আপত্তি প্ৰকাশ কৰিছিল এই আক্ৰমণৰ বলি হোৱা ব্যক্তি দুগৰাকীৰ মাতৃয়ে । ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু তালৱন্ত সিঙৰ বিচাৰপীঠে বিষয়টোৰ শুনানি 22 ফেব্ৰুৱাৰীলৈ স্থগিত ৰাখিছে ।

ছবি নিৰ্মাতাসকলৰ অধিবক্তাই স্পষ্টভাৱে উল্লেখ কৰিছে যে আপীলকাৰীসকলৰ কন্যাৰ সৈতে জড়িত আলোকচিত্ৰসমূহ ছবিখনত নাই । আদালতে এই কথা পৰ্যবেক্ষণ কৰি নিশ্চিত কৰে ৷ দুয়োগৰাকী মহিলাই ছবিখনে তেওঁলোকৰ কন্যাক ভুলকৈ চিত্ৰিত কৰিব পাৰে বুলি ভাবিছিল যি মৃতকৰ বাবে লাঞ্ছনাৰ কাৰণ হ'ব পাৰে, সেয়েহে দুই মাতৃয়ে মুক্তিৰ সময়ত স্থগিতাদেশ বিচাৰিছিল । আনহাতে দুয়ো ভুক্তভোগীৰ পৰিয়ালৰ সদস্যক ছবিখন দেখুৱাবলৈ অস্বীকাৰ কৰে ছবি নিৰ্মাতাসকলে । অৱশ্যে লণ্ডনত ছবিখন প্ৰদৰ্শিত হোৱাৰ সময়ত তেওঁলোকৰ মৃত কন্যাক দেখুওৱা হৈছিল ।

দিল্লী উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে ইয়াৰ পূৰ্বে 2022 চনত গোচৰটো খাৰিজ কৰিছিল । আদালতে নিৰ্দেশ দিছিল যে প্ৰকৃত ঘটনাৰ ওপৰত আধাৰিত ছবিখন নিষিদ্ধ কৰিব নোৱাৰি । পৰিয়ালটোৱে ইয়াৰ পিছত পুনৰ আদালতৰ কাষ চাপে ৷

লগতে পঢ়ক : বলীউডত সম্পূৰ্ণ কৰা চল্লিছ বছৰীয়া যাত্ৰাৰ ফটো শ্বেয়াৰ কৰিছে অনিল কাপুৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.