ETV Bharat / entertainment

বড়ো ছবি " চিনাইথি- দ্য আইডেনটিটি "লৈ দৰ্শকৰ বিপুল সঁহাৰি

author img

By

Published : Sep 17, 2019, 6:55 PM IST

Updated : Jun 28, 2022, 10:38 AM IST

বাক্সা জিলাত মুক্তি লাভ কৰা বড়ো ছবি " চিনাইথি- দ্য আইডেনটিটি "য়ে বড়ো ভাষাৰ ছবিলৈ কঢ়িয়াই আনিছে সুখৰ বতৰা

চিনাইথি দ্য আইডেনটিটি
বড়ো ছবি " চিনাইথি- দ্য আইডেনটিটি "লৈ দৰ্শকৰ বিপুল সঁহাৰি

বাক্সা,17ছেপ্টেম্বৰঃবাক্সা জিলাৰ বৰমাৰ 'ডাৰ্ক হৰ্স মেডিয়া'ৰ প্ৰথম নিবেদন " চিনাইথি- দ্য আইডেনটিটি " নামৰ বড়ো ভাষাৰ ছবিখন যোৱা ১৫ ছেপ্টেম্বৰৰ দিনা বাক্সা জিলাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত মুক্তি লাভ কৰে ৷ছবিখন উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি কমলাকান্ত মুছাহাৰীয়ে ৷ উদ্বোধনী সভাত গীত পৰিৱেশন কৰে কন্ঠশিল্পী বিৰাজ মোছাহাৰী আৰু গীতাশ্ৰী ৰামছিয়াৰীয়ে ৷ এই সভাখনত বড়ো সাহিত্য সভাৰ উপ সভাপতি দীপক কুমাৰ বসুমতাৰী, বিটিচিৰ ই এম অনছুমৈ খুংগুৰ বড়ো, বড়ো চিনে আৰ্টিষ্ট এছ'ছিয়েছনৰ সাধাৰণ সম্পাদক দীপক ৰামছিয়াৰী, বাক্সা জিলা বড়ো সাহিত্য সভাৰ সভাপতি অতুল স্বৰ্গীয়াৰী, বাক্সা জিলা বড়ো হাৰিমু আফাদৰ সভাপতি ধ্ৰুৱজ্যোতি বসুমতাৰী, অভিনেত্ৰী ফুজি বসুমতাৰী, কৰিস্মা বসুমতাৰী, মিনু লাহাৰী, জুনিমা বসুমতাৰী, ৰঘুনী বড়ো, অভিনেতা ৰণ নাৰ্জাৰী, মেন্দেলা, কম্লেশ্বৰ বসুমতাৰী, প্ৰদীপ বসুমতাৰী, মন্টু বড়ো, ৰিংখাং বৰগয়াৰী, জৌয়েন, বুবুল কছাৰীৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে সঞ্জীৱ বড়োই চিত্ৰগ্ৰহণ কৰা ছবিখনত নৃত্য নিৰ্দেশনা নিকোদিম নাৰ্জাৰীৰ ৷ সুলেন মোছাহাৰীয়ে লিখা ছবিখনক সম্পাদনা কৰিছে অনসুমা বসুমতাৰী আৰু দানিয়াল স্বৰ্গীয়াৰীয়ে ৷ বিৰাজ মোছাহাৰীয়ে সংগীত পৰিচালনা কৰা ছবিখনত কন্ঠদান কৰিছে বিৰাজ মুছাহাৰী, গীতাশ্ৰী ৰামছিয়াৰী, জনালী স্বৰ্গীয়াৰী আৰু বিৰখাং ব্ৰহ্মই ৷ ছবিখনৰ অভিনেতা- অভিনেত্ৰীসকলৰ নাম ক্ৰমে, ৰংজালু নাৰ্জাৰী, ফুজি বসুমতাৰী, কমলেশ্বৰ বসুমতাৰী, ৰিংকুমণি নাৰ্জাৰী, মিনু লাহাৰী, থাখ্লাই, মেন্দেলা, ৰুমি বসুমতাৰী, ফাখন আৰু বিৰখাং ৷ লগতে ছবিখনৰ প্ৰযোজনা কৰিছে অনসুমা বসুমতাৰী আৰু দানিয়াল স্বৰ্গীয়াৰীয়ে ৷ ছবিখনত মেক আপ কৰিছে জগত বড়োৱে ৷

Last Updated : Jun 28, 2022, 10:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.