চিটাৰা ডেস্ক, 23 জুলাই : কে-পপৰ গাৰ্ল গ্ৰুপ ব্লেকপিংকৰ সদস্য জেনীয়ে আগন্তুক এইচ বি অ’ টিভি ধাৰাবাহিক দ্য আইডলত অভিনয় কৰিব ৷ উইকণ্ড আৰু লিলি-ৰোজ ডেপৰ সৈতে দেখিবলৈ পোৱা যাব তেওঁক । উইকণ্ড (প্ৰকৃত নাম এবেল টেছফাই), ইউফ’ৰিয়া খ্যাত ছেম লেভিনছন আৰু ৰেজা ফাহিমৰ সহযোগত নিৰ্মিত দ্য আইডল সংগীত উদ্যোগৰ পটভূমিত স্থাপন কৰা হৈছে । কাহিনীটোত এজন স্ব-সহায়ক গুৰু আৰু ধৰ্মীয় নেতাক অনুসৰণ কৰা হয় যিয়ে উঠি অহা পপ আইডল এজনৰ সৈতে এক জটিল সম্পৰ্ক গঢ়ি তোলে ।
- " class="align-text-top noRightClick twitterSection" data="
">
জেনী কিমক শেহতীয়াকৈ মুকলি কৰা শ্ব’টোৰ ট্ৰেইলাৰত চমুকৈ দেখা গৈছিল । শ্ব’টোৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই । এইচ বি অ’ই টুইটাৰযোগে জেনীৰ অংশগ্ৰহণ নিশ্চিত কৰিছে ( Blackpink Jennie latest news) । ইয়াত উল্লেখ কৰা হৈছিল এইদৰে, "Jennie Kim has been cast in #THEIDOL,"
- " class="align-text-top noRightClick twitterSection" data="
">
পিছত তাৰকাগৰাকীয়ে পিছত শ্ব’টোত নিজৰ ভূমিকা বা চৰিত্ৰৰ বিষয়ে বৰ্ণনা নকৰাকৈ তথ্যখিনি দুগুণ কৰি তুলিছিল । জেনীয়ে নিজৰ এজেন্সীৰ জৰিয়তে কয় যে, "মই চিত্ৰনাট্যখন অতি আকৰ্ষণীয় হিচাপে পাইছিলো, গতিকে মই ধাৰাবাহিকখনৰ অংশ হ’ব বিচাৰিছিলো । কোৰিয়াৰ সংবাদ সংস্থা য়নহাপে প্ৰকাশ কৰিছে এই উক্তি । "মই বৰ উত্তেজিত অনুভৱ কৰিছো । মই কঠোৰ পৰিশ্ৰম কৰিম, গতিকে অনুগ্ৰহ কৰি সকলোৱে মোক মৰমেৰে গ্ৰহণ কৰিব" ৷
এই ঘোষণাই কে-পপৰ অনুৰাগীসকলৰ মাজত উত্তেজনাৰ ঢৌৰ সৃষ্টি কৰে ৷ কিছুমানে দ্য আইডলক জেনীৰ বৈধ অভিনয়ৰ আত্মপ্ৰকাশ বুলি গণ্য কৰিছে । ইয়াৰ পূৰ্বে তেওঁ টিভি ধাৰাবাহিক কেছল আইনষ্টাইন আৰু দ্য ক্লেচ, নেটফ্লিক্সৰ তথ্যচিত্ৰ ব্লেকপিংক: দ্য মুভী আৰু দীৰ্ঘদিনীয়া ইউটিউব ধাৰাবাহিক ব্লেকপিংকত অভিনয় কৰিছিল ।
লগতে পঢ়ক : Nanchiyamma: ৰাষ্ট্ৰীয় বঁটা প্ৰাপক প্ৰথমগৰাকী জনজাতীয় নেপথ্য গায়িকা নানচিয়াম্মা