ETV Bharat / entertainment

Arijit Singh 36th Birthday special : এসময়ত সংগীত ৰিয়েলিটি শ্ব’ৰ পৰা বাহিৰ হোৱা এইগৰাকী কণ্ঠশিল্পী আজি লক্ষাধিক অনুৰাগীৰ বাবে এক প্ৰেৰণা

author img

By

Published : Apr 25, 2023, 12:11 PM IST

সংগীত জীৱনত এটাৰ পিচত আনতো শ্ৰেষ্ঠ গীত উপহাৰ দিছে তেওঁ ৷ নিজৰ গীতেৰে অজশ্ৰ শ্ৰোতাক মোহিত কৰা অৰিজিতৰ আজি জন্মদিন (Arijit Singh 36th Birthday) ৷ জানো আহক তেওঁৰ জীৱনৰ জনা-নজনা বহু কথা...

Arijit Singh 36th Birthday special Life journey of Arijit Singh
এসময়ত সংগীত ৰিয়েলিটি শ্ব’ৰ পৰা বাহিৰ হোৱা এইগৰাকী কণ্ঠশিল্পী আজি লক্ষাধিক অনুৰাগীৰ বাবে এক প্ৰেৰণা

নিউজ ডেস্ক, 25 এপ্ৰিল : বলীউডৰ গীতে দশক দশক ধৰি মানুহক মনোৰঞ্জন দি আহিছে । যিকোনো অনুষ্ঠানতেই মানুহে বলীউডৰ গীতেৰ সৈতে উপভোগ কৰে । কাৰোবাৰ জন্মদিন হওক, পাৰ্টি হওক বা কাৰোবাৰ বিয়া অভ্যৰ্থনাই হওক, বলীউড সংগীত এক উতঃপ্ৰোতঃ অংশ হৈ পৰে । সংগীতে প্ৰতিটো অনুষ্ঠানতে এক উৎসাহ যোগ দিয়ে । সুখতো সংগীত দুখতো সংগীতে মানুহক এক অন্যন্য মাদকতা দিয়ে । মুঠতে ক'বলৈ গ'লে সংগীত বিশেষকৈ বলীউডৰ সংগীত আমাৰ জীৱনত এক বিশেষ স্থান ল'বলৈ সক্ষম হৈছে ৷

বহু গায়কে বলীউডৰ বাবে এটাৰ পিচত আনটো উৎকৃষ্ট গীত গাইছে যদিও এই মুহুৰ্তত আটাইতকৈ বেছি বাতৰিৰ শিৰোনাম দখল কৰাজনেই হৈছে অৰিজিৎ সিং । অৰিজিৎ সিঙৰ কণ্ঠত সেই যাদু আছে যি যাদুৱে যিকোনো গীতত এক বিশেষ এক মিঠা অনুভূতি দিব পাৰে ৷ ৰাস্তাত খোজ কাঢ়ি যোৱাৰ সময়ত তেওঁৰ কণ্ঠত গোৱা গানবোৰ মানুহে শুনিলে কিছু ক্ষণ হ'লেও স্তব্ধ হৈ পৰে । সুখতে হওক বা দুখতে হওক মানুহে অৰিজিতৰ গীত শুনি ভাল পায় ৷ তেওঁ গোৱা গীতবোৰ মুক্তি পোৱাৰ লগে লগে চাৰ্টবাষ্টাৰৰ তালিকাত অন্তৰ্ভুক্ত হয় ।

‘Kesariya’, ‘Channa Mereya’, ‘Ae Dil Hain Mushkil, ‘Tum Hi Ho’ ৰ দৰে বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা অৰিজিৎ সিঙে জন্মদিন ৷ আজি তেওঁ ৩৬ বছৰ বয়সত ভৰি দিয়ে । ১৯৮৭ চনৰ ২৫ এপ্ৰিলত পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ জিয়াগাঞ্জত জন্মগ্ৰহণ কৰিছিল অৰিজিতে । অৰিজিৎ এটি পাঞ্জাবী শিখ পৰিয়ালয়ত জন্মগ্ৰহণ কৰিছিল ।

অতি কম বয়সৰ পৰাই তেওঁ সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল । সৰুৰে পৰা অৰিজিৎ গান গোৱাৰ প্ৰতি আকৰ্ষিত হৈছিল । অৰিজিতৰ মামী ভাৰতীয় শাস্ত্ৰীয় সংগীতত বিশেষজ্ঞ আছিল আৰু তেওঁৰ আইতাকে গীত গোৱাৰ প্ৰতি আগ্ৰহী আছিল ৷ সেয়ে পৰিয়ালটোত সংগীতৰ এক পৰিৱেশ থকাৰ বাবে অৰিজিতৰ সংগীতৰ প্ৰতি আগ্ৰহ আৰু বাঢ়ি গৈছিল ।

অৰিজিতে বহু শিল্পীৰ পৰা শিক্ষাগ্ৰহণ

অৰিজিতে ৰাজা বিজয় সিং হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি শ্ৰীপত সিং কলেজৰ পৰা ডিগ্ৰী লাভ কৰে । তেওঁ শাস্ত্ৰীয় সংগীতৰো শিক্ষাগ্ৰহণ কৰে । অৰিজিতে বিথোভেন আৰু বাংলা শাস্ত্ৰীয় সংগীত অধিক শুনিছিল । গুলাম আলী খান, উস্তাদ ৰাছি খান, জাকিৰ হুছেইন আদি জ্যেষ্ঠ সংগীত শিল্পীৰ শ্ৰেষ্ঠ সংগীত শুনিয়েই নিজৰ সংগীতৰ এই যাত্ৰা আৰম্ভ কৰিছিল ।

গুৰুকুল শ্ব’ত পৰাজিত হৈছিল অৰিজিৎ

গুৰুকুল (২০০৫) ছবিখনত তেওঁৰ গুৰু ৰাজেন্দ্ৰ প্ৰসাদ হাজাৰীয়ে অংশগ্ৰহণ কৰিবলৈ কোৱাৰ পৰাই অৰিজিতে সংগীত জীৱন আৰম্ভ কৰিছিল । সেই সময়ছোৱাত অৰিজিতৰ বয়স আছিল মাত্ৰ ১৮ বছৰ । যদিও দৰ্শকৰ ভোটগ্ৰহণত অৰিজিৎ শ্ব’ৰ পৰা বাহিৰ হৈ গৈছিল । শ্ব’টোত অৰিজিতে ষষ্ঠ স্থান দখল কৰে । এই অনুষ্ঠানৰ সময়তে সঞ্জয় লীলা ভাঞ্চালীয়ে অৰিজিতৰ প্ৰতিভা অনুভৱ কৰি তেওঁৰ ছবিৰ এটি গীতত কন্ঠদান কৰিবলৈ সুযোগ প্ৰদান কৰিছিল ৷ কিন্তু কোনো কাৰণত ছবিখনৰ চিত্ৰনাট্য সলনি কৰাৰ বাবে কেতিয়াও গীতটো মুক্তি পোৱা নাছিল ।

শ্ব' ১০ কে ১০ লে গয়ে দিলত জয়লাভ

গুৰুকুল এৰি যোৱাৰ পিচত টিপছৰ মুৰব্বী কুমাৰ তৌৰাণীয়ে অৰিজিতক তেওঁৰ এটি এলবামৰ বাবে চুক্তিবদ্ধ কৰে । এই এলবামটো অৱশ্যে কেতিয়াও মুক্তি পোৱা নাছিল । ইয়াৰ পিচত অৰিজিতে আন এটা শ্ব’ ১০ কে ১০ লে গয়ে দিলত অংশগ্ৰহণ কৰে । এই শ্ব’ত অৰিজিতে জয়ী হৈছিল । ইয়াৰ পিছতে তেওঁ মুম্বাইলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই সময়ত অৰিজিতে লোখাণ্ডৱালাত বসবাস কৰিছিল । ১০ কে ১০ লে গয়ে দিল শ্ব’ত লাভ কৰা দহ লাখ টকাৰ পুৰস্কাৰৰ ধনেৰে অৰিজিতে নিজাকৈ ৰেকৰ্ডিং ষ্টুডিঅ’ নিৰ্মাণ কৰে, য’ৰ পৰা সংগীত প্ৰযোজক আৰু সুৰকাৰ হিচাপে প্ৰস্তুতি আৰম্ভ কৰে । অৰিজিতে সুপৰিচিত সংগীতকাৰ প্ৰীতমৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে ।

বহু ছবিত গোৱা গীত

প্ৰীতমৰ সৈতে তেওঁ Golmaal, Crook আদি ছবিত কাম কৰিছিল । এই সময়ছোৱাত তেওঁ তেলেগু চলচ্চিত্ৰ জগতৰ বাবেও নিজৰ কণ্ঠ নিগৰাইছিল । ২০১১ চনত অৰিজিত সিঙে Murder 2 ছবিৰ জৰিয়তে বলীউডত নিজৰ সংগীতৰ জীৱন আৰম্ভ কৰে । এই ছবিখনৰ বাবে তেওঁ Phir Mohabbat গীতটিত কণ্ঠদান কৰিছিল ।

ইয়াৰ পিচত তেওঁ বহু বলীউড ছবিৰ গীতত কণ্ঠদান কৰিছিল । য’ত Raabata, Uska hi Banana, Nashe Si Chadh Gayi, Tum hi ho, Kabira, Ilahi ইত্যাদিৰ দৰে শ্ৰেষ্ঠ গীতত তেওঁ কণ্ঠদান কৰে । এই সময়ছোৱাত অৰিজিতে বহুতো সন্মান আজুৰিবলৈও সক্ষম হয় । তথ্য অনুসৰি তেওঁ শ্ব’বোৰৰ বাবে একৰ পৰা ডেৰ কোটি টকা লয় । তেওঁৰ নেট ৱৰ্থৰ কথা ক’বলৈ গ’লে প্ৰায় ৭০ কোটি টকা বুলি কোৱা হয় ।

জীৱনত সফল হ'বলৈ কাৰনো মন নাযায় ৷ নিজৰ হাবিয়াস পূৰণত আমি কত কি ত্যাগ স্বীকাৰ কৰিবলগীয়া হয় ঠিক তেনেদৰেই নিজৰ সংগীত জীৱনত বহু ঘাট-প্ৰতিঘাত, সফলতা বিফলতা লাভ কৰা অৰিজিতেও নিজৰ অহোপুৰুষাৰ্থ চেষ্টাৰ ফলত আজি লাখ লাখ জনতাৰ হৃদয়ত নিজৰ এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : Oscars 2024 Date : ২০২৪ ৰ অস্কাৰ বঁটাৰ তাৰিখ ঘোষণা, জানি লওক কেতিয়া হ’ব অস্কাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.