ETV Bharat / entertainment

Ameesha Patel New Movie: গদৰ ২ৰ পিচত অমিষাক দেখা যাব ছাচপেন্স-থ্ৰিলাৰ ছবিত, মুকলি হ’ল মিষ্ট্ৰী অৱ টেটুৰ ট্ৰেইলাৰ

author img

By

Published : Aug 17, 2023, 12:17 PM IST

Gadar 2 ৰ পিচত এতিয়া অমিষাক দেখা যাব মিষ্ট্ৰী অৱ টেটু ছবিখনত । ছ’চিয়েল মিডিয়াত মুক্তি পালে থ্ৰিলাৰ ছবি মিষ্ট্ৰী অফ টেটুৰ ট্ৰেইলাৰ ।

Arjun Rampal, Ameesha Patel, Rohit Raaj and Daisy Shah starrer Mystery of Tattoo Trailer release
মিষ্ট্ৰী অৱ টেটুৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, ১৭ আগষ্ট: অভিনেত্ৰী আমিষা পেটেলে বৰ্তমান গদৰ ২ ৰ সফলতা উপভোগ কৰি আছে । গদৰ ২ ছবিখনে ২০০ কোটিৰ পৰিসংখ্যা অতিক্ৰম কৰাৰ পিচতে ছ’চিয়েল মিডিয়াত মুক্তি লাভ কৰিছে অমিষা পেটেলৰ নতুন ছবিৰ ট্ৰেইলাৰ । ছাচপেন্স আৰু থ্ৰিলাৰ ছবি ‘মিষ্ট্ৰী অৱ টেটু’ৰ ট্ৰেইলাৰ মুকলি হ’ল ৷ ছবিখনত অমিষা পেটেলৰ সৈতে অৰ্জুন ৰামপাল, ডেইজী শ্বাহকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । মিষ্ট্ৰী অৱ টেটু ছবিখনত হত্যাৰ ৰহস্য সমাধানৰ প্ৰয়াস কৰা দেখা যাব আৰু এই হত্যাৰ ৰহস্য জড়িত হৈ আছে টেটুৰ সৈতে ।

ভাইৰেল হৈছে মিষ্ট্ৰী অৱ টেটুৰ ট্ৰেইলাৰ

মিষ্ট্ৰী অৱ টেটু ট্ৰেইলাৰৰ প্ৰথম দৃশ্যত দেখা গৈছে লণ্ডনৰ আৰক্ষী । তাৰ পিচত হত্যাৰ ৰহস্য কোৱা হয়, য’ত হত্যাকাৰীয়ে মানুহক হত্যা কৰাৰ পিছত তেওঁলোকৰ শৰীৰত টেটু অংকণ কৰে ৷ তাৰ পিচত ডেইজী শ্বাহৰ প্ৰৱেশ দৃশ্যত, যিয়ে হত্যাৰ ৰহস্য সমাধানত আৰক্ষীক সহায় কৰা দেখা যায় । তাৰ পিচত মিষ্ট্ৰী অৱ টেটু ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰা ৰোহিত ৰাজে অধিবক্তাপ চৰিত্ৰত অভিনয় কৰে। অৱশেষত বিশেষ অভিনয়ত দেখা যায় আমিষা পেটেল আৰু অৰ্জুন ৰামপালক আৰু আৰম্ভ হয় কাহিনীৰ টুইষ্ট ।

কেতিয়া মুক্তি পাব মিষ্ট্ৰী অৱ টেটু ?

ছাচপেন্স, থ্ৰিলাৰৰ মিক্স ড’জৰ সৈতে ছবি মিষ্ট্ৰী অৱ টেটু ২০২৩ চনৰ ১ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব । এই ছবিখনত অৰ্জুন ৰামপাল আৰু অমিষা পেটেলক বৰ্ধিত কেমিও চৰিত্ৰত দেখা যাব । একে সময়তে ৰোহিত ৰাজে ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব । এই ছবিখনত অতি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ডেইজী শ্বাহে । ছবিখনৰ সমগ্ৰ কাহিনীটো এজন হত্যাকাৰীক লৈ সৃষ্টি আৰু হত্যাকাৰী হৈছে এজন টেটু আৰ্টিষ্ট ৷ হত্যা কৰাৰ পিচত তেওঁলোকৰ ওপৰত টেটু অংকণ কৰে । এতিয়া অমিষা পেটেলৰ এই ছবিখনে বক্স অফিচত কেনে প্ৰভাৱ পেলাব সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Gadar 2 Box Office Collection: ২০২৩ চনৰ দ্বিতীয়খন সৰ্বাধিক হিট ছবি হিচাপে পৰিগণিত গদৰ ২

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.