ETV Bharat / entertainment

Chandramukhi 2 Collection Day 1: প্ৰথম দিনাই বক্স অফিচত চূড়ান্তভাৱে বিফল কংগনা ৰাণাৱটৰ চন্দ্ৰমুখী ২

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 12:06 PM IST

কংগনা ৰাণাৱটৰ ‘চন্দ্ৰমুখী ২’ ছবিখনে মুকলিৰ দিনটোত বক্স অফিচত দেখুৱাব নোৱাৰিলে ভাল ফলাফল ৷ প্ৰথম দিনাই ছবিখনে অতি কম উপাৰ্জন কৰিছে ৷ জানি লওক ছবিখনৰ সংগ্ৰহ ৷

Chandramukhi 2 box office collection day 1: Here's how much Kangana Ranaut, Raghava Lawrence starrer raked in on opening day
চন্দ্ৰমুখী ২ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ: বৃহস্পতিবাৰে ছবিগৃহত মুক্তি লাভ কৰিলে কংগনা ৰাণাৱটৰ ছবি ‘চন্দ্ৰমুখী ২’ । ‘চন্দ্ৰমুখী ২’ৰ সৈতে একেদিনাই মুক্তি লাভ কৰিলে ‘ফুক্ৰে ৩’ আৰু ‘দ্য ভেকচিন ৱাৰ’ ৷ ইফালে শ্বাহৰুখ খানৰ ‘জৱান’ আৰু ছানী দেওলৰ ‘গদৰ ২’ য়েও বক্স অফিচত অব্যাহত ৰাখিছে সংগ্ৰহ ৷ এনে পৰিস্থিতিত দৰ্শকৰ হাতত বহুতো বিকল্প থাকে । এই সকলোবোৰৰ মাজতে যদি আমি ‘চন্দ্ৰমুখী ২’ৰ কথা কওঁ, তেন্তে দক্ষিণত ৰাঘৱ লৰেন্স ‘চন্দ্ৰমুখী ২’ ছবিখনে মিশ্ৰিত সমালোচনা লাভ কৰিছে । এই ছবিখন হৈছে ‘চন্দ্ৰমুখী’ৰ ছিকুৱেল ছবি ৷ ইফালে এই ছবিখন হিন্দী ভাষাতো ‘ভুল ভুলাইয়া’ নামেৰে নিৰ্মাণ কৰা হৈছে ৷ জানো আহক 'চন্দ্ৰমুখী ২' মুক্তিৰ প্ৰথম দিনাই কিমান কোটি টকা সংগ্ৰহ কৰিছে ৷

'চন্দ্ৰমুখী ২' মুক্তিৰ প্ৰথম দিনা কিমান উপাৰ্জন কৰিছে ?

কংগনা ৰাণাৱট আৰু ৰাঘৱ লৰেন্সে মুখ্য চৰিত্ৰত অভিনয় কৰা ‘চন্দ্ৰমুখী ২’ ছবিখন একচন-কমেডী, হৰৰ আৰু ৰোমাঞ্চৰ সম্পূৰ্ণ পেকেজ । ছবিখনত কংগনাক অতি সুন্দৰ আৰু বেলেগ ষ্টাইলত দেখা গৈছে । ‘চন্দ্ৰমুখী ২’ৰ অভিনয় দৰ্শকে যথেষ্ট ভাল পোৱাৰ লগতে ছবিখনত তেওঁৰ অভিনয়কো প্ৰশংসা লাভ কৰিছে । ইফালে ‘চন্দ্ৰমুখী ২’ মুক্তিৰ প্ৰথম দিনটোৰ প্ৰাৰম্ভিক তথ্যও পোহৰলৈ আহিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">
  • Sacknilk ৰ আৰম্ভণিৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি ‘চন্দ্ৰমুখী ২’ মুক্তিৰ প্ৰথম দিনাই ৭.৫০ কোটি টকা সংগ্ৰহ কৰিছে ।

সপ্তাহৰ শেষৰ ফালে চন্দ্ৰমুখী ২ ৰ উপাৰ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা

‘চন্দ্ৰমুখী ২’য়ে প্ৰথম দিনা ঠিকে ঠাকে উপাৰ্জন কৰিছে ৷ কিন্তু ছবিখনৰ লগতে মুক্তি পোৱা দুখন ছবি দ্য ভেকচিন ৱাৰ আৰু ফুক্ৰে ৩ ৰ বাবেই ছবিখনৰ উপাৰ্জনত প্ৰভাৱ পৰিছে । অৱশ্যে শনিবাৰে আৰু দেওবাৰৰ দিনটোত ছবিখনৰ উপাৰ্জন বৃদ্ধি পাব পাৰে বুলি নিৰ্মাতাসকলে আশা কৰিছে ।

'চন্দ্ৰমুখী ২'ৰ তাৰকা অভিনেতা

২০০৫ চনত মুক্তি পোৱা ‘চন্দ্ৰমুখী’ৰ দ্বিতীয় পাৰ্ট হৈছে ‘চন্দ্ৰমুখী ২’। এই ছবিখন তামিল, তেলেগু, মালয়ালম, কানাড়া, আৰু হিন্দী ভাষাত মুক্তি লাভ কৰিছে। ‘চন্দ্ৰমুখী ২’ৰ তাৰকা অভিনেতাৰ কথা ক’বলৈ গ’লে কংগনা ৰাণাৱট আৰু ৰাঘল লৰেন্সৰ বাহিৰেও বাদিভেলু, ৰাধিকা সাৰথকুমাৰ, লক্ষ্মী মেননকে ধৰি বহু অভিনেতাই ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই ছবিখনৰ সংগীত ৰচনা কৰিছে এম এম কিৰাৱণীয়ে ।

লগতে পঢ়ক: Jawan Collection Day 21: বুধবাৰে কিমান উপাৰ্জন কৰিলে জৱানে ? জৱানৰ বিশ্বব্যাপি সংগ্ৰহ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.