ETV Bharat / entertainment

Brahmastra song Kesariya: অপেক্ষাৰ অন্ত পৰিল ! মুক্তি পালে Kesariya

author img

By

Published : Jul 17, 2022, 3:43 PM IST

সকলোৰে হৃদয়ত স্থান দখল কৰা আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ অভিনীত ব্ৰহ্মাস্ত্ৰৰ প্ৰথমটো গীত Kesariyaৰ মুক্তি লাভ(Brahmastra song Kesariya) । মাৰ্চ মাহত বাৰাণসীত শ্বুটিং সম্পন্ন হোৱা সদ্য মুক্তিপ্ৰাপ্ত গীতটোত আলিয়া আৰু ৰণবীৰক মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব ।

brahmastra-song-kesariya-ranbir-alias-romantic-track-is-likely-to-be-biggest-love-anthem-of-the-year
অপেক্ষাৰ অন্ত পৰিল! মুক্তি পালে Kesariya

চিটাৰা ডেস্ক, 17 জুলাই : অৱশেষত অপেক্ষাৰ অন্ত পৰিল ! মুক্তি লাভ কৰিলে ব্ৰহ্মাস্ত্ৰৰ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ অভিনীত ৰোমান্টিক গীত 'Kesariya' (Brahmastra song Kesariya out)। সদ্য মুক্তিপ্ৰাপ্ত গীতটোত আলিয়া আৰু ৰণবীৰক এক ৰোমান্টিক দৃশ্যত দেখিবলৈ পোৱা গৈছে । উল্লেখ্য যে, মাৰ্চ মাহত বাৰাণসীত শ্বুটিং সম্পন্ন কৰা হৈছিল মিউজিক ভিডিঅ’টোৰ(Brahmastra song Kesariya) ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰীতমৰ ৰচিত, অমিতাভ ভট্টাচাৰ্যৰ পৰিচালনা আৰু অৰিজিৎ সিঙে কণ্ঠদান কৰা এই গীতটোৰ টিজাৰে ইতিমধ্যে দৰ্শকে বিপুল সঁহাৰি লাভ কৰিছে । ইফালে, তেলুগু আৰু তামিল ভাষাত গীতটিত কন্ঠদান কৰিছে সিদ শ্ৰীৰামে । ১৪ এপ্ৰিলত আলিয়া আৰু ৰণবীৰৰ বিবাহৰ পূৰ্বে ব্ৰহ্মাস্ত্ৰৰ গীতটোৰ টিজাৰ শ্বেয়াৰ কৰিছিল । তেতিয়াৰ পৰাই Kesariya গীতটোৱে সামাজিক মাধ্যমত ভীষণ জনপ্ৰিয়তা লাভ কৰিছিল(Ranbir Alia kesariya song) ।

ইয়াৰ পূৰ্বে আয়ানে নিজৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে গীতটোক লৈ নিজৰ আগ্ৰহ শ্বেয়াৰ কৰিছিল । তেওঁ গীতটোৰ এটা ভিডিঅ’ পোষ্ট কৰিছিল, য’ত অনুৰাগীৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল, আৰু লগতে লিখিছিল যে, তেওঁলোকে প্ৰথমাৱস্থাত ছবিখনৰ প্ৰথমটো গীত শিৱ (ৰণবীৰৰ চৰিত্ৰ)ক কেন্দ্ৰ কৰি হোৱাটো বিচাৰিছিল । কিন্তু কেছৰিয়াৰ টিজাৰটোৰ বাবে ইমানেই জনপ্ৰিয়তা লাভ কৰিছিল যে, নিৰ্মাতাসকলে প্ৰথমে ইয়াক ৰিলিজ দিয়াৰ সিদ্ধান্ত লৈছিল ।

উল্লেখ্য যে, ব্ৰহ্মাষ্ট্ৰ হৈছে এখন তিনিটা খণ্ডৰ চলচ্চিত্ৰ ফ্ৰেঞ্চাইজি আৰু ভাৰতৰ প্ৰথম মৌলিক বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি এষ্ট্ৰাভাৰ্ছ । ভাৰতীয় পৌৰাণিক কাহিনীৰ আধাৰত অনুপ্ৰাণিত কিন্তু আধুনিক জগতত স্থাপন কৰা ই এক নতুন মৌলিক চিনেমাৰ বিশ্বব্ৰহ্মাণ্ড । ইফালে মুকেৰজীয়ে কয় যে, ই কোনো ছুপাৰহিৰো ছবি নহয় বৰঞ্চ পৰিচালকে নিজাকৈ এক "আধুনিক সংস্কৰণ" লিখিবলৈ চেষ্টা কৰাৰ ফেণ্টাচি সংস্কৰণহে ।

২০২২ চনৰ ৯ ছেপ্টেম্বৰত হিন্দী, তামিল, তেলেগু, মালয়ালম আৰু কানাড়া আদি ভাষাত ছবিখন চিত্ৰগৃহত মুক্তি পাব ব্ৰহ্মাস্ত্ৰ । অমিতাভ বচ্চন, মৌনি ৰায় আৰু নাগাৰ্জুন আক্কিনেনীকো দৰ্শকে দেখিবলৈ পাব এই ছবিখনত ৷

লগতে পঢ়ক : Good Luck Jerry Trailer: এইবাৰ বিহাৰী ছোৱালীৰ চৰিত্ৰত জাহ্নৱীয়ে হহুৱাব দৰ্শকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.