ETV Bharat / entertainment

এনিমেলৰ এডভান্স বুকিং আৰম্ভ, প্ৰথম দিনা কিমান উপাৰ্জন কৰিলে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 10:45 AM IST

Animal First Day Advance Booking: এডভান্স বুকিং আৰম্ভ হৈছে ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মন্দন্নাৰ অভিনীত ‘এনিমেল’ৰ । এডভান্স বুকিঙৰ প্ৰথম দিনাই কিমান উপাৰ্জন কৰিলে জানি লওক ৷

Animal First Day Advance Booking : Expecting Biggest Opening
এনিমেলৰ এডভান্স বুকিং

চিটাৰা ডেস্ক, 26 নৱেম্বৰ : ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মন্দন্নাৰ অভিনীত ছবি ‘এনিমেল’ক লৈ দৰ্শকৰ মাজত যথেষ্ট উচাহ দেখা পোৱা গৈছে । ছবিখনৰ মুক্তিৰ মাজত আছে মাত্ৰ পাঁচ দিন ৷ অৰ্থাৎ ১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব এই বছৰৰ বহু প্ৰত্যাশিত ছবিখন । দীৰ্ঘদিন ধৰি অনুৰাগীয়ে ছবিখনৰ বাবে অপেক্ষা কৰি আছিল । ইয়াৰ মাজতে বহু বাতৰিত দাবী কৰা হৈছে যে মুক্তিৰ পিচতে ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিব ।

‘এনিমেল’ মুক্তিৰ ৬ দিন পূৰ্বে ছবিখনৰ এডভান্স বুকিং আৰম্ভ হৈছে । সেকনিল্কৰ প্ৰতিবেদন অনুসৰি এডভান্স বুকিঙৰ প্ৰথম দিনাই ১ লাখ ১১ হাজাৰ ৩১৭ টা টিকট বিক্ৰী হৈছে ৷ এডভান্স বুকিঙৰ পৰা ইতিমধ্যেই ছবিখনে উপাৰ্জন কৰিছে ৩.৪ কোটি টকা । ইফালে একাংশ সংবাদ মাধ্যমে দাবী কৰিছে যে প্ৰথম দিনাই ৫০ কোটি টকাৰ ব্যৱসায় কৰিব পাৰে এনিমেলে ৷ যদি এই কথা সঁচা হয় তেন্তে ‘এনিমেল’ ৰণবীৰ কাপুৰৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ওপেনিং ছবি হিচাপে পৰিগণিত হ’ব ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুক্তি লাভ কৰিছিল ৰণবীৰ কাপুৰৰ ছবি ‘তু ঝুঠি মে মক্কাৰ’ ৷ এই ছবিখনত শ্ৰদ্ধা কাপুৰৰ সৈতে অভিনয় কৰা দেখা গৈছিল ৰণবীৰক । এই ছবিখনে প্ৰথম দিনাই বক্স অফিচত সংগ্ৰহ কৰে ১৫.৭৩ কোটি টকা । অৱশ্যে ৰণবীৰ কাপুৰৰ অভিনীত ‘ব্ৰহ্মাষ্ট্ৰ’ ছবিখনে বক্স অফিচত আটাইতকৈ বেছি ধন উপাৰ্জন কৰিছিল ৷ প্ৰথম দিনাই ৪৩ কোটি টকাৰ ব্যৱসায় কৰিছিল ছবিখনে ৷ ছবিখনত আলিয়া ভাটৰ সৈতে দেখা গৈছিল ৰণবীৰক । এতিয়ালৈকে ৰণবীৰ কাপুৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি হৈছে ‘ব্ৰহ্মাষ্ট্ৰ’ ।

'এনিমেল'ৰ ষ্টাৰকাষ্ট

'এনিমেল' ছবিখন পৰিচালনা কৰিছে সন্দীপ ৰেড্ডী ভাংগাই । ছবিখনত ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মন্দন্নাৰ উপৰিও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অনিল কাপুৰ আৰু ববি দেওলে ।

লগতে পঢ়ক : কন্যা ৰাহাৰ নামৰ টেটু অংকন ৰণবীৰৰ, এনিমেলৰ প্ৰচাৰৰ সময়ত দেখুৱালে টেটু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.