তেজপুৰ, 13 ফেব্ৰুৱাৰী : অসমীয়া চিনেমা এদিন বিশ্ব দৰবাৰত এনেদৰে প্ৰতিষ্ঠা হ’ব যে সকলোৱে অসমীয়া ছবি চাবলৈ আগ্ৰহী হৈ পৰিব ৷ আপ্ত বাক্যশাৰী আমি প্ৰায়ে অসমীয়া ছবি এখনৰ মুক্তিৰ পূৰ্বৰ সময়ছোৱাত নতুবা কোনো এখন অসমীয়া ছবিয়ে যেতিয়া ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়, তেতিয়া প্ৰায় সকলো চিনেমা প্ৰেমীৰে মুখত শুনিবলৈ পাওঁ ৷
অসমীয়া ছবিজগত উদ্যোগটোক শেষ হৈ যাবলৈ নিদিয়া আৰু মৃতপ্ৰায় অৱস্থাৰ পৰা ঘূৰাই অনাত আপ্ত বাক্যশাৰীৰ মাজত নিহিত হৈ থকা আশাই বহু পৰিমাণে চিত্ৰ নিৰ্মাতাসকলক সাহস যোগায় ৷ ইয়াকেই একমাত্ৰ কাৰণ হিচাপেও অভিহিত কৰিব পাৰি যাৰ বাবে দুৰ্দিনৰ সময়ত বহু চিত্ৰ নিৰ্মাতাই মৰসাহ কৰি ছবি নিৰ্মাণ কৰিছিল ৷
![indian screen project a national level film competition](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-13feb-pix-shortfilm-pranabkumardas-7203907_13022023110239_1302f_1676266359_1003.jpg)
ইতিমধ্যেই বহু কেইখন অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ আৰু এখন চুটি ছবিয়ে এই সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ৷ জামুগুৰিহাটৰ ধলাইবিলৰ বিশিষ্ট অভিনেতা তথা পৰিচালক শিশিৰ বৰঠাকুৰৰ আকাশ প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা চুটি ছবি Dustbin এ কঢ়িয়াই আনিছে এই কৃতিত্ব (Short film Dustbin director) ৷
উল্লেখযোগ্য যে এই সময়লৈকে সৰ্বভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চুটিছবি মহোৎসৱত Dustbin এ অনলাইনবাৱে 25 টাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । 10 ফেব্ৰুৱাৰী শনিবাৰে কলকাতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ প্ৰতিযোগিতা ইণ্ডিয়ান স্ক্ৰীণ প্ৰজেক্টলৈ মনোনীত হোৱা ছবিখেন শ্ৰেষ্ঠ চুটিছবি, শ্ৰেষ্ঠ নিৰ্বাক ছবি, শ্ৰেষ্ঠ পৰিচলক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ চিনেমাটো’গ্ৰাফাৰ বটাঁ লাভ কৰিছে । শোণিতপুৰ জিলাৰ ধলাইবিলৰ আকাশ প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ মুঠ 5 টা চৰিত্ৰই দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
নাট্যকাৰ পৰিচালক শিশিৰ বৰঠাকুৰৰ "ডাষ্টবিন" ছবিখন মূলত পেলনীয়া বস্তু পেলোৱা স্থানৰ ওপৰত নিৰ্মাণ কৰা হৈছে । দেশ স্বাধীন হোৱাৰ ইমান বছৰৰ পিছতো অৰ্থনৈতিক ভিন্নতাৰে সৈতে বহু উচ্চ আৰু নিম্ম পৰ্য্যায়ৰ লোক এই ভাৰততে আছে । কোনোৱে যদি ৰজাৰ দৰে ভোগ কৰিছে কোনোৱে আকৌ ডাষ্টবিনত খাদ্যৰ সন্ধান কৰিছে । মানুহ হিচাপে জীয়াই থকাৰ শক্তিকনো নাই কিছু কিছু লোকৰ । বহু শিশু আজি পথৰ ভিক্ষাৰী হৈ আছে ৷ আনহাতে বহু শিশু লালিত-পালিত হৈছে আভিজাত্যৰ পৰশৰে । কিন্তু শিশুৰ ক্ষেত্ৰত ধনী-দুখীয়া নাথাকে, শিশুৰ মন একেই ।
![indian screen project a national level film competition](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-13feb-pix-shortfilm-pranabkumardas-7203907_13022023110239_1302f_1676266359_115.jpg)
মানসিকভাৱে বিকাৰগ্ৰস্ত জনক আমি পগলা নাম দি তেওঁলোকে কৰা কাম চাই মনোৰঞ্জন লভো । মানসিকভাৱে বিকাৰগ্ৰস্ত, অনাথ শিশু আৰু বহ এনে লোক যি আমাৰ বাবে আশাৰে বাট চাই থাকে সেই সকলক আমি সন্মান জনকভাৱে জীয়াই থকাৰ প্ৰেৰণা দিব নাজানো । আমি সন্মান নজনোৱা জনেও কিন্তু দেশক সন্মান কৰিব জানে । ডাষ্টবিন আমাৰ বাবে পেলনীয়া বস্তু পেলোৱা স্থান হলেও বহু লোকৰ বাবে জীয়াই থকাৰ প্ৰেৰণা !
কলকাতাত অনুষ্ঠিত ইণ্ডিয়ান স্ক্ৰীণ প্ৰজেক্টত শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত হয় Dustbin ছবিখন ৷ নিৰ্মাতা শিশিৰ বৰঠাকুৰেই মুখ্য চৰিত্ৰত অভিনয় কৰিছে ডাষ্টবিনত (Short film Dustbin director) । ছবিখনৰ বাবে শ্ৰেষ্ঠ চিনেমাটো’গ্ৰাফাৰ বঁটা লাভ কৰে দীপক হাজৰিকাই, শ্ৰেষ্ঠ শিশুশিল্পীৰ বঁটা লাভ কৰে জীজ্ঞাশ্ৰী ডেকা শৰ্মাই । ছবিখনত অভিনয় কৰা আন শিশুশিল্পী সকল ক্ৰমান্বয়ে নিশান্ত বৰুৱা, ব্ৰিনচিতা তামূলী, পূৰৱী হাজৰিকা । উক্ত মহোৎসৱত পৰিচালক শিশিৰ বৰঠাকুৰ আৰু চিনেমেটো’গ্ৰাফাৰ দীপক হাজৰিকাই অংশগ্ৰহণ কৰিছিল ।
লগতে পঢ়ক : Mor ghorar duronto goti,মহৰ্ষি তুহিন-অতুল পাচনীৰ সহযোগিতাৰে অস্কাৰলৈ এণ্ট্ৰি প্ৰথমখন অসমীয়া চুটি ছবিৰ