ETV Bharat / entertainment

Malti My Love: বুছান ফিল্ম ফেষ্টিভেলৰ এছিয়ান প্ৰজেক্ট মাৰ্কেটলৈ নিৰ্বাচিত ৰীমা দাসৰ মালতী মাই লাভ

author img

By

Published : Aug 4, 2023, 6:41 PM IST

বুছান ফিল্ম ফেষ্টিভেলৰ এছিয়ান প্ৰজেক্ট মাৰ্কেটলৈ নিৰ্বাচিত হৈছে ৰীমা দাসৰ ‘মালতী মাই লাভ’ ছবিখন। ৫০ খন দেশৰ পৰা ৩৯৯ টা ফিছাৰ প্ৰকল্পৰ ভিতৰত নিৰ্বাচিত হৈছে অসম কন্যা ৰীমা দাসৰ ছবিখন । অসমীয়া ছবি এই জয়যাত্ৰাই এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে অসমীয়া ছবি জগতখনলৈ ।

Assams Filmmaker Rima Das film Malti My Love selected for Busans Asian Project Market 2023
ৰীমা দাসৰ মালতী মাই লাভ

ৰীমা দাসৰ মালতী মাই লাভ

চিটাৰা ডেস্ক, 4 আগষ্ট: অসমৰ ছবি জগতৰ বাবে এটি সুখবৰ । পুনৰ অসমীয়া ছবিজগতলৈ সু-নাম কঢ়িয়াই আনিছে চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে । বুছান ফিল্ম ফেষ্টিভেলৰ দ্বাৰা আয়োজিত এছিয়ান প্ৰজেক্ট মাৰ্কেটৰ বাবে নিৰ্বাচিত হৈছে চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ "মালতী মাই লাভ" নামৰ চিনেমা-প্ৰকল্প ।

অহা ৭ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ ‘বুছান এক্সজিবিছন এণ্ড কনভেনছন চেণ্টাৰ’ৰ ১ নং এক্সিবিছন চেণ্টাৰত ‘এছিয়ান মাৰ্কেট প্ৰজেক্ট ২০২৩’ অনুষ্ঠিত হ’ব । এছিয়াৰ সৰ্ববৃহৎ এই প্ৰজেক্ট মাৰ্কেটৰ বাবে এইবৰ্ষ বিশ্বৰ ৫০খন দেশৰ পৰা ৩৯৯ টা ফিছাৰ প্ৰকল্পৰ ভিতৰত ১৩ খন দেশৰ ৩০ টা চিনেমা-প্ৰকল্প নিৰ্বাচিত কৰা হৈছে । এপিএম আয়োজকসকলে বৃহস্পতিবাৰে ঘোষণা কৰে এই কথা ।

এছিয়ান প্ৰজেক্ট মাৰ্কেটৰ চাৰিদিনীয়া বৈঠক আৰু পিচিং অধিৱেশনৰ সময়ত উপস্থাপন কৰিবলগীয়া ৩০ টা প্ৰকল্প উন্মোচন কৰা হয় । এছিয়ান প্ৰজেক্ট মাৰ্কেট কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে এই ঘোষণা কৰা নিৰ্বাচিত চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজকসকলৰ তালিকাৰ ভিতৰত আছে অসম কন্যা ৰীমা দাসৰ নাম । বুছান ফিল্ম ফেষ্টিভেলৰ এছিয়ান প্ৰজেক্ট মাৰ্কেটত "মালতী মাই লাভ" নিৰ্বাচনকলৈ এতিয়া উৎফুল্লিত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস ।

এই সন্দৰ্ভত ৰীমা দাসে কয় যে- মই প্ৰথমবাৰৰ বাবে বুছান ফিল্ম ফেষ্টিভেললৈ ছবিখন লিখি পঠিয়াইছিলো । প্ৰথম বাৰতেই নিৰ্বাচিত হোৱা বাবেই মই সুখী । লগতে মালতী মাই লাভ নতুন ছবিখনৰ বাবে আশাবাদী বুলি মন্তব্য প্ৰকাশ কৰে ।

উল্লেখ্য যে ২০১৭ চনত "ভিলেজ ৰক ষ্টাৰ" ছবিখনৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল ৰীমা দাস । "ভিলেজ ৰক ষ্টাৰ" ছবিখন বৰ্তমানলৈ প্ৰায় ৮০খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে । ইয়াৰে ভিতৰত ৪৪টা ভিন্ন শিতানত ছবিখনে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি তেওঁৰ অন্য এখন ছবি "বুল বুল কেন ছিং" এই ছবিখনেও কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই দুখন ছবিৰ দৰেই "মালতী মাই লাভ" ছবিখনো ৰাইজে আদৰি ল’ব বুলি আশাবাদী ৰীমা দাস।

লগতে পঢ়ক: Raghav controversy: মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত যতীন বৰাৰ অভিনীত ছবি ৰাঘৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.