চিটাৰা ডেস্ক, 25 এপ্ৰিল: আপ নেতা ৰাঘৱ চাড্ডাৰ সৈতে বিবাহৰ খবৰৰ বাবেই বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা বিগত সময়ৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । যোৱা মাহত মুম্বাইত দুয়োকে একেলগে দুবাৰকৈ দেখা পোৱা গৈছিল আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ ডেটিং আৰু আঙঠি পিন্ধোৱাৰ বাতৰি । গতিকে এতিয়া প্ৰতিবাৰেই অভিনেত্ৰীগৰাকীক ৰাজহুৱাভাৱে দেখা পোৱাৰ সময়ত পাপাৰাজীয়ে ৰাজনীতিবিদগৰাকীৰ সৈতে তেওঁৰ বিয়াৰ বিষয়ে প্ৰশ্ন নকৰাকৈ থাকিব নোৱাৰে (Parineeti Chopr)।
শেহতীয়াকৈ পৰিণীতিক সোমবাৰে নিশা মুম্বাই বিমানবন্দৰত উপস্থিত হোৱা দেখা গৈছিল ৷ বিমানবন্দৰত পাপাৰাজীয়ে অভিনেত্ৰীগৰাকীক দেখা পোৱাৰ পিচতে বিয়াৰ সন্দৰ্ভত প্ৰশ্ন সোধা দেখা পোৱা যায় ৷ ইফালে অভিনেত্ৰীগৰাকীয়ে এয়াৰপৰ্ট লুকৰ বাবে বাছি লৈছিল ক’লা অভাৰচাইজ টি-চাৰ্ট আৰু চেকাৰ পেণ্ট । বগা স্নিকাৰ আৰু বেগ এটাৰে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে (Parineeti wedding rumour) ।
অভিনেত্ৰীগৰাকীক গেটৰ মাজেৰে খোজ কাঢ়ি যোৱা দেখা পোৱাৰ পিচতে ফটোগ্ৰাফাৰসকলে পৰিণীতিক বিয়াৰ বিষয়ে তথ্য দিবলৈ কয় । ফটোগ্ৰাফাৰসকলে অভিনেত্ৰীগৰাকীক প্ৰশ্ন কৰি থাকোঁতে লাজত ৰঙা পৰা দেখা অভিনেত্ৰীগৰাকীক ৷ আনকি পাপাৰাজীয়ে অভিনেত্ৰীগৰাকীক বিয়াৰ তাৰিখটো শ্বেয়াৰ কৰিবলৈও কয় যাতে তেওঁলোকে নিজৰ বাবে শ্বেৰৱানি প্ৰস্তুত কৰিব পাৰে (Parineeti to marry aap leader raghav chadha)।
- " class="align-text-top noRightClick twitterSection" data="
">
ইয়াৰ পিচতে পাপাৰাজীয়ে নিজকে ‘লাডকিৱালে’ বুলি অভিহিত কৰি কইনাৰ ফালৰ পৰা তেওঁলোকে বিয়াত উপস্থিত থাকিব বুলিও কয় । এই কথাত হাঁহি ৰখাব নোৱাৰি পৰিণীতিয়ে উত্তৰ দি কয়, ‘তুম লগ পাগল হো চুকে হো’ (আপোনালোক পাগল হৈ গ’ল)। ইয়াৰ পিচত পৰিণীতিয়ে পেপছৰ বাবে পোজ দিয়া দেখা যায় (Parineeti chopra latest news) ।
ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে অনুৰাগী আৰু প্ৰশংসকসকলে কমেন্টযোগে নিজৰ মতামত প্ৰকাশ কৰে । ভিডিঅ’টোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে, ‘সঁচাকৈ ঠিকে কৈছে, মিডিয়া পাগল হৈ গৈছে, কাৰ কেতিয়া বিয়া হ’ব সেইবিলাকত লাগি থাকে । আন এজনে লিখিছে, ‘ব্লাছিং ব্লাছিং’ ।
শেহতীয়াকৈ পোৱা খবৰ অনুসৰি পৰিণীতি আৰু ৰাঘৱৰ এংগেজমেণ্ট হোৱা বুলি জানিব পৰা গৈছে । এই উৰাবাতৰি আৰম্ভ হৈছিল যেতিয়া অভিনেত্ৰীগৰাকীয়ে আঙঠিৰ আঙুলিত ৰূপৰ আঙঠি পৰিধান কৰা দেখা পোৱা গৈছিল ৷ খবৰ অনুসৰি এই অক্টোবৰ মাহত ৰাঘৱ-পৰিণীতি বিবাহপাশত আবদ্ধ হ’ব আৰু একে সময়তে জিঅ’ মামি চলচ্চিত্ৰ মহোৎসৱৰ ২৩ সংখ্যক পুনৰাবৃত্তিৰ বাবে ভাৰতত থকাৰ বাবে প্ৰিয়ংকা চোপ্ৰাই এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে ।
লগতে পঢ়ক: Aryan Khan : আৰিয়ান খানে পৰিচালনা কৰিছে পিতৃ শ্বাহৰুখ খানক, টিজাৰে উত্তেজনা বৃদ্ধি কৰিছে অনুৰাগীৰ