ETV Bharat / entertainment

ড্ৰাগছৰ গোচৰত ক্লীনশ্বীট পালে আৰিয়ান খানে

author img

By

Published : May 27, 2022, 2:17 PM IST

Updated : May 27, 2022, 5:01 PM IST

ড্ৰাগছৰ কেছত ক্লীনশ্বীট লাভ কৰিলে বাদশ্বাহৰ পুত্ৰ আৰিয়ান খানে ৷ এনচিবিৰ চাৰ্জশ্বীটত নাম নাহিল আৰিয়ানৰ ৷ এনচিবিয়ে মুম্বাইৰ বহুচৰ্চিত ক্ৰুজ ড্ৰাগছ ঘটনাৰ অভিযোগপত্ৰ দাখিল কৰিছে, য'ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ নাম নাই । ইয়াৰ অৰ্থ হৈছে এনচিবিয়ে নিজেই স্বীকাৰ কৰিছে যে ড্ৰাগছৰ গোচৰটোৰ সৈতে আৰিয়ান খানৰ কোনো সম্পৰ্ক নাছিল ।

aryan khan
ড্ৰাগছৰ ঘটনাত ক্লীনশ্বীট পালে আৰিয়ান খানে

চিটাৰা ডেস্ক, 27মে’: আৰিয়ান খানে মুম্বাইৰ বিখ্যাত ক্ৰুজ ড্ৰাগছ গোচৰত আদালতৰ পৰা ক্লীনশ্বীট লাভ কৰিছে । সংবাদ মাধ্যমত আলোড়ন সৃষ্টি কৰা আৰিয়ান খান ড্ৰাগছ ঘটনাৰ আহিল শুনানি ৷ এনচিবিয়ে আৰিয়ান খানক দিলে ক্লীনশ্বীট (NCB SIT report on Aryan Khan drug case) ৷

শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খানে ক্ৰুজ ড্ৰাগছৰ গোচৰত সকাহ লাভ কৰিছে । গোচৰটোত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ দ্বাৰা দাখিল কৰা অভিযোগপত্ৰত নাম নাই আৰিয়ান । আৰিয়ান উপৰিও, গোচৰটোত গ্ৰেপ্তাৰ কৰা আন পাঁচজনৰ নামো নাই । এনচিবিসূত্ৰৰ মতে, তেওঁলোকে আৰিয়ানৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নাই, যাৰ বাবে তেওঁৰ নাম অভিযোগপত্ৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

এনচিবিৰ ডিডিজি সঞ্জয় কুমাৰ সিঙে ক্ৰুজ ড্ৰাগছ গোচৰৰ এক বিবৃতিত কৈছিল যে আৰিয়ান খান আৰু মোহকৰ বাহিৰে সকলো অভিযুক্ত ব্যক্তি ড্ৰাগছৰ দখলত থকা দেখা গৈছে । এনডিপিএছ আইনৰ বিভিন্ন ধাৰাৰ অধীনত ১৪ জন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে । প্ৰমাণৰ অভাৱত বাকী ছয়জন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হোৱা নাই (Aryan Khan drugs case) ।

এনচিবিয়ে এক বিবৃতিত কয় যে গোপন তথ্যৰ ভিত্তিত এনচিবি মুম্বাইয়ে ২ অক্টোবৰ, ২০২১ তাৰিখে মুম্বাই প’ৰ্ট ট্ৰাষ্টৰ আন্তৰ্জাতিক বন্দৰ টাৰ্মিনেলত বিক্ৰান্ত, ইশমিত, আৰবাজ, আৰিয়ান আৰু গোমিতক আটক কৰিছিল ৷ আনহাতে নুপুৰ, মোহক আৰু মুনাম কৰ্ডেলিয়া ক্ৰুজত ধৰা পৰিছিল । আৰিয়ান আৰু মোহকৰ বাহিৰে সকলো অভিযুক্ত নিচাযুক্ত বুলি পোৱা গৈছিল ।

এনচিবিয়ে কৈছিল যে প্ৰথমতে এনচিবি মুম্বাইয়ে গোচৰটোৰ তদন্ত কৰিছিল আৰু পিছত গোচৰটোৰ তদন্তৰ বাবে নতুন দিল্লীৰ এনচিবি মুখ্য কাৰ্যালয়ৰ হৈ সঞ্জয় কুমাৰ সিঙৰ অধ্যক্ষতাত এটা বিশেষ তদন্ত দল (এছআইটি) গঠন কৰা হৈছিল । 2021 চনৰ 11 নৱেম্বৰত, গোচৰটোৰ তদন্ত এছ.আই.টি.ৰ দ্বাৰা অধিগ্ৰহণ কৰা হৈছিল । বিবৃতিটোত কোৱা হৈছিল যে এছ.আই.টি.য়ে তদন্তটো সন্দেহৰ সলনি প্ৰমাণৰ ভিত্তিত কৰিছিল ।

এছ.আই.টি.ৰ তদন্তৰ ওপৰত ভিত্তি কৰি, 14 জন অভিযুক্তৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক চাবষ্টেন্স (এন.ডি.পি.এছ.) আইনৰ বিভিন্ন ধাৰাৰ অধীনত এটা অভিযোগ পঞ্জীয়ন কৰা হৈছে । প্ৰমাণৰ অভাৱৰ বাবে আন ছয়জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হোৱা নাই । ইফালে, এনচিবিয়ে শুকুৰবাৰে গোচৰটোত অভিযোগপত্ৰ দাখিল কৰে । সংস্থাটোৱে অভিযোগপত্ৰখন পঞ্জীয়কৰ সন্মুখত দাখিল কৰিছিল আৰু বিশেষ এনডিপিএছ আদালতে নথিপত্ৰসমূহ পৰীক্ষা কৰাৰ পিছত ইয়াৰ ওপৰত গুৰুত্ব দিব । চলিত বছৰৰ মাৰ্চ মাহত, বিশেষ আদালতে তদন্তকাৰী সংস্থাটোক অভিযোগপত্ৰ দাখিল কৰিবলৈ 60 দিনসময় দিছিল ।

ক্ৰুজ ড্ৰাগছৰ ঘটনা টো কি: এনচিবি বিষয়া সমীৰ ৱানখেড়ে 2 অক্টোবৰ, 2021 তাৰিখে মুম্বাইৰ পৰা গোৱালৈ যোৱা ক্ৰুজ জাহাজখনত অভিযান চলাইছিল । সেই সময়ছোৱাত, তেওঁ ড্ৰাগছৰ গোচৰত জড়িত থকাৰ অভিযোগত আৰিয়ান খানকে ধৰি নজন লোকক গ্ৰেপ্তাৰ কৰিছিল । অৱশ্যে, আৰিয়ান হাতত তেতিয়া কোনো ড্ৰাগছ নাছিল । এই হাই প্ৰফাইল গোচৰটোত আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা হৈছিল, যাক পিছত জামিনত এৰিও দিয়া হৈছিল ।

২৮ অক্টোবৰত লাভ কৰে জামিন: বিখ্যাত অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক ২ অক্টোবৰত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো দলে ক্ৰুজ ড্ৰাগছগোচৰ সন্দৰ্ভত আটক কৰে । যাৰ পিছত তেওঁক ৭ অক্টোবৰৰ পৰা আৰ্থাৰ ৰোড কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । এই ক্ষেত্ৰত, প্ৰাক্তন এটৰ্নি জেনেৰেল মুকুল ৰোহতগীয়ে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান হৈ কেছটো হাতত লৈছিল আৰু তেওঁক ২৮ অক্টোবৰত জামিন দিয়া হৈছিল ।

অৱশেষত এনচিবিৰ চাৰ্জশ্বীটত নাম নাহিল আৰিয়ান খানৰ (Srk son drug case) ৷ বহুত ডাঙৰ সকাহ লাভ কৰিলে খান পৰিয়ালে ৷ মুনমুন ধামেচা আৰু আৰবাজ মাৰ্চেণ্টে নাপালে ক্লীনশ্বীট । দুয়োজনেই ড্ৰাগছৰ গোচৰত অভিযুক্ত প্ৰমাণিত হ’ল । ছয়জন লোকৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নগ'ল । সেয়েহে তেওঁলোকে লাভ কৰিলে ক্লীনশ্বীট ৷ বাকী 14 জনে ক্ৰুজ ড্ৰাগছ কেছত ক্লীনশ্বীট লাভ নকৰিলে ৷

লগতে পঢ়ক: 9 বছৰীয়া হ’ল বাদশ্বাহৰ কনিষ্ঠ পুত্ৰ আব্ৰাম খান

Last Updated : May 27, 2022, 5:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.