চিটাৰা ডেস্ক, ১২ জুন: ১৯৯৯ চনৰ ১২ জুনত হাৰিয়ানাৰ ফৰিদাবাদত জন্মগ্ৰহণ কৰা কেৰী মিনাটিৰ আজি কোনো পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল নহয় (Carry Minati birthday) । মাত্ৰ ২৪ বছৰীয়া কেৰী মিনাটিৰ প্ৰকৃত নাম হৈছে অজয় নাগৰ, যিয়ে ইউটিউবত এক ব্যতিক্ৰমী প্ৰতিভা দেখুৱাই বহু খ্যাতি অৰ্জন কৰিছে (Ajey Nagar) । অৱশ্যে এই সকলোবোৰৰ বাবে কেৰীয়ে সম্পূৰ্ণ কৰিব নোৱাৰিলে নিজৰ পঢ়া-শুনা ।
- " class="align-text-top noRightClick twitterSection" data="">
আজিৰ তাৰিখলৈকে ইউটিউবত কেৰী মিনাটিৰ ৩৮.৯ মিলিয়ন চাবস্ক্ৰাইবাৰ আছে। ইউটিউবৰ পৰা প্ৰতি বছৰে কোটি কোটি টকা উপাৰ্জন কৰে কেৰীয়ে । গতিকে আজি জন্মদিনৰ এই বিশেষ ক্ষণত আমি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো অজয় নাগৰৰ জীৱনৰ সৈতে (Carry Minati Unknown Facts)।
ধেমালিতে প্ৰথমটো ইউটিউব চেনেল খুলিছিল কেৰীয়ে
ফৰিদাবাদৰ এটা মধ্যবিত্ত পৰিয়ালৰ অন্তৰ্গত অজয় নাগৰে ইউটিউবৰ পৰা ইমান সফলতা লাভ কৰিব বুলি সপোনতো ভৱা নাছিল (Youtuber Carry Minati) ৷ আচলতে কেৰী মিনাটি পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী নাছিল, কিন্তু ভিডিঅ’ গেম আৰু ফুটবলৰ প্ৰতি মোহ আছিল কেৰীৰ ৷ সেয়াহে, মাত্ৰ ১১ বছৰ বয়সতে কেৰীয়ে ইউটিউবত Stealthfearzz নামৰ এটা চেনেল খুলিছিল আৰু ভিডিঅ’ গেম, ফুটবলৰ কৌশলৰ ভিডিঅ’ বনাই মানুহৰ ওচৰলৈ যোৱাটো নিজৰ লক্ষ্য হিচাপে লৈছিল ।
সেই সময়ত ইউটিউব ভিডিঅ’ৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল মানুহৰ। এনে পৰিস্থিতিত অজয়ৰ বিশেষ লাভ হোৱা নাছিল ৷ কিন্তু ভিডিঅ’ গেমৰ প্ৰতি অজয়ৰ আকৰ্ষণ বাঢ়ি গৈ থাকিল আৰু ১৫ বছৰ বয়সত অজয়ে Addicted A1 নামৰ আন এটা চেনেল তৈয়াৰ কৰে, য’ত তেওঁ কাউণ্টাৰ ষ্ট্ৰাইক গেম খেলাৰ ভিডিঅ’ পোষ্ট কৰি থাকিল আৰু কমেণ্ট্ৰী কৰি থাকিল।
ৰোষ্টিঙে সলনি কৰিলে কেৰীৰ জীৱন
অজয়ে নিজৰ ভিডিঅ’বোৰত ছানী দেওল আৰু হৃতিক ৰোশনৰ কণ্ঠত মিমিক্ৰী কৰিছিল । অজয়ৰ এই ষ্টাইল সকলোৱে ভাল পাইছিল । এনে সময়ত অজয়ে নিজৰ ইউটিউব চেনেলৰ নাম Addicted A1 ৰ পৰা CarryDeol লৈ সলনি কৰিলে (Carryminati real name) । আনহাতে, ২০১৫ চনত যেতিয়া AIB ৰ ৰোষ্টিং বিতৰ্ক আলোচনাৰ বাবে আহিছিল, তেতিয়া অজয়ে এই পদ্ধতি গ্ৰহণ কৰি কিছুমান বিশেষ মানুহক ৰোষ্টিং কৰিবলৈ আৰম্ভ কৰিছিল । অৱশ্যে সেইটোৱেও অজয়ক বিশেষ সহায় কৰা নাছিল ।
চেনেলৰ নাম সলনি কৰিলে অজয়ে
২০১৬ চনৰ ভিতৰত অজয়ে একো নাভাবি নিজৰ ইউটিউব চেনেলৰ নাম CarryDeol ৰ পৰা CarryMinati লৈ সলনি কৰিলে । নাম সলনি হোৱাৰ লগে লগে অজয়ৰ ভাগ্যও সলনি হৈ পৰে । তেওঁ প্ৰথমে ৰোষ্ট কৰিছিল জনপ্ৰিয় ইউটিউবাৰ ভুৱন বামক। এই ভিডিঅ’টোত অজয়ক তীব্ৰভাৱে ট্ৰ’ল কৰা হৈছিল যদিও তেওঁৰ চাবস্ক্ৰাইবাৰ যথেষ্ট বৃদ্ধি পাইছিল । আচলতে অজয় নাগৰৰ দিল্লী ষ্টাইল আৰু টিপিকেল কথা কোৱাৰ ধৰণটো মানুহে ভাল পাইছিল । এই কাৰণেই ২০১৯ চনত টাইম আলোচনীয়ে তেওঁক নেক্সট জেনেৰেচন লিডাৰ্ছ ২০১৯ বুলি অভিহিত কৰিছিল । এতিয়া অজয় নাগৰ কেৰীমিনাটি নামেৰে জনপ্ৰিয় হৈ পৰিল।
কেৰী মিনাটিৰ মাহিলী উপাৰ্জন জানিলে আচৰিত হ’ব আপুনি
হয়, কেৰী মিনাটিৰ মাহিলী উপাৰ্জন জানিলে আচৰিত হ’ব আপুনি ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেৰী মিনাটিৰ বাৰ্ষিক আয় বহু কোম্পানীৰ ডাঙৰ চিইঅ’তকৈ অধিক (Carryminati net worth) । তেওঁৰ ইউটিউব ভিডিঅ’ৰ সহায়ত প্ৰতিমাহে ২৫-৩০ লাখ টকা উপাৰ্জন কৰে । বাৰ্ষিক আয় ৩-৪ কোটি টকা আৰু মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩৫ কোটি টকা । কেৰী মিনাটি ওৰফে অজয় নাগৰৰ দুখন ৰেঞ্জ ৰভাৰো আছে। য়ালগাৰ গীতেৰে ধুমুহাৰ সৃষ্টি কৰাৰ পিচত কেৰী মিনাটিয়ে ৰাণৱে ৩৪, দ্য বিগ বুল আৰু মেডেৰ দৰে ছবিত অভিনয় কৰিছে ।
লগতে পঢ়ক: Sidhu Moose Wala: মাতৃয়ে ক’লে পুত্ৰক পোৱাৰ অনুভৱ, মুছেৱালাৰ জন্মদিনত মাতৃৰ আৱেগিক পোষ্ট