ETV Bharat / entertainment

Chris Evans Wedding: বিবাহপাশত আৱদ্ধ হ’ল হলিউডৰ তাৰকা ক্ৰীছ ইভান্স, কেপ্টেইন আমেৰিকাৰ কইনা কোন ?

বিবাহপাশত আৱদ্ধ হ’ল ‘কেপ্টেইন আমেৰিকা’ৰ তাৰকা ক্ৰীছ ইভান্স। প্ৰেমিকা আলবা বাপ্টিষ্টাৰ সৈতে বিবাহপাশত আবদ্ধ হয় ক্ৰীছ । আলবা কোন, কি কৰে আৰু এই বিয়াৰ সৈতে জড়িত সবিশেষ জানি লওক এই প্ৰতিবেদনত ।

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 11:33 AM IST

Captain America star Chris Evans weds Alba Baptista in secret wedding, Avengers co-stars attend
বিবাহপাশত আৱদ্ধ হ’ল ক্ৰীছ ইভান্স

চিটাৰা ডেস্ক, ১১ ছেপ্টেম্বৰ: যদি আপুনি ‘কেপ্টেইন আমেৰিকা’ৰ তাৰকা ক্ৰীছ ইভান্সৰ এগৰাকী ডাঙৰ অনুৰাগী, তেন্তে আপোনাৰৰ বাবে লৈ আহিছো এটা খবৰ ৷ নিজৰ লাখ লাখ মহিলা অনুৰাগীৰ হৃদয় ভাঙি বিবাহপাশত আৱদ্ধ হ’ল ক্ৰীছ ইভান্স । তেওঁতকৈ ১৬ বছৰ সৰু প্ৰেমিকা আলবা বাপ্টিষ্টাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে হলীউডৰ অভিনেতাগৰাকীয়ে । অৱশ্যে তেওঁলোকৰ বিবাহ অতি ব্যক্তিগত আছিল । কেৱল ঘনিষ্ঠ লোকহে উপস্থিত আছিল বিবাহৰ অনুষ্ঠানত । আলবা বাপ্টিষ্টা কোন আৰু কি কৰে জানো আহক এই প্ৰতিবেদনত ৷

৯ ছেপ্টেম্বৰত মেছাচুচেটছৰ এটা ব্যক্তিগত স্থানৰ এক অন্তৰংগ অনুষ্ঠানত ক্ৰীছ ইভান্স আৰু আলবা বাপ্টিষ্টাৰ বিবাহ হয় । ১০ ছেপ্টেম্বৰত কেইবাটাও আউটলেটত এই কথা প্ৰকাশ পাইছিল । উল্লেখ্য যে, ক্ৰীছৰ বয়স ৪২ বছৰ, আলবাৰ বয়স ২৬ বছৰ । দুয়োগৰাকীয়ে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত আৰম্ভ কৰে নতুন জীৱন ৷

মাৰ্ভেল ছুপাৰহিৰোৰ বহু জনপ্ৰিয় তাৰকা উপস্থিত আছিল অনুষ্ঠানত

মাৰ্ভেল ছুপাৰহিৰো ছবিখনৰ বহু সহ অভিনেতাই দৰা ক্ৰীছ ইভান্সৰ ফালৰ পৰা এই বিয়াত অংশগ্ৰহণ কৰিছিল । সংবাদ মাধ্যমৰ অনুসৰি ৰবাৰ্ট ডাউনী জুনিয়ৰ, ক্ৰীছ হেমছৱৰ্থ আৰু জেৰেমি ৰেনাৰে এই বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

২ বছৰ সম্পৰ্কত আছিল ক্ৰীছ আৰু আলবা

অৱশ্যে এই পৰ্যন্ত দুয়োৰে ফালৰ পৰা বিবাহৰ কোনো আনুষ্ঠানিক বিবৃতি অহা নাই ৷ নেটফ্লিক্সৰ ধাৰাবাহিক ‘ৱাৰিয়ৰ নান’ত একেলগে কাম কৰিছে ক্ৰীছ আৰু আলবাই । দুয়োগৰাকীয়ে বিয়াৰ পূৰ্বে এংগেজমেণ্টৰ সন্দৰ্ভত কোনো ঘোষণাও কৰা নাছিল । খবৰ অনুসৰি দুয়োগৰাকীয়ে প্ৰায় ২ বছৰ ধৰি ডেট কৰি আছে ৷ ২০২২ চনৰ নৱেম্বৰ মাহত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে প্ৰথমে উৰাবাতৰি প্ৰকাশ পাইছিল, যেতিয়া নিউয়ৰ্ক চহৰত দুয়োকে একেলগে সময় অতিবাহিত কৰা দেখা গৈছিল ।

  • Jeremy Renner with Chris Hemsworth, Robert Downey JR., Susan Downey at the Newbury Boston for a wedding of Chris Evans and Alba Baptista. pic.twitter.com/6fqfoHGfdY

    — Jeremy Renner Net (@JRennerNet) September 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

চলিত বৰ্ষৰ জানুৱাৰী মাহত ক্ৰীছ আৰু আলবাই ইনষ্টাগ্ৰামত নিজৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল । তেওঁলোকে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁলোকে ইগৰাকীয়ে সিগৰাকীক ‘বেবী’ আৰু ‘বেব’ বুলি কোৱা দেখা গৈছিল । ইয়াৰ পিচত ফেব্ৰুৱাৰী মাহত ক্ৰীছে ভেলেণ্টাইন ডে’ত নিজৰ আৰু আলবাৰ ফটো-ভিডিঅ’ শ্বেয়াৰ কৰিছিল ।

আলবা বাপ্টিষ্টা কোন ?

১৯৯৭ চনৰ ১০ জুলাইত জন্মগ্ৰহণ কৰিছিল আলবা বাপ্টিষ্টা । আলবা এগৰাকী পৰ্তুগীজ অভিনেত্ৰী । আলবাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ‘জাৰ্ডিনছ প্ৰ’ইবিড’ছ’ ধাৰাবাহিকখনৰ জৰিয়তে । ইয়াৰ পিচত তেওঁ ‘এ ইম্পোষ্টোৰা’, ‘ফিলহা দা লেই’, ‘এ ক্ৰিয়াকাও’ আৰু ‘জোগো ডুপ্লো’ আদি বহু ছবিত অভিনয় কৰিছে । ২০২০ চনৰ পৰা ২০২২ চনলৈ নেটফ্লিক্সৰ ধাৰাবাহিক ‘ৱাৰিয়ৰ নন’ত কাম কৰি ইংৰাজী ভাষাৰ শ্ব’ত আত্মপ্ৰকাশ কৰে ।

লগতে পঢ়ক: Priyanka Chopra: জ’নাছ ব্ৰাদাৰ্ছৰ কনচাৰ্টত প্ৰিয়ংকাক যুৱতীৰ প্ৰশ্ন, উত্তৰত কি ক’লে অভিনেত্ৰীগৰাকীয়ে চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.