ETV Bharat / entertainment

Film Ishwar promotion: ঈশ্বৰৰ প্ৰচাৰৰ বাবে বৰপেটাত উপস্থিত অতুল পাচনি - অতুল পাচনি

শীঘ্ৰেই মুক্তি পাব ‘ঈশ্বৰ’ নামেৰে এখন নতুন অসমীয়া ছবি ৷ বৰ্তমান ছবিখনৰ টীমটো ব্যস্ত প্ৰচাৰ অভিযানত ৷ শেহতীয়াকৈ বৰপেটাত উপস্থিত হৈছে অভিনেতা অতুল পাচনি ৷ সবিশেষ আগলৈ-

ishwar
আগন্তুক অসমীয়া ছবি ঈশ্বৰ
author img

By

Published : Nov 29, 2022, 3:55 PM IST

চিটাৰা ডেস্ক, 29 নৱেম্বৰ : অসমত পূৰ্বতে বেছিকৈ পৰিলক্ষিত হোৱা নাছিল ছবিৰ এনে প্ৰচাৰ অভিযান ৷ বেছিভাগ ক্ষেত্ৰতে উপভোগ কৰি অহা দৰ্শকৰ মুখ বাগৰিয়েই ছবিৰ প্ৰচাৰ হৈছিল ৷ কিন্ত আজিকালি মুক্তিৰ পূৰ্বেই অধিক গুৰুত্ব দিয়া হয় ছবি এখনৰ প্ৰচাৰ অভিযানত ৷ বিভিন্ন দিশৰ পৰা চাবলৈ গ’লে এখন ছবিৰ বাণিজ্যিক সফলতাৰ লগতে উদ্যোগ এটা নিয়মীয়াকৈ বৰ্তি থাকিবলৈ এই প্ৰচাৰ অভিযানৰ গুৰুত্ব আছে ৷

বৰপেটাত উপস্থিত অতুল পাচনি

আমি যদি অন্য ছবি উদ্যেগলৈ মন কৰো এই প্ৰচাৰ অভিযানৰ বহুল প্ৰচলন আছে ৷ অসমীয়া ছবি উদ্যোগত এই প্ৰচাৰ অভিযানৰ প্ৰাসংগিতা এতিয়া এই কাৰণেই অধিক হৈ পৰিছে, কিয়নো প্ৰায় বন্ধ হোৱাৰ দিশে গতি কৰিছিল এই উদ্যোগে ৷ মৃতপ্ৰায় অৱস্থাৰ পৰা আহি পুনৰ দৰ্শকৰ মাজত সজীৱ হৈ পৰিছে অসমীয়া চলচ্চিত্ৰ উদ্য়োগ ৷

লকডাউনৰ সময়ৰ পৰা নতুন চিন্তাধাৰাৰে বহু ন-পুৰণি ছবি নিৰ্মাতাই সাহস কৰি আগুৱাই আহি অসমীয়া চলচ্চিত্ৰ প্ৰেমীৰ বাবে আগবঢ়ালে বহু কেইখন অসমীয়া ছবি ৷ সকলোৱে সুন্দৰ প্ৰদৰ্শন কৰা নাই যদিও দৰ্শকে অৱশ্যেই আকোঁৱালি লৈছে বহু কেইখন ছবি ৷ সেই সময়ৰ পৰাই অসমতো দেখিবলৈ পোৱা গৈছে ছবি এখনৰ মুক্তিৰ পূৰ্বে প্ৰচাৰ অভিযানক লৈ ব্যস্ততা ৷ ই প্ৰয়োজনীয়, নানা ধৰণৰ আকৰ্ষণৰ মাজত ডুব গৈ থকা মানুহক কাহিনী তথা বিষয়বস্তুৰ আভাসেৰে ছবি গৃহলৈ অনাৰ বাবে প্ৰচাৰ অভিযানেই একমাত্ৰ উপায় ৷

চলিত বছৰত মুক্তি পোৱা কেইবাখনো ছবিয়ে এই প্ৰচাৰৰ লগতে উন্নত মানৰ চিত্ৰনাট্যৰ বাবে সফলতাৰ মুখ দেখিবলৈ পাইছে ৷ শেহতীয়াকৈ অভিনেতা অতুল পাচনিয়ে তেওঁৰ আগন্তুক ছবি ‘ঈশ্বৰ’ ৰ প্ৰচাৰৰ বাবে ঘূৰিছে ইমূৰ-সিমূৰ ৷ সত্ৰনগৰী বৰপেটাৰ বাৰাদিৰ সন্তান দীনেশ দাসৰ প্ৰযোজনা আৰু ৰুবুল দাসৰ পৰিচালনাৰে নিৰ্মিত ছবিখনৰ প্ৰচাৰৰ বাবে সত্ৰনগৰী বৰপেটাত উপস্থিত হয় ছবিখনৰ প্ৰযোজকসহ কেইবাজনো কলা-কুশলী ৷ ছবিখনত অতুল পাচনি আৰু প্ৰয়াত অভিনেতা নিপন গোস্বামীয়ে দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ আন আন চৰিত্ৰত আছে নৱাগতা অভিনেত্ৰী দৃষ্টি বৰ্মন, চম্পক শৰ্মা, কবিতা চুতীয়া, পংকজ শৰ্মা, দীনেশ দাসকে আদি কৰি কেইবাজনো তাৰকা ৷

মনোৰঞ্জন, এক্সন, ৰোমাঞ্চ আৰু থ্ৰীলাৰেৰে পূৰ্ণ ছবিখনে দৰ্শকক সন্তুষ্ট কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী নিৰ্মাতাৰ লগতে কলাকুশলীসকল ৷ অসমীয়া ছবিজগতলৈ ক্ৰমাৎ ভাল দিন উভতি অহা বুলি মন্তব্য কৰি ঈশ্বৰ ছবিখন আদৰি লবলৈ বৰপেটাবাসীৰ লগতে সকলো চলচ্চিত্ৰ প্ৰেমী ৰাইজলৈ আহ্বান জনায় অতুল পাচনিয়ে ৷

লগতে পঢ়ক : Made in Nalbari চাবলৈ 2 ডিচেম্বৰত যাওক ছবি ঘৰলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.