ETV Bharat / entertainment

বিৰাট কোহলীৰ হোটেল ৰূমৰ ভিডিঅ’ ভাইৰেল, ব্যক্তিগত সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন অনুষ্কাৰ - বিৰাট কোহলী

অনুষ্কা শৰ্মাই তেওঁৰ ক্ৰিকেটাৰ স্বামী বিৰাট কোহলীৰ হোটেলৰ শোৱনি কোঠাৰ এটা ভিডিঅ' অনলাইনত ভাইৰেল হৈ পৰাৰ পিছত উদ্বেগ প্ৰকাশ কৰিছে । সামাজিক মাধ্যমত দুয়োৱে ব্যক্তিগত গোপনীয়তাক এইদৰে উলংঘা কৰাৰ ঘটনাক তীব্ৰ সমালোচনা কৰিছে।

Anushka Sharma
বিৰাট কোহলীৰ হোটেল ৰূমৰ ভিডিঅ’ ভাইৰেল
author img

By

Published : Oct 31, 2022, 1:53 PM IST

চিটাৰা ডেস্ক, 31 অক্টোবৰ : ক্ৰিকেটাৰ স্বামী বিৰাট কোহলীৰ হোটেলৰ শোৱা কোঠাৰ ভিডিঅ’ অনলাইনত প্ৰকাশ পোৱাৰ পিছতে অনুষ্কা শৰ্মাই ছ’চিয়েল মিডিয়াত এগৰাকী ব্যক্তিৰ গোপনীয়তা উলংঘনক লৈ উদ্বেগ প্ৰকাশ কৰে । অভিনেত্ৰী গৰাকীয়ে কয় যে তেওঁ পূৰ্বে কেইটামান এনেকুৱা কাণ্ডৰ সন্মুখীন হৈছিল য’ত অনুৰাগীৰ কৃপা আৰু মমতাৰ অভাৱ আছিল কিন্ত চেলেব্ৰিটী এজনৰ শোৱা কোঠাত গৈ ভিডিঅ’ কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় ।

সোমবাৰে বিৰাটে নিজৰ ইনষ্টাগ্ৰামত টি-২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়াত ৰখা হোটেলখনৰ এজন কৰ্মচাৰীয়ে শ্বুট কৰা বুলি কোৱা ভাইৰেল ভিডিঅ’ এটা শ্বেয়াৰ কৰে (Virat Kohli instagram) । ভিডিঅ’টো শ্বেয়াৰ কৰি বিৰাটে কয় যে এই ধৰণৰ কাৰ্য কেতিয়াও মানি ল’ব পৰা বিধৰ নহয় । তেখেতে লিখিছে যে অনুগ্ৰহ কৰি মানুহৰ গোপনীয়তাক সন্মান কৰক আৰু তেওঁলোকক মনোৰঞ্জনৰ বাবে পণ্য হিচাপে গণ্য নকৰিব ।

Anushka Sharma
বিৰাট কোহলীৰ হোটেল ৰূমৰ ভিডিঅ’ ভাইৰেল

বিৰাটে ভিডিঅ’টো পোষ্ট কৰাৰ কিছু সময়ৰ পিছতে অনুষ্কাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই ভিডিঅ’টো পুনৰ পোষ্ট কৰে (Anushka Sharma instagram) । এই কাণ্ডৰ সন্দৰ্ভত বিৰাটে কোৱা কথাখিনি প্ৰতি সন্মান জনাই অনুষ্কাই লিখিছে, “অতীতত কিছুমান অনুৰাগীয়ে কোনো মমতা আৰু কৃপা নেদেখুৱা কিছুমান কাণ্ডৰ অভিজ্ঞতা লাভ কৰিছো কিন্তু সঁচাকৈয়ে এইটো ঘটনাটো অতিকে নিকৃষ্ট কাণ্ড” ৷

তেওঁ লগতে কয়, "এজন মানুহৰ গোপনীয়তা উলংঘা কৰা আৰু যিকোনো এজন ব্যক্তিয়ে এইটো যদি এনেধৰণৰ দৃষ্টিভংগীৰে চাই যে, 'চেলেব্ৰিটী হো ! তো ডিলতো কৰনা হি পাড়েগা' তেন্তে জানি ল’ব যে আপুনিও এই সমস্যাৰ কাৰণ" ৷

অনুষ্কা আৰু বিৰাটে সদায় নিজৰ ব্যক্তিগত জীৱনক অগ্ৰাধিকাৰ দি আহিছে আৰু কন্যা ভামিকা কোহলীৰ জন্ম হোৱাৰ পিছতো তেওঁলোকে এইয়া বৰ্তাই ৰাখিছে । ছ’চিয়েল মিডিয়াৰ ইউজাৰ সকলেও এই কাৰ্য্যক সমালোচনা কৰিছে । এই সন্দৰ্ভত কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়ালৈকে সবিশেষ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : Anushka Sharma instagram: চকড়া এক্সপ্ৰেছৰ কলকাতাৰ সূচী সামৰি অনুষ্কা শৰ্মাই ক’লে ‘ইট-প্ৰে-লৱ’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.