চিটাৰা ডেস্ক, 2 এপ্ৰিল: ২৬ মাৰ্চত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ হোটেলৰ কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা ২৫ বছৰীয়া ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ নতুন চিচিটিভি ফুটেজ পোহৰলৈ আহিছে (Bhojpuri actress Akanksha Dubey) ৷ চিচিটিভি ফুটেজত দেখা অনুসৰি দুই তিনিগৰাকী লোকৰ সৈতে এস্কেলেটৰৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত নৃত্য় কৰি থকা দেখা পোৱা গৈছিল আকাংক্ষাক । আৰক্ষীয়ে সোমেন্দ্ৰ ৰেচিডেন্সী হোটেলৰ পৰা চিচিটিভি ফুটেজ উদ্ধাৰ কৰিছিল আৰু প্ৰয়াত অভিনেত্ৰীগৰাকীৰ সৈতে যোৱা ব্যক্তিজনক সন্দীপ সিং বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ।
অৱশ্যে চিচিটিভি ফুটেজ লাভ কৰাৰ পূৰ্বেই আৰক্ষীয়ে সন্দীপক জেৰা কৰিছিল যদিও দেওবাৰে চিচিটিভিৰ ফুটেজ লাভ কৰা পিচত সন্দীপক পুনৰ জেৰা কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে (Bhojpuri singer samar singh) । তথ্য অনুসৰি এই ভিডিঅ’টো ২৫ মাৰ্চৰ অৰ্থাৎ আকাংক্ষা ডুবেৰ ৰহস্যজনক মৃত্যুৰ এদিন পূৰ্বৰ ভিডিঅ’ । ভোজপুৰী কণ্ঠশিল্পী সমৰ সিং আৰু সমৰৰ ভাতৃ সঞ্জয় সিংকে ধৰি আন দুজন ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যেই ৰুজু কৰিছে গোচৰ (Akanksha Dubey murder) ।
শনিবাৰে বিয়লি ডুবেৰ মাতৃ মধুই ২৫ মাৰ্চত বাৰাণসীৰ লাহৰতৰা অঞ্চলত পাৰ্টি আয়োজন কৰা লোকজনৰ বিষয়ে আৰক্ষীক অৱগত কৰে । বাৰাণসীৰ হোটেলৰ কোঠাত আত্মহত্যা কৰা ভোজপুৰী অভিনেত্ৰীগৰাকী মৃত্যুৰ কেইঘণ্টামান পূৰ্বে ইনষ্টাগ্ৰামত লাইভ আহিছিল আৰু অভিনেত্ৰীগৰাকীক লাইভ ভাঙি পৰা দেখা পোৱা গৈছিল (Bhojpuri star Akanksha Dubey)।
লাইভ ষ্ট্ৰিমত অভিনেত্ৰীগৰাকীয়ে মুখ ঢাকি কান্দি থকা দেখা পাইছিল অনুৰাগীয়ে । যোৱা ২৬ মাৰ্চত উত্তৰ প্ৰদেশৰ সাৰনাথ অঞ্চলৰ হোটেলৰ কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা অভিনেত্ৰী আকাংক্ষা ডুবেক উত্তৰ প্ৰদেশৰ ভাদোহী জিলাৰ বাসিন্দা ৷ এখন ছবিৰ শ্বুটিঙৰ বাবে বাৰাণসীলৈ গৈছিল আৰু সাৰনাথ আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত হোটেলখনত শ্বুটিঙৰ বাবে থাকিবলগীয়া হৈছিল । পুৱালৈকে ডুবেই কোঠাটোৰ পৰা ওলাই নহাত সহকৰ্মীসকলৰ জৰিয়তে হোটেলৰ কৰ্মচাৰীয়ে মাষ্টাৰ ছাবি ব্যৱহাৰ কৰি অভিনেত্ৰীগৰাকী থকা কোঠাৰ দুৱাৰখন খুলি দিয়ে । তেতিয়াই মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ডুবেৰ নিথৰ দেহ ৷
লগতে পঢ়ক: Akanksha Dubey Suicide: প্ৰেমিকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আকাংক্ষাৰ মাতৃৰ