ETV Bharat / entertainment

যমজ সন্তানৰ আগমণ ঘটিল গায়ত্ৰী মহন্ত আৰু পৱিত্ৰ মাৰ্ঘেৰিটাৰ জীৱনলৈ - গায়ত্ৰী মহন্ত আৰু সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ যমজ সন্তান

মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ জীৱনলৈ আহিল সুখৰ বতৰা ৷ পূৰ্বতে এটি সন্তান থকা পিতৃ-মাতৃ দুয়োৱে এইবাৰ লাভ কৰিলে যমজ সন্তানৰ আশীৰ্বাদ (Pabitra Margherita Gayatri Mahanta latest news) ৷

assamese
যমজ সন্তানৰ আগমণ ঘটিল গায়ত্ৰী মহন্ত আৰু পৱিত্ৰ মাৰ্ঘেৰিটাৰ জীৱনলৈ
author img

By

Published : Aug 22, 2022, 12:45 PM IST

চিটাৰা ডেস্ক, 22 আগষ্ট : সম্পূৰ্ণ হ’ল গায়ত্ৰী মহন্ত আৰু পৱিত্ৰ মাৰ্ঘেৰিটাৰ পৰিয়াল (Pabitra Margherita Gayatri Mahanta latest news) ৷ দুয়োৰে জীৱনলৈ আহিল যমজ সন্তান ৷ পূৰ্বতে এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ দুয়োৱে লাভ কৰিলে যমজ সন্তানৰ সুখ ৷

সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে এই ভাল খবৰটো (Pabitra Margherita instagram) ৷ যমজ সন্তান দুটিৰ এটি কন্যা সন্তান আৰু আনটি পুত্ৰ সন্তান ৷ ইতিমধ্যেই সন্তানৰ নামাকৰণ কৰিছে গায়ত্ৰী আৰু পৱিত্ৰই (Gayatri Mahanta news) ৷

মন কৰিবলগীয়া কথাটো হ’ল যে গায়ত্ৰী মহন্ত আৰু পৱিত্ৰ মাৰ্ঘেৰিটাৰ তিনিওটি সন্তানৰে নাম সূৰ্যৰ সৈতে সম্পৰ্কিত (Pabitra Margherita Gayatri Mahanta children) ৷ তেওঁলোকৰ প্ৰথমটি সন্তানৰ নাম সূৰ্যাংগ জীউ ৷ এতিয়া যমজ সন্তানৰ নাম ৰাখিছে সূৰ্যস্নাতা আৰু সূৰ্যবীৰ (Gayatri Mahanta blessed with twins) ৷

যমজ সন্তানৰ আগমণে আনন্দৰ বন্যা বোৱাইছে দুয়োৰে জীৱনলৈ লগতে সমগ্ৰ পৰিয়ালটিলৈ ৷ ছ’চিয়েল মিডিয়াতো শুভাকাংক্ষীয়ে শুভেচ্ছাৰে উপচাই পেলাইছে দুয়োকে ৷

ইটিভি ভাৰত চিটাৰা পৰিয়ালৰ তৰফৰ পৰা শুভেচ্ছা থাকিল গায়ত্ৰী মহন্ত আৰু পৱিত্ৰ মাৰ্ঘেৰিটালৈ ৷

লগতে পঢ়ক : অৱশেষত সোনমৰ দুজনীয়া পৰিয়াল তিনিজনীয়া হ’ল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.