ETV Bharat / entertainment

Dream Girl 2 Collection: ড্ৰিম গাৰ্ল ২ত পূজাৰ ৰূপত সকলোৰে হৃদয় জিনিলে আয়ুষ্মানে, কিমান হ’ল দ্বিতীয় দিনাৰ বক্স অফিচ সংগ্ৰহ ?

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 10:33 AM IST

অভিনেতা আয়ুষ্মান খুৰানাই নিজৰ সুনিপুণ অভিনয়ৰে সকলোকে আপ্লুত কৰে । আয়ুষ্মানে কম বাজেটৰ ভিতৰতো অনুৰাগীক সম্পূৰ্ণ মনোৰঞ্জন দিয়ে । ইফালে শেহতীয়াকৈ মুক্তি পোৱা ছবি ড্ৰিম গাৰ্ল ২য়ে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ জানো আহক ছবিখনে দ্বিতীয় দিনা বক্স অফিচত কিমান টকা উপাৰ্জন কৰিছে ৷

Ayushmanns film earned a bang on the second day the magic of pooja shadowed the box office
ড্ৰিম গাৰ্ল ২ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, 27 আগষ্ট: বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানা আৰু অনন্যা পাণ্ডেৰ ছবি ড্ৰিম গাৰ্ল ২ ছবিখনে বক্স অফিচত দেখুৱাইছে ভাল ফলাফল ৷ পুনৰবাৰ পূজাৰ ৰূপত সকলোৰে হৃদয়ত স্থান বনাবলৈ সক্ষম হৈছে আয়ুষ্মান খুৰানাই ৷ নিজৰ উৎকৃষ্ট অভিনয়ৰে সকলোৰে পৰা প্ৰশংসা লাভ কৰিছে অভিনেতাগৰাকীয়ে ৷ ছবিখন চোৱাৰ পিচত কেৱল দৰ্শকৰ পৰাই নহয়, বলীউডৰ বহু তাৰকাইয়ো ছবিখনক লৈ প্ৰশংসা কৰিছে ৷ ইফালে সকলোৰে দৃষ্টি নিক্ষেপ হৈছে ছবিখনৰ ব্যৱসায়ক লৈ ।

আয়ুষ্মান খুৰানাৰ ছবি ড্ৰিম গাৰ্ল ২ মুক্তিৰ আজি তৃতীয় দিন । এনে পৰিস্থিতিত দ্বিতীয় দিনৰ পৰিসংখ্যাও চৰ্চালৈ আহিছে । প্ৰথম দিনটোৰ তুলনাত দ্বিতীয় দিনা ছবিখনৰ সংগ্ৰহত বৃহৎ ব্যৱধান দেখা পোৱা গৈছে ৷ মাত্ৰ দুদিনৰ ভিতৰতে ছবিখনে বাজেট ব্যৱসায়ৰ আধাতকৈও অধিক সংগ্ৰহ কৰিছে ৷ এই ছবিখনে প্ৰথম দিনাই ১০.৬৯ কোটি টকাৰে বক্স অফিচত খাতা খুলিছিল ৷ যিটো এটা ভাল আৰম্ভণি বুলি বিবেচিত হৈছিল ।

কিন্তু দ্বিতীয় দিনা বক্স অফিচত এই সংখ্যা বৃদ্ধি পাইছে । লাভ কৰা তথ্য অনুসৰি দ্বিতীয় দিনা ড্ৰিম গাৰ্ল ২ য়ে ১৪ কোটি টকা উপাৰ্জন কৰিছে । যাৰ সৈতে দুদিনৰ মুঠ উপাৰ্জন ২৪.৬৯ কোটিলৈ বৃদ্ধি পাইছে । অৱশ্যে মন কৰিবলগীয়া কথাটো হ’ল এই ছবিখনৰ মুঠ বাজেট ৩৫ কোটি হে মাত্ৰ ৷ সেই অনুসৰি ছবিখনে আধাতকৈও অধিক খৰচ ইতিমধ্যেই উপাৰ্জন কৰিছে । এতিয়ালৈকে ছবিখন চোৱাসকলে আয়ুষ্মানৰ কামৰ প্ৰশংসা কৰিছে ৷

ড্ৰিম গাৰ্ল 2 পৰিচালনা কৰিছে ৰাজ শাণ্ডিল্যই । ড্ৰিম গাৰ্লৰ প্ৰথম খণ্ডটিও ৰাজ শাণ্ডিল্যই পৰিচালনা কৰিছিল । প্ৰথমখনত আয়ুষ্মানৰ বিপৰীতে দেখা গৈছিল নুশ্ৰত ভাৰুচাক। কিন্তু ছবিখনৰ দ্বিতীয় খণ্ডত তেওঁৰ ঠাইত অনন্যা পাণ্ডেয়ে স্থান লাভ কৰিছে । যদিও অনন্যাৰ কামো সকলোৱে পছন্দ কৰিছে । কিন্তু আয়ুষ্মানৰ সন্মুখত সকলো যে ব্যৰ্থ হৈছে । পূজা হৈ অভিনেতাগৰাকীয়ে নিজৰ ষ্টাইলেৰে সকলোৰে হৃদয় জয় কৰিছে ।

লগতে পঢ়ক: Dream Girl 2: ড্ৰিম গাৰ্ল ২ মুক্তিৰ বাবে মাজত মাত্ৰ ২ দিন বাকী; কিমান টিকট বুক হ’ল জানেনে ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.