ETV Bharat / entertainment

এনিমেলৰ পৰা অন্তৰংগ দৃশ্য ডিলিট কৰিবলৈ নিৰ্দেশ চিবিএফচিৰ

CBFC on Animal: চিবিএফচিয়ে ‘এনিমেল’ৰ নিৰ্মাতাক ছবিখনৰ পৰা আৰু কিছু লাইন আৰু চাবটাইটেল সলনি কৰিবলৈ নিৰ্দেশ দিছে । ইয়াৰ উপৰিও ছবিখনৰ অন্তৰংগ দৃশ্য আৰু বেয়া শব্দ আঁতৰাবলৈ নিৰ্দেশ দিছে ।

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 11:49 AM IST

CBFC ordered animal makers to delete intimate scenes
চিবিএফচিয়ে ‘এনিমেল’ৰ নিৰ্মাতাক ছবিখনৰ পৰা আৰু কিছু লাইন আৰু চাবটাইটেল সলনি কৰাৰ নিৰ্দেশ দিছে

চিটাৰা ডেস্ক, ২৯ নৱেম্বৰ: ১ ডিচেম্বৰত বিশ্বজুৰি মুক্তি পাব ৰণবীৰ কাপুৰৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘এনিমেল’। সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে চেন্সৰ ব’ৰ্ডৰ পৰা লাভ কৰিছে ‘এ’ প্ৰমাণপত্ৰ । ইয়াৰ লগে লগে এতিয়া মুক্তিৰ পূৰ্বে এনিমেল ছবিখনত কিছু পৰিৱৰ্তন কৰিব লাগিব । আচলতে ‘এনিমেল’ক দিয়া চিবিএফচিৰ প্ৰমাণ পত্ৰখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত ব’ৰ্ডে ‘এনিমেল’ত ৫টা পৰিৱৰ্তনৰ পৰামৰ্শ দিছে ।

ভাইৰেল চাৰ্টিফিকেট অনুসৰি ‘এনিমেল’ৰ নিৰ্মাতাসকলক বিজয় আৰু গীতাঞ্জলিৰ অন্তৰংগ আৰু ক্ল’জ আপ শ্বট আঁতৰাবলৈ নিৰ্দেশ দিছে । উল্লেখ্য যে, ছবিখনত ৰণবীৰ কাপুৰে বিজয় সিঙৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ৰশ্মিকা মন্দন্নাই গীতাঞ্জলি সিঙৰ চৰিত্ৰত অভিনয় কৰিছে । অন্তৰংগ দৃশ্যৰ লগতে চেন্সৰ ব’ৰ্ডে নিৰ্মাতাক ‘বস্ত্ৰ’ শব্দটোৰ ঠাইত ‘সাজ-পোছাক’ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে ছবিখনত ।

আন বহু শব্দ সলনি কৰিব লাগিব ছবিখনে

চিবিএফচিয়ে ছবিখনৰ আৰু কিছু লাইন আৰু চাবটাইটেল সলনি কৰিবলৈও নিৰ্দেশ দিছে নিৰ্মাতাক । ইয়াৰ উপৰিও শপত খোৱা শব্দবোৰো আঁতৰাবলৈও নিৰ্দেশ দিছে । উল্লেখ্য যে ‘এনিমেল’ৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগাই ইতিমধ্যে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত স্পষ্ট কৰি দিছিল যে ছবিখন কেৱল প্ৰাপ্তবয়স্ক লোকৰ বাবে হে নিৰ্মাণ কৰা হৈছে ৷ যাৰ বাবে তেওঁ আনকি নিজৰ পুত্ৰকো ছবিগৃহত লৈ নাযায় ‘এনিমেল’ চাবলৈ ।

পিতৃ-পুত্ৰৰ সম্পৰ্কৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন

উল্লেখ্য যে, 'এনিমেল' ছবিখন পিতৃ-পুত্ৰৰ তিক্ততাপূৰ্ণ সম্পৰ্কৰ কাহিনী । ছবিখনত অনিল কাপুৰে ৰণবীৰ কাপুৰৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে ৰশ্মিকা মন্দন্নাই মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে । ইয়াৰ উপৰিও ছবিখনত ববি দেওলৰ গুৰুত্বপূৰ্ণ ভূমিকাও আছে । হিন্দীৰ লগতে তেলুগু, তামিল, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাব ছবিখন ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: ১ ডিচেম্বৰত বক্স অফিচত হ’ব সংঘৰ্ষ, এডভান্স বুকিঙত এনিমেলতকৈ পিচ পৰি আছে ‘ছেম বাহাদুৰ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.