চিটাৰা ডেস্ক, 6 আগষ্ট: বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰ বিয়াৰ ছয়বছৰ পিচত এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ সুখ লাভ কৰে ৷ অৱশ্যে পিতৃ-মাতৃ হোৱাৰ পিচৰে পৰা বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰ ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে ৷ এই দম্পতীৰ কন্যাৰ নাম দেৱী। প্ৰায়ে বিপাশাই অনুৰাগীৰ বাবে ছ’চিয়েল মিডিয়াত কন্যা দেবীৰ ছবি শ্বেয়াৰ কৰে ৷ কিন্তু শেহতীয়াকৈ বিপাশাই কন্যা দেবীক লৈ এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ৷ দেবীৰ বিষয়ে তথ্য প্ৰকাশ কৰি আবেগিক হৈ পৰা দেখা গ’ল অভিনেত্ৰীগৰাকীক ৷ দেবীৰ বিষয়ে এনে কি তথ্য প্ৰকাশ কৰিছিল বিপাশাই জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷
কৰণ আৰু বিপাশাৰ কন্যা দেবীৰ হৃদয়ত দুটা ফুটা আছিল
শেহতীয়াকৈ নেহা ধুপীয়াৰ সৈতে ইনষ্টাগ্ৰাম লাইভ চেচনৰ সময়ত এই কথা প্ৰকাশ কৰিছে বিপাশাই । অভিনেত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ কন্যাৰ হৃদযন্ত্ৰত দুটা ফুটা আছিল আৰু তিনিমাহ বয়সত দেবীৰ হৃদযন্ত্ৰৰ মুকলি অস্ত্ৰোপচাৰ কৰা হয় । অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘‘আমাৰ যাত্ৰা যিকোনো স্বাভাৱিক অভিভাৱকৰ তুলনাত বহুত বেলেগ আছিল, বৰ্তমান মোৰ মুখত যি হাঁহি আছে তাতকৈ অধিক কঠিন আছিল সেইটো সময় । কোনো মাতৃৰ লগত এনেকুৱা হোৱাটো মই নিবিচাৰো ।’’
বিপাশাই লগতে কয়, ‘‘দেবীৰ জন্মৰ তৃতীয় দিনা মই গম পালো যে, দেবীৰ হৃদয়ত এটা নহয় দুটা ফুটা আছে । এয়া আছিল মোৰ আৰু মোৰ পৰিয়ালৰ বাবে এক চাঞ্চল্যকৰ খবৰ । অভিনেত্ৰীগৰাকীয়ে এই কথা শ্বেয়াৰ কৰিব নিবিচাৰিলেও নিজকে বাধা দিব নোৱাৰিলে । এনে বহু মাতৃ আছিল যিয়ে তেওঁক সহায় কৰিছিল আৰু এতিয়া সকলোকে বিচাৰি পোৱাটো টান ।
বিপাশা বসুৰ মতে VSD কি সেয়া বুজিব পৰা নাছিল । এইটো এটা ভেণ্টিকুলাৰ চেপটাল ডিফেক্ট । এই বিষয়ে তেওঁ পৰিয়ালৰ লগতো আলোচনা কৰা নাছিল, দুয়ো স্বামী-স্ত্ৰীয়ে নিজৰ কন্যাজনীৰ জন্ম উদযাপন কৰিব বিচাৰিছিল । কিন্তু তেওঁলোকে তেনে কৰিবলৈ সক্ষম নহ’ল । দেৱীৰ হৃদয়ত যি ধৰণৰ ডাঙৰ ফুটা আছিল, তেওঁলোকক কোৱা হৈছিল যে সেয়া সন্দেহজনক । দেবীৰ অস্ত্ৰোপচাৰ কৰিব লাগিব । যাৰ বাবেই জন্মৰ তিনিমাহৰ পিছত দেৱীৰ অস্ত্ৰোপচাৰ কৰা হৈছিল । বিপাশাই ক’লে যে কৰণ ইয়াৰ বাবে সম্পূৰ্ণ সাজু হোৱা নাছিল । তেওঁৰ কন্যাৰ অস্ত্ৰোপচাৰ ছয় ঘণ্টা ধৰি চলিছিল । অপাৰেচন সফল হোৱাৰ পিচত কৰণ আৰু বিপাশা সকাহ পায় । অৱশ্যে এতিয়া দেৱী সুস্থ বুলি ক’লে বিপাশাই ।
লগতে পঢ়ক: Bipasha Karan Daughter Face : কন্যা দেৱীৰ ফটো প্ৰকাশ কৰিলে বিপাশাই, অনুৰাগীয়ে ক’লে, কৰণৰ কাৰ্বন কপি