ETV Bharat / entertainment

Assamese Actor Bijoy Shankar Died: অভিনেতা, পৰিচালক তথা নাট্যকৰ্মী বিজয় শংকৰ শইকীয়া আৰু নাই

ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে এক দুঃখবৰ! অসমৰ উদীয়মান অভিনেতা, নাট পৰিচালক বিজয় শংকৰ শইকীয়াৰ আকস্মিক মৃত্যু । বিজয় শংকৰৰ আকস্মিক মৃত্যুৰ খবৰত শোকস্তব্ধ আত্মীয়-স্বজন, বন্ধুবৰ্গ তথা সমগ্ৰ তেজপুৰবাসী ৷

Assamese Actor Bijoy Shankar Died in a Heart attack
অভিনেতা, পৰিচালক তথা নাট্যকৰ্মী বিজয় শংকৰ শইকীয়া আৰু নাই
author img

By

Published : Jul 7, 2023, 11:20 AM IST

Updated : Jul 7, 2023, 1:23 PM IST

চিটাৰা ডেস্ক, 7 জুলাই: অসমৰ এগৰাকী জনপ্ৰিয় যুৱ অভিনেতা, নাট্যকৰ্মী তথা পৰিচালক বিজয় শংকৰ শইকীয়াই বৃহস্পতিবাৰে ইহলীলা সম্বৰণ কৰে । বৃহস্পতিবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা তথা পৰিচালকগৰাকীয়ে ।

উল্লেখ্য যে, বিজয় শংকৰ শইকীয়া দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল । জানিব পৰা মতে, মত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৯ বছৰ । প্ৰয়াত বিজয় শংকৰ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সদস্যৰ লগতে এগৰাকী নিয়মীয়া নাট্যকৰ্মীও আছিল । খুহুতীয়া অভিনয়েৰে তেওঁ সকলোকে আমোদ দি আহিছিল ৷ মঞ্চ, দূৰদৰ্শন আৰু বোলছবি জগতৰ চিনাকী মুখ হৈ পৰা বিজয় শংকৰৰ মৃত্যুত তেজপুৰৰ লগতে সমগ্ৰ অসমৰ সাংস্কৃতিক জগতখনত এক শোকৰ ছাঁ পৰিছে ।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিহুৱা, বিহুৱতীক আনুষ্ঠানিকভাৱে গীনিজ ৰেকৰ্ডৰ প্ৰমাণ পত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা অনুষ্ঠান বিজয় শংকৰ শইকীয়াই পৰিচালনা কৰাৰ লগতে নিজেও অভিনয় কৰি জগতখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল । তেওঁ টেলিভিচনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল ৷ উল্লেখ্য যে, আজি মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ পিছত বিজয়ৰ মৃতদেহ তেওঁ ঘৰলৈ নিয়া হ’ব লগতে আজি বিয়লি তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ।

স্মৰ্তব্য, বিজয় শংকৰ শইকীয়াৰ পিতৃ আছিল প্ৰয়াত যশস্বী কৌতুক অভিনেতা উদয় শংকৰ শইকীয়া । পিতৃৰ পদাংক অনুসৰণ কৰিয়েই তেওঁ অভিনয় জগতখনৰ সৈতে জড়িত হৈ পৰিছিল । মৃত্যুৰ সময়ত বিজয় শংকৰ শইকীয়াই পত্নীৰ সৈতে দুই সন্তানক এৰি থৈ যায় । তেওঁৰ মৃত্যুৰ খবৰৰ পিছতেই সমগ্ৰ তেজপুৰৰ বাণ থিয়েটাৰৰ লগতে বিভিন্ন দল, সংগঠনৰ মাজত এক গভীৰ শোকৰ ছাঁ পৰিছে । ইফালে শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কলাগুৰুৰ সন্তান, শিল্পী তথা তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ৷

লগতে পঢ়ক: Sudakshina Sharma Passes Away : সুদক্ষিণা বাইদেউ আৰু নাই

লগতে পঢ়ক: Shyamantika Sarma controversy: জানমণিক কোনে চলাইছে মানসিক নিৰ্যাতন!

লগতে পঢ়ক: Akshay Kumar OMG 2 New Poster: দীঘল চুলি, ভস্ম তথা ৰুদ্ৰাক্ষৰ মালা...এক নতুন ৰূপত আহি আছে অক্ষয় কুমাৰ

Last Updated : Jul 7, 2023, 1:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.