ETV Bharat / entertainment

Jawan Trailer: আৰিয়ান খানে প্ৰথমে চাইছে জৱানৰ ট্ৰেইলাৰ, এই সন্দৰ্ভত কি আৰিয়ানে জানো আহক

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 8:33 PM IST

‘জৱান’ৰ ট্ৰেইলাৰ চোৱা প্ৰথম গৰাকী ব্যক্তি হৈছে আৰিয়ান খান । পিতৃ শ্বাহৰুখ খানৰ অভিনয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰিয়ানে ।

Aryan Khan first person to watch Shah Rukh Khan starrer 'Jawan' trailer
‘জৱান’ৰ ট্ৰেইলাৰ চোৱা প্ৰথম গৰাকী ব্যক্তি হৈছে আৰিয়ান খান

চিটাৰা ডেস্ক, 31 আগষ্ট: অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷ অৱশেষত মুক্তি লাভ কৰিলে শ্বাহৰুখ খানৰ আগন্তুক ছবি জৱানৰ ট্ৰেইলাৰ। ৰাখীবন্ধন উপলক্ষে মুকলি কৰিছে কিং অৱ ৰোমাঞ্চৰ ৰোমাঞ্চকৰ ট্ৰেইলাৰ। ট্ৰেইলাৰটোৱে অনুৰাগী আৰু দৰ্শকৰ পৰা অতি উত্তম সঁহাৰি লাভ কৰিছে। ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ আছে জৱানৰ ট্ৰেইলাৰ। ইফালে কিং খানৰ সন্দৰ্ভত এটা খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, ‘জৱান’ৰ ট্ৰেইলাৰটো প্ৰথমে শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ান খানে চাইছে । ট্ৰেইলাৰ চোৱাৰ পিচত আৰিয়ানেও ইয়াৰ ৰিভিউ দিছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্বাহৰুখ খানে তেওঁৰ আগন্তুক ছবিৰ ট্ৰেইলাৰ মুকলি কৰাৰ পূৰ্বে পুত্ৰ আৰিয়ানক লগ পাইছিল। ট্ৰেইলাৰৰ প্ৰতিক্ৰিয়া লাভ কৰিবলৈ কিং খানে আৰিয়ানৰ স’তে কথোকথন কৰে ৷ ছবিখনৰ ট্ৰেইলাৰ আৰিয়ানে খুব ভাল পাইছিল। আৰিয়ানে নিজৰ বন্ধুবৰ্গক কয় যে ছবিখনৰ ট্ৰেইলাৰটোৱেই হৈছে তেওঁৰ পিতৃৰ আটাইতকৈ জোৰদাৰ ট্ৰেইলাৰ, একচন আৰু সংলাপমুখী ট্ৰেইলাৰ ।

উল্লেখ্য যে, ৱেব ছিৰিজ ‘ষ্টাৰডম’ৰ জৰিয়তে পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিব আৰিয়ানে । আনকি ‘পাঠান’ৰ ট্ৰেইলাৰৰ সময়তো আৰিয়ানে শ্বাহৰুখক নিজৰ প্ৰতিক্ৰিয়া দি ছবিখন ট্ৰেইলাৰত নিজৰ ভাল লগা কথাবোৰ কৈছিল । কিং খানৰ এই ছবিখন অহা ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব । এই ছবিখন পৰিচালনা কৰিছে দক্ষিণৰ জনপ্ৰিয় পৰিচালক এটলীয়ে ৷ আনহাতে ছবিখনত অভিনয় কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ অভিনেত্ৰী নয়নতৰা, বিজয় সেতুপথি আৰু ৰিদ্ধি ডোগ্ৰাই ৷ ইয়াৰ উপৰিও ছবিখনত বিশেষ কেমিঅ’ত দেখা যাব দীপিকা পাডুকনক ৷

শ্বাহৰুখ খানৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে, কিং খান জৱানৰ পিচত ২০২৩ চনৰ ডিচেম্বৰ মাহত হিৰণীয়ে পৰিচালনা কৰা এখন ছবিত তেওঁক অনুৰাগীক মনোৰঞ্জন দিয়া দেখা যাব ৷ তাপসী পান্নুৰ সৈতে ৰাজকুমাৰ হিৰাণীৰ ‘ডাংকি’ত দেখা যাব শ্বাহৰুখ খানক ।

লগতে পঢ়ক: Jawan Trailer: কিং খানৰ অনুৰাগীৰ বাবে সুখবৰ ! অৱশেষত মুকলি হ’ল জৱানৰ বহু প্ৰত্যাশিত ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.