ETV Bharat / entertainment

Arjun Rampal Become Father: চতুৰ্থবাৰৰ বাবে পিতৃ হ’ল অৰ্জুন ৰামপাল - অৰ্জুন ৰামপাল আৰু তেওঁৰ প্ৰেমিকা গেব্ৰিয়েলা

বৃহস্পতিবাৰে দ্বিতীয় বাৰৰ বাবে অৰ্জুন ৰামপাল আৰু তেওঁৰ প্ৰেমিকা গেব্ৰিয়েলা সন্তানৰ পিতৃ-মাতৃ হয় । এই দম্পতীৰ ইতিমধ্যে এটি পুত্ৰ সন্তান আছে। অৰ্জুনে টুইট কৰি অনুৰাগীক জনালে এই ভাল খবৰটো।

Arjun Rampal becomes father for fourth time, welcomes second child with girlfriend Gabriella Demetriades
অৰ্জুনৰ প্ৰেমিকাই জন্ম দিলে এটি পুত্ৰ সন্তান
author img

By

Published : Jul 21, 2023, 10:02 AM IST

চিটাৰা ডেস্ক, 21 জুলাই: পুনৰ পিতৃ হ’ল বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন ৰামপাল । অৰ্জুনৰ প্ৰেমিকা গেব্ৰিয়েলাই জন্ম দিছে এটি পুত্ৰ সন্তান । ৫০ বছৰীয়া অৰ্জুনে এই তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিছে, ‘‘আমাৰ ঘৰত এটি ল’ৰা সন্তান জন্ম হোৱাৰ বাবে মই আৰু মোৰ পৰিয়ালটো অতি সুখী । মাতৃ আৰু সন্তান দুয়োগৰাকীয়েই বৰ্তমান সুস্থ। চিকিৎসক আৰু নাৰ্ছৰ দলটোক ধন্যবাদ । আমি বৰ সুখী । আপোনালোকৰ মৰম আৰু সহায়ৰ বাবে ধন্যবাদ।’’

উল্লেখ্য যে অৰ্জুন আৰু তেওঁৰ প্ৰেমিকা গেব্ৰিয়েলা ডেমেট্ৰিৰ প্ৰেমৰ সম্পৰ্ক প্ৰায় পাঁচ-ছয় বছৰ পুৰণি । এজন বন্ধুৰ জৰিয়তে তেওঁলোকৰ ইগৰাকীৰ সিগৰাকীৰ সৈতে দেখা হৈছিল ৷ অৱশ্যে প্ৰেমৰ সম্পৰ্ক থাকিলেও এতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাই দুয়ো ৷ ইয়াৰ পূৰ্বে ২০১৯ চনত গেব্ৰিয়েলাই প্ৰথম সন্তানক জন্ম দিছিল, যাক তেওঁলোকে নাম দিছিল আৰিক ৰামপাল । কেইমাহমান পূৰ্বে অৰ্জুনে শ্বেয়াৰ কৰিছিল যে গেব্ৰিয়েলা আৰু তেওঁ দ্বিতীয় সন্তানৰ পিতৃ-মাতৃ হ’বলৈ গৈ আছে ৷ ইয়াৰ পিচত গেব্ৰিয়েলাই গৰ্ভাৱস্থাৰ ফটোশ্বুট শ্বেয়াৰ কৰিছিল যি ফটো ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছিল ৷

  • My family and I were blessed with a beautiful baby boy today, Mother and son are both well. Filled with love and gratitude. ❤️ Thank you for all your love. #20.07.2023 #helloworld pic.twitter.com/i4aEZqwLrf

    — arjun rampal (@rampalarjun) July 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এইখিনিতে ক’ব লাগিব যে অৰ্জুন আৰু গেব্ৰিয়েলাক প্ৰায়ে ছ’চিয়েল মিডিয়াত সমালোচনা কৰা দেখা যায় ৷ যিহেতু দুয়ো এতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাই আৰু লিভ-ইনত আছে, সেয়াহে প্ৰায়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ অৱশ্যে এই ক্ষেত্ৰত আজি পৰ্যন্ত অৰ্জুনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

উল্লেখ্য যে, ২০১৯ চনত অৰ্জুনৰ প্ৰথম বিবাহ বিচ্ছেদ হয় । প্ৰথম পত্নী মেহেৰ জেছিয়াৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল । যদিও মেহেৰ আৰু অৰ্জুনে তেওঁলোকৰ দুগৰাকী কন্যা মহিকা ৰামপাল আৰু মাইৰা ৰামপালৰ সহ-পেৰেণ্টিং কৰে ।

ৱৰ্ক ফ্ৰণ্টত ৰামপালক পৰৱৰ্তী সময়ত আব্বাছ মস্তানৰ পেণ্টহাউচত ববি দেউলৰ বিপৰীতে দেখা যাব আৰু ক্ৰীড়া একচন ছবি ক্ৰেকতো দেখা যাব । তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল কংগনা ৰানাউটৰ বিপৰীতে ঢাকাড় ছবিখনত, অৱশ্যে এই ছবিখন বক্স অফিচত ফ্লপ বুলি প্ৰমাণিত হৈছিল । আনহাতে গেব্ৰিয়েলা এগৰাকী মডেল । দক্ষিণ আফ্ৰিকাৰ মূলৰ হয় গেব্ৰিয়েলা । কিছুমান ছবিত আইটেম নম্বৰো কৰিছে গেব্ৰিয়েলাই ।

লগতে পঢ়ক: Bruce Lee Death Anniversary:পানীক ঘৃণা কৰিছিল আৰু পানীয়ে কাল হৈছিল নেকি ব্ৰুচ লীৰ বাবে ? আজিও ৰহস্য আৱৰ্তত ব্ৰুচ লীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.