ETV Bharat / entertainment

বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কৰি মোদীয়ে ক’লে- তেওঁ ৰাজনীতি-চিনেমা উভয়তে কেপ্টেইন আছিল - captain vijayakanth

PM Modi Paid Tribute to Vijaykanth: ২০২৩ চনৰ ২৮ ডিচেম্বৰত ইহলীলা ত্যাগ কৰে ডিএমডিকেৰ প্ৰতিষ্ঠাপক তথা জনপ্ৰিয় অভিনেতা বিজয়কান্তই ৷ এতিয়া বিজয়কান্তক শ্ৰদ্ধাঞ্জলি জনাই ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ক’লে এই কথা ৷

'Captain for everyone': PM Modi pens heartfelt tribute to Vijayakanth
বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ মোদীৰ
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 4:12 PM IST

Updated : Jan 3, 2024, 4:20 PM IST

চিটাৰা ডেস্ক, ৩ জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ডিএমডিকেৰ প্ৰতিষ্ঠাপক তথা জনপ্ৰিয় অভিনেতা বিজয়কান্তক শ্ৰদ্ধাঞ্জলি জনায় ৷ অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই মোদীয়ে কয় যে তেওঁ কেৱল চিনেমাতে নহয়, ৰাজনীতিতো ‘কেপ্টেইন’ আছিল । উল্লেখ্য যে, ডি এম কেৰ মুৰব্বী বিজয়কান্তৰ শৰীৰত ক’ৰনা পজিটিভ ধৰা পৰাৰ পিচত তেওঁক চেন্নাইৰ এখন হাস্পতালত ভেন্টিলেটৰৰ সহায়ত ৰখা হৈছিল । কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে অভিনেতাগৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ ।

প্ৰধানমন্ত্ৰী মোদীয়ে ডিএমডিকেৰ মুৰব্বীগৰাকীৰ সন্দৰ্ভত কয়, "মাত্ৰ কেইদিনমানৰ আগতে আমি বিজয়কান্ত জীক হেৰুৱাইছিলো । তেওঁ কেৱল চিনেমা জগততে নহয়, ৰাজনীতিতো এজন কেপ্টেইন আছিল । তেওঁ চিনেমাৰ কামেৰে মানুহৰ হৃদয় জয় কৰিছিল । ’’ মোদীয়ে কয় যে ৰাজনীতিবিদ হিচাপে তেওঁক সদায় স্মৰণ কৰা হ’ব ।

  • In the passing away of Vijayakanth Ji, several people lost their most admired star and lots of people have lost their beloved leader. But I have lost a dear friend. Penned a few thoughts on Captain and why he was special. https://t.co/ANukQFM1j1

    — Narendra Modi (@narendramodi) January 3, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

২০২৩ চনৰ ২৮ ডিচেম্বৰৰ পুৱা ডি এম কেৰ মুৰব্বী বিজয়কান্তৰ দেহাৱসান ঘটে । মৃত্যুৰ পিচত তেওঁৰ মৃতদেহ চিকিৎসালয়ৰ পৰা তেওঁৰ বাসগৃহলৈ অনাৰ পিচত শেষ দৰ্শনৰ বাবে ডি এম ডি কেৰ কাৰ্যালয়ত ৰখা হৈছিল । এইখিনিতে উল্লেখ কৰিব লাগিব যে নৱেম্বৰ মাহৰ আৰম্ভণিতে বিজয়কান্তৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল ৷ যাৰ বাবে তেওঁক চেন্নাইৰ এম আই অ’ টি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । কাহ আৰু ডিঙিৰ বিষৰ বাবে ১৪ দিন চিকিৎসকৰ পৰ্যবেক্ষণত আছিল ।

বিজয়কান্তৰ বিষয়ে-

৭১ বছৰীয়া বিজয়কান্তৰ তামিলনাডুৰ ৰাজনীতিত নিজৰ এক সুকীয়া পৰিচয় আছিল । ১৯৯১ চনত নিৰ্মিত ‘কেপ্টেইন প্ৰভাকৰণ’ ছবিৰ বাবেই তেওঁ কেপ্টেইন উপাধি লাভ কৰে । ২০০৫ চনত তেওঁ ডি এম ডি কে দল গঠন কৰে । কিন্তু ২০০৬ চনতহে বিজয়কান্তৰ প্ৰভাৱ ৰাজ্যখনত দেখা দিবলৈ আৰম্ভ কৰে । তামিলনাডুৰ ৰাজনীতিৰ ক্ষেত্ৰত বিজয়কান্ত এজন গুৰুত্বপূৰ্ণ ৰাজনীতিবিদ আছিল ।

উল্লেখ্য যে, মঙলবাৰৰ পৰা দুদিনীয়া দক্ষিণ ভ্ৰমণৰ জৰিয়তে তিৰুচিৰাপল্লীত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী । এই ভ্ৰমণৰ অংশ হিচাপে তামিলনাডুৰ তিৰুচিৰাপল্লীত ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ লগে লগে তেওঁ তিৰুচিৰাপল্লী বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰে ।

লগতে পঢ়ক: 'ৰাম আয়েংগে' ভজনৰ কণ্ঠশিল্পী স্বাতী মিশ্ৰ কোন ? স্বাতীৰ প্ৰশংসাত মোদীয়ে ক’লে এই কথা

Last Updated : Jan 3, 2024, 4:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.