নলবাৰী, ৩০ আগষ্ট: ৫৬ বৰ্ষত ভৰি দিলে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী থিয়েটাৰ ভাগ্যদেৱী ৷ এই উপলক্ষে মংগলবাৰে শুভ উদ্বোধন কৰা হয় ভাগ্যদেৱীৰ নাট মঞ্চৰ ৷ তিনিখন ব্যয়বহুল আৰু জনপ্ৰিয় নাটকৰ এমাহ জোৰা আখৰাৰ অন্তত মংগলবাৰে নিশা নলবাৰীৰ মৰোৱাত ২০২৩-২৪ নাট্যবৰ্ষৰ আয়োজন কৰা হয় ৷
মৰোৱা শংকৰদেৱ ক্ষেত্ৰত নিশা মাংগলিক ৰীতি-নীতিৰে ফিটা কাটি নাট মঞ্চ উদ্বোধন কৰে থিয়েটাৰ ভাগ্যদেৱীৰ । অসম চলচ্চিত্ৰ নিগমৰ উপাধ্যক্ষ তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী আলেখ্য বৰুৱাই ফিটা কাটি এইবৰ্ষৰ বাবে নাট্যগোষ্ঠীটোৰ শুভ যাত্ৰা মুকলি কৰে ।
বিশিষ্ট নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ৰাজ ৰাণী নামৰ নাটকখনেৰে শুভ উদ্বোধন হয় ভাগ্যদেৱীৰ মঞ্চ । লগতে ৰাজদ্বীপৰ বিদ্ৰোহীৰ প্ৰেম পত্ৰ আৰু বিশিষ্ট নাট্যকাৰ নৱৰত্ন পাটোৱাৰীৰ ৰচিত মায়াবিনী ৰাতিৰ জোনাক নামৰ আন দুখন নাটকেৰে এইবাৰ ৰাইজৰ মাজলৈ ওলাই আহিছে নাট্যগোষ্ঠীটো । এই তিনিওখন মনশীল নাটকত এইবাৰ নাট্যপ্ৰেমী ৰাইজ তথা দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিব বুলি আশাবাদী থিয়েটাৰখনৰ প্ৰযোজক সুবোধ মজুমদাৰ আৰু কলা-কুশলী ।
প্ৰয়াত শৰৎ মজুমদাৰৰ স্মৃতিত দুই পুত্ৰ ক্ৰমে সুবোধ মজুমদাৰ আৰু তেওঁৰ ভাতৃ বিৰাজ মজুমদাৰে প্ৰতিবছৰে নাট্যগোষ্ঠীটোক ৰাইজৰ মাজলৈ আগঢ়াই নি এক অনন্য দিশত আগুৱাই লৈ গৈছে । মংগবাৰে সন্ধিয়াৰ পৰা মৰোৱাৰ ভূমিত থিয়েটাৰখনিৰ নাট মুকলিৰ এক মাংগলিক অনুষ্ঠানৰ আয়োজন কৰি নাট্যগোষ্ঠীটোৰ মঞ্চতে প্ৰতিবছৰে প্ৰয়াত শৰৎ মজুমদাৰৰ স্মৃতিত বঁটা প্ৰদান কৰা হয় ৷
এইবেলিও উক্ত অনুষ্ঠানতে শৰৎ মজুমদাৰ স্মৃতি বঁটা প্ৰদান কৰে অসমৰ বিশিষ্ট নাট্যকাৰ, অভিনেতা তথা টাইটানিকৰ দৰে জনপ্ৰিয় নাটক ৰচনা কৰা হেমন্ত দত্তলৈ আগবঢ়োৱা হয় । উক্ত অনুষ্ঠানত উদ্বোধক অলেখ্য বৰুৱা, হেমন্ত দত্ত, প্ৰযোজক, কলা-কুশলীকে ধৰি নলবাৰীৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ভাষণ প্ৰসংগত আটাইকেইগৰাকী ব্যক্তিয়ে নাট্যগোষ্ঠীটোৰ জয়যাত্ৰা কামনা কৰে ।
লগতে পঢ়ক: Monjul Baruah: অসমীয়া ছবি অনুৰে যুঁজিলে আৰু অৱশেষত জিকি আহিল