ETV Bharat / entertainment

Brahmastra Box Office Day 2: ব্ৰহ্মাস্ত্ৰৰ দ্বিতীয় দিনৰ কালেকশ্যনত সুখী ছবি নিৰ্মাতা - ব্ৰহ্মাস্ত্ৰ পাৰ্ট ৱান

দেওবাৰে ‘ব্ৰহ্মাষ্ট্ৰ’ ছবিখনৰ প্ৰযোজক অয়ন মুকেৰ্জীয়ে কয় যে, বিশ্বব্যাপী বক্স অফিচ কালেকশ্যনত ব্ৰহ্মাস্ত্ৰই (Brahmastra box office collection Day 2) প্ৰথম দুদিনতে ১৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে ।

Brahmastra box office day 2: Makers thank audience as gross collections mints over Rs 150 cr
ব্ৰহ্মাস্ত্ৰৰ দ্বিতীয় দিনৰ কালেকশ্যনত সুখী ছবি নিৰ্মাতা: দৰ্শকক জনালে ধন্যবাদ
author img

By

Published : Sep 11, 2022, 6:42 PM IST

চিটাৰা ডেস্ক, 11 ছেপ্টেম্বৰ: 9 ছেপ্টেম্বৰত চলচ্চিত্ৰ নিৰ্মাতা অয়ন মুকেৰ্জীৰ দীৰ্ঘদিনীয়া পৰিকল্পনা ব্ৰহ্মাস্ত্ৰই মুক্তি লাভ কৰে । মুখ্য চৰিত্ৰত অভিনয় কৰা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ ছবিখনে মুকলি দিনত কেইবাটাও ৰেকৰ্ড ভংগ কৰিছে ।

দেওবাৰে ‘ব্ৰহ্মাস্ত্ৰ’ ছবিখনৰ প্ৰযোজক অয়ন মুকেৰ্জীয়ে কয় যে, বিশ্বব্যাপী বক্স অফিচ কালেকশ্যনৰ ব্ৰহ্মাস্ত্ৰৰ (Brahmastra box office collection Day 2) প্ৰথম দুদিনতে ১৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । ৯ ছেপ্টেম্বৰত মুক্তি পোৱা ৰণবীৰ কাপুৰ আলিয়া ভট্ট আৰু অমিতাভ বচ্চন অভিনীত বিগ বাজেট ছবিখনে প্ৰথম দিনাই ৭৫ কোটি টকা সংগ্ৰহ কৰে (Brahmastra box office collection Day 1)। একে সময়তে প্ৰডাকচন বেনাৰ ষ্টাৰ ষ্টুডিঅ’ আৰু ধৰ্মা প্ৰডাকচনৰ মতে, ‘ব্ৰহ্মাস্ত্ৰ’ পাৰ্ট ৱান: শিৱাই দ্বিতীয় দিনা বক্স অফিচত ৮৫ কোটি টকা উপাৰ্জন কৰি মুঠ সংগ্ৰহ ১৬০ কোটিলৈ বৃদ্ধি কৰে ।

‘ব্ৰহ্মাস্ত্ৰ পাৰ্ট ৱান: শিৱাই চলচ্চিত্ৰ জগত, থিয়েটাৰ মালিক আৰু দৰ্শকলৈ অপৰিসীম আনন্দ কঢ়িয়াই আনিছে, ছবিখনৰ অভিনয়ে বিশ্বজুৰি দৰ্শকৰ পৰা বিনম্ৰ সঁহাৰি লাভ কৰাৰ লগতে দ্বিতীয় দিনা ৬০টা জিবিঅ’চি লাভ কৰিছে ৷ ছবি নিৰ্মাতাসকলে এটা টোকাৰ জৰিয়তে কয় যে, ‘ব্ৰহ্মাস্ত্ৰ’ই এতিয়ালৈকে সৰ্ববৃহৎ ডাঙৰ পৰ্দাৰ অভিজ্ঞতা দিছে আৰু ছবিখন সকলো বয়সৰ লোকৰ বাবে একচন, ৰোমাঞ্চ, নাটক আৰু গোৰ্জিয়াছ ভিএফএক্সেৰে ভৰি আছে ।

৪০০ কোটিৰো অধিক বিপুল বাজেটত নিৰ্মাণ কৰা হৈছে অয়ন মুকেৰ্জীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন । ছবিখনৰ দুয়োটা দিনৰ সংগ্ৰহ তেওঁ নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত ইতিমধ্যে শ্বেয়াৰ কৰিছে । তেওঁ লিখিছে যে, ‘পৃথিৱীত প্ৰেমতকৈ ডাঙৰ ‘ব্ৰহ্মাস্ত্ৰ’ নাই । এই সপ্তাহৰ শেষৰ ফালে ছবিগৃহত মৰম আৰু পোহৰ বিয়পোৱাৰ বাবে আমাৰ সকলো দৰ্শকক ধন্যবাদ ।

'ব্ৰহ্মাস্ত্ৰ পাৰ্ট ৱান: শিৱা' শিৱা নামৰ এজন DJৰ ওপৰত আধাৰিত, যিয়ে প্ৰথম দৃষ্টিতে ঈশা নামৰ এগৰাকী মহিলাৰ প্ৰেমত পৰে ৷ তেওঁৰ বিশেষ শক্তিৰ উৎপত্তি বিচাৰি সেই যাত্ৰাত ঈশাই সংগ দিয়ে । একে সময়তে অমিতাভ বচ্চনেও শিৱাৰ গুৰু হিচাপে অভিনয় কৰিছে । হিন্দী, তামিল, তেলেগু আৰু কানাড়া আদি ভাষাৰ লগতে মালয়ালম ভাষাতো মুক্তি লাভ কৰিছে ছবিখনে । 2D, 3D আৰু IMAX 3Dত ছবিগৃহত মুক্তি পোৱা এই ছবিখনত অভিনয় কৰিছে অভিনেত্ৰী মৌনি ৰয় আৰু দক্ষিণৰ ছুপাৰষ্টাৰ নাগাৰ্জুনাও ।

আপোনালোকক জনাই দিও যে, VFX আৰু প্ৰযুক্তিৰ লেঞ্চৰ জৰিয়তে স্কেল কৰা বিশ্বব্ৰহ্মাণ্ডক কল্পনা কৰা এই ধৰণৰ প্ৰথমখন ছবি ‘ব্ৰহ্মাস্ত্ৰ’। ছবিখনত ৪৫০০ৰো অধিক VFX শ্বট দেখুওৱা হৈছে, যাৰ ফলত ই বিশ্বজুৰি যিকোনো ছবিৰ ভিতৰতে সৰ্বাধিক ভিজুৱেল ইফেক্টৰ সম্ভাৱ্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: Brahmastra box office collection Day 1:আৰআৰআৰ ৰ প্ৰথম দিনৰ উপাৰ্জন অতিক্ৰম কৰিছে ব্ৰহ্মাস্ত্ৰই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.