চিটাৰা ডেস্ক, 11 আগষ্ট: প্ৰায়ে নেপ’টিজমক লৈ বলীউডত চৰ্চা চলি থকা দেখা যায় । কংগনা ৰানাৱটৰ পৰা আৰম্ভ কৰি আন বহু তাৰকাই নেপ’টিজমৰ বিৰোধিতা কৰা দেখা যায় ৷ ইয়াৰ বিপৰীতে ছানী দেওলৰ পৰা আন একাংশ তাৰকাই আকৌ নেপ’টিজমক মুকলিকৈ সমৰ্থন কৰাও দেখা যায় ৷ এতিয়া জনপ্ৰিয় সংগীত শিল্পী এ আৰ ৰহমানে নেপ’টিজিমক সমৰ্থন কৰা দেখা গৈছে । এ আৰ ৰহমানে মতে যদি সন্তানে তেওঁলোকৰ উত্তৰাধিকাৰক আগুৱাই নিনিয়ে তেন্তে কোনে আগুৱাই নিব । এইখিনিতে উল্লেখ কৰিব লাগিব যে এ আৰ ৰহমান ৩ টা সন্তানৰ পিতৃ আৰু তিনিওগৰাকীয়ে সংগীতৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তুলিছে। এ আৰ ৰহমানে নিজেই সন্তানক কেৰিয়াৰত আগবাঢ়ি যোৱাত সহায় কৰে ।
এক সাক্ষাৎকাৰত এ আৰ ৰহমানে কয় যে বৰ্তমান একাংশই এই নতুন শব্দটো শিকিছে... নেপ’টিজম’ ৷ এ আৰ ৰহমানে নিজৰ কাম আৰু ষ্টুডিঅ’ৰ কথা উল্লেখ কৰি কয় - মই এই সকলোবোৰ বনাইছো । মোৰ সন্তানে যদি ইয়াত যোগদান নকৰে তেন্তে এই গোটেই ঠাইখন গুদামৰ দৰে হৈ যাব ! মোৰ ষ্টুডিঅ’ৰ সকলোবোৰ... দেৱালৰ পৰা আৰম্ভ কৰি চকীলৈকে, মই অতি আবেগেৰে বনাই লৈছো আৰু মই আশা কৰো যে ভৱিষ্যতে মোৰ সন্তানে এই কামবোৰৰ যত্ন ল’ব ।
উত্তৰাধিকাৰীক আগবঢ়াই নিয়াটো গুৰুত্বপূৰ্ণ
এ আৰ ৰহমানৰ শৈশৱকাল বহু দুখ কষ্টৰ মাজেৰে পাৰ হৈ গৈছে ৷ জীৱনত মাতৃৰ পৰা এটা শিক্ষা তেওঁৰ সদায় মনত থাকে যে যদি কামবোৰ স্মাৰ্টভাৱে আগুৱাই নিব নোৱাৰে, তেন্তে যিমানেই টকা খৰচ নকৰক কিয়, এদিন সকলো শেষ হৈ যাব। সৰুৰে পৰা এই কথা ৰহমানে মানি চলিছিল ৷ সেইবাবেই এ আৰ ৰহমানে নিজৰ সন্তানক জীৱনত ঘটা প্ৰতিটো কথাই কয়, সেয়া লাগিলে লেন-দেনৰ ক্ষেত্ৰতে হওক বা আন যিকোনো ক্ষেত্ৰতেই হওক, সন্তানৰ লগত সকলো শ্বেয়াৰ কৰে ।
সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়িছে এ আৰ ৰহমানৰ সন্তান
উল্লেখ্য যে এ আৰ ৰহমানৰ তিনি সন্তানে সংগীতত কেৰিয়াৰ গঢ়ি তুলিছে । পুত্ৰ এ আৰ আমিনে দিল বেচাৰা ছবিৰ ‘নেভাৰ চে গুডবাই’ গীতটিত কণ্ঠদান কৰিছিল । একে সময়তে তেওঁ তামিল ছবি ‘মামনন’ৰ ‘বীৰাণ’ গীতটিতো কণ্ঠদান কৰিছিল ৷ ইফালে কন্যা খাতিজা ৰহমানে তামিল ছবি পনিয়িন চেলভেন দ্বিতীয় আৰু মিন্নাঞ্চুলা ভেনেলাত চিন্নানজিৰু গীতটি তেলেগু ভাষাত গাইছিল । ছবিখনৰ হিন্দী সংস্কৰণৰ ‘মেৰা আসমান জল গয়া’ গীতটিতো কণ্ঠদান কৰিছে খতিজা ৰহমানে।