ETV Bharat / entertainment

Amitabh Bacchan: খালী ভৰিৰে সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত অমিতাভ বচ্চন, গণপতি দৰ্শন কৰিলে মেগাষ্টাৰগৰাকীয়ে - অমিতাভ বচ্চন

অভিষেক বচ্চনৰ ছবি ঘূমৰ কাইলৈ ​​(১৮ আগষ্ট) ডাঙৰ পৰ্দাত মুক্তি পাব। ছবিখন মুক্তিৰ এদিন পূৰ্বে অমিতাভ বচ্চনে অৰ্থাৎ আজি খালী ভৰিৰে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হয় ।

Amitabh Bachchan visits siddhivinayak mandir for seeking blessings from Ganpati bappa watch
সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হয় অমিতাভ বচ্চন
author img

By

Published : Aug 17, 2023, 5:04 PM IST

চিটাৰা ডেস্ক, ১৭ আগষ্ট: বৃহস্পতিবাৰে মুম্বাইৰ জনপ্ৰিয় সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হয় মেগাষ্টাৰ অমিতাভ বচ্চন । মেগাষ্টাৰগৰাকীৰ সৈতে এই সময়ত আন কেইবাজনো ব্যক্তি উপস্থিত আছিল আৰু তেওঁৰ সুৰক্ষাৰ বাবে লগত আছিল আৰক্ষীও । খালী ভৰিৰে বহু সময় খোজকাঢ়ি তাৰ পিচত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে অমিতাভ বচ্চনে । মন্দিৰত উপস্থিত হোৱাৰ সময়ত কুৰ্তা পায়জামা আৰু চাদৰ পৰিধান কৰা দেখা গৈছে ছুপাৰষ্টাৰগৰাকীক ।

কাইলৈ ​​অৰ্থাৎ ১৮ আগষ্টত অমিতাভ বচ্চনৰ পুত্ৰ তথা অভিনেতা অভিষেক বচ্চনৰ ছবি ‘ঘূমৰ’ ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিব ৷ সেয়াহে কোৱা হৈছে যে পুত্ৰৰ ছবিখনৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হৈ গণপতি দৰ্শন কৰে অভিনেতাগৰাকীয়ে ৷ অৱশ্যে মন্দিৰত উপস্থিত হোৱাৰ কাৰণ অমিতাভ বচ্চনে প্ৰকাশ কৰা নাই ।

কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে অমিতাভ বচ্চন ধৰ্মত বহুত বিশ্বাস কৰা ব্যক্তি । প্ৰায়ে টুইটাৰত অমিতাভে দেৱতা আৰু বিভিন্ন মন্দিৰৰ ছবি শ্বেয়াৰ কৰে। ইফালে বহুদিনৰ মূৰত অমিতাভ বচ্চনে সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন কৰে ৷ ইয়াৰ পূৰ্বে যোৱা বছৰৰ নৱেম্বৰ মাহত সিদ্ধিবিনায়ক মন্দিৰ ভ্ৰমণ কৰিছিল ৷

অভিষেক বচ্চনৰ ছবি ঘূমৰ ছবিখন এইকেইদিন ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ আছে। ছবিখনত অভিষেক ক্ৰিকেটৰ প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে এখন হাত নথকা ছৈয়ামি খেৰক টিম ইণ্ডিয়াৰ অংশ হিচাপে গঢ়ি তুলিবলৈ প্ৰশিক্ষণ দিয়া দেখা গৈছে । ছবিখনৰ ট্ৰেইলাৰটো দৰ্শকে অতিকৈয়ে পছন্দ কৰিছে ৷ ছবিখন পৰিচালনা কৰিছে আৰ বাল্কীয়ে ।

আৰম্ভ হ’ল কেবিচি ১৫

অমিতাভ বচ্চনৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল ‘উচাই’ ছবিখনত। বোমন ইৰাণী আৰু অনুপম খেৰে তেওঁৰ সৈতে এই ছবিখনত অভিনয় কৰিছিল । বিগ বিয়ে এতিয়া আৰম্ভ কৰিছে তেওঁৰ বহু প্ৰত্যাশিত কুইজ শ্ব’ কৌন বনেগা ক্ৰোড়পতি । কৌন বনেগা ক্ৰোড়পতিৰ ১৫ নং ছিজনতো অমিতাভ বচ্চনে পূৰ্বে দৰেই অনুৰাগীক প্ৰশ্ন কৰা দেখা যায় । এই সপ্তাহৰ পৰা আৰম্ভ হ’ব এই ছিজন ।

লগতে পঢ়ক: KBC Season 15: কেবিচিৰ প্ৰথম খণ্ডতে অমিতাভ বচ্চনে লাভ কৰিলে এগৰাকী যুৱতীৰ পৰা সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.