চিটাৰা ডেস্ক, 28 এপ্ৰিল: কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰক হিচাপে সন্মান লাভ কৰা বলীউড তাৰকাসকলৰ তালিকাত নাম সোমাল মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ নাম (Cannes Film Festival 2022) ৷ ৭৫ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰকৰ দায়িত্বত থাকিব দীপিকা ৷ বিশ্বব্যাপী আটাইতকৈ পুৰণি আৰু সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ হিচাপে পৰিচিত কান চলচ্চিত্ৰ মহোৎসৱত বছৰটোৰ কেইখনমান শ্ৰেষ্ঠ চলচ্চিত্ৰই তেওঁলোকৰ ৱৰ্ল্ড প্ৰিমিয়াৰৰ পৰিকল্পনা কৰিছে ।
ভাৰতীয় চলচ্চিত্ৰ আৰু প্ৰতিভাক সময়ে সময়ে বিভিন্ন মঞ্চত স্বীকৃতি দি অহা হৈছে ৷ শেহতীয়াকৈ বলীউডৰ শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকনক ৭৫ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰকৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ দীপিকাৰ পূৰ্বে এই চলচ্চিত্ৰ মহোৎসৱত বিচাৰক হিচাপে থকা বলীউডৰ তাৰকা কেইগৰাকীৰ বিষয়ে জানো আহক (Bollywood Stars at Cannes Film Festival)-
1.ঐশ্বৰ্য ৰায় বচ্চন
ঐশ্বৰ্য ৰায় বচ্চনে ২০০২ চনত শেখৰ কাপুৰৰ সৈতে তেওঁৰ ছবি 'দেৱদাস'ৰ বিশেষ প্ৰদৰ্শনৰ বাবে কান মহোৎসৱত আত্মপ্ৰকাশ কৰিছিল ৷ ২০০৩ চনত কান চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰা ঐশ্বৰ্য আছিল প্ৰথম ভাৰতীয় মহিলা অভিনেত্ৰী । তেতিয়াৰে পৰা ঐশ্বৰ্য কান মহোৎসৱৰ এগৰাকী নিয়মীয়া অংশগ্ৰহণকাৰী ৷

2.শৰ্মিলা ঠাকুৰ
এই প্ৰবীণ তাৰকাগৰাকী ২০০৯ চনত আন্তৰ্জাতিক প্ৰতিযোগিতাৰ অন্যতম জুৰী সদস্য আছিল । ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম দক্ষ অভিনেত্ৰী, সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত শৰ্মিলা ঠাকুৰ অভিনীত ছবি 'দেৱী' ১৯৬২ চনত ফিচাৰ ফিল্ম শ্ৰেণীৰ বাবে মনোনীত হৈছিল ।

3.বিদ্যা বালান
মহিলা কেন্দ্ৰিক চৰিত্ৰত অভিনয় কৰি বলীউডত নিজৰ এক সুকীয়া স্থান নিশ্চিত কৰা বালানে ২০১৩ চনত ৬৬ তম কান চলচ্চিত্ৰ মহোৎসৱত জুৰী সদস্য হিচাপে অংশ লৈছিল ।

4.শেখৰ কাপুৰ
'মিঃ ইণ্ডিয়া' ৰ পৰিচালকজনক ২০১০ চনত কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰক হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল । ১৯৯৪ চনত তেওঁৰ আন্তৰ্জাতিকভাৱে প্ৰশংসিত বেণ্ডিট কুইন ছবিখন ইয়াত উপস্থাপন কৰা হৈছিল ।

5.মীৰা নায়াৰ
এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক, মীৰা নায়াৰে 1990 চনত কান চলচ্চিত্ৰ মহোৎসৱৰ জুৰী সদস্য হিচাপে কাম কৰিছিল । কান মহোৎসৱৰ 1988 সংস্কৰণত তেওঁৰ ছবি 'ছালাম বম্বে' ছবিখনে অডিয়েন্স এৱাৰ্ড লাভ কৰে । তেওঁৰ বেছিভাগ চলচ্চিত্ৰই ভাৰতীয় ভিত্তিত নিৰ্মাণ কৰি আন্তৰ্জাতিক দৰ্শকক আকৰ্ষিত কৰিবলৈ নিৰ্মাণ কৰা হয় ।

লগতে পঢ়ক: Cannes 2022 : বিচাৰকৰ আসনত বলীউড ডিভা দীপিকা পাডুকন