ETV Bharat / entertainment

প্ৰভাস-দীপিকা অভিনীত কল্কী ২৮৯৮ ADৰ মুক্তিৰ তাৰিখ ঘোষণা - Kalki 2898 AD

Kalki 2898 AD Release Date Out: প্ৰভাস আৰু দীপিকা পাডুকনৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘কল্কী ২৮৯৮ AD’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে । কেতিয়া এই ছবিখন ছবিগৃহত মুক্তি পাব জানি লওক এই প্ৰতিবেদনত ।

Amitabh Bachchan, Prabhas, Deepika Padukone starrer 'Kalki 2898 AD' gets new release date
কল্কী ২৮৯৮ ADৰ মুক্তিৰ তাৰিখ ঘোষণা
author img

By ANI

Published : Jan 12, 2024, 4:55 PM IST

চিটাৰা ডেস্ক, ১২ জানুৱাৰী: ২০২৩ চনৰ শেষৰ ফালে মুক্তি পোৱা দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ ছবি ‘ছালাৰ’এ বক্স অফিচত ঢৌ তুলিছিল । ঘৰুৱা বজাৰত ৪০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি বিশ্বজুৰি ৭০০ কোটিৰো অধিক উপাৰ্জন কৰি ইতিহাস ৰচনা কৰিছে এই ছবিখনে । এতিয়াও বক্স অফিচত অব্যাহত আছে ছবিখনৰ উপাৰ্জন । এই সকলোবোৰৰ মাজতে প্ৰভাসে এতিয়া তেওঁৰ আন এখন ছবিৰ সৈতে বক্স অফিচত ঢৌ তুলিবলৈ সাজু হৈছে ৷ প্ৰভাসৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘কল্কী ২৮৯৮ AD’ৰ জৰিয়তে পুনৰ বক্স অফিচত ঢৌ তুলিবলৈ সাজু হৈছে । ইফালে এই ছবিখনৰ সন্দৰ্ভত অনুৰাগীৰ বাবে এটা ভাল খবৰ আহিছে ৷ হয়, এই ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে ।

অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল প্ৰভাস অভিনীত ছবি ‘কল্কী ২৮৯৮ AD’ মুক্তিৰ বাবে । কিন্তু এতিয়া অতি শীঘ্ৰেই অন্ত পৰিব অনুৰাগীৰ অপেক্ষাৰ ৷ ছবিখনৰ নিৰ্মাতাসকলে আজি ছবিখনৰ আনুষ্ঠানিক মুক্তিৰ তাৰিখ ঘোষণা কৰিছে । ছ’চিয়েল মিডিয়াত প্ৰভাসৰ ছবিখনৰ নতুন পোষ্টাৰৰ লগতে মুক্তিৰ তাৰিখ ঘোষণা কৰিছে নিৰ্মাতাই । উল্লেখ্য যে, এই ছবিখনৰ মুক্তিৰ তাৰিখ পূৰ্বে পিছুৱাই দিয়া হৈছিল । ছবিখন ২০২৪ চনৰ জানুৱাৰী মাহত মুক্তি পোৱাৰ আশা আছিল । কিন্তু এতিয়া ২০২৪ চনৰ ৯ মে’ত ডাঙৰ পৰ্দাত মুক্তি পাব ‘কল্কী ২৮৯৮ AD’ ।

নাগ অশ্বিনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত কমল হাছান, প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন আৰু দিশা পাটানীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । কল্পবিজ্ঞানৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে ব্যাজয়ন্তী মুভিজে । এই ছবিখন দুটা ভাগত মুক্তি পাব, প্ৰথম পাৰ্ট ২০২৪ চনত মুক্তি পাব । বাতৰি অনুসৰি ৬০০ কোটি টকাৰ বিশাল বাজেটেৰে নিৰ্মাণ কৰা হৈছে ‘কল্কী ২৮৯৮ AD’, যিখন ছবি আজিলৈকে সৰ্বাধিক ব্যয়বহুল ভাৰতীয় ছবি বুলি পৰিগণিত হ’ব ।

ছবিখন একেলগে তেলুগু আৰু হিন্দী ভাষাত শ্বুটিং কৰা হৈছে । ছবিখনৰ সংগীত দিছে সন্তোষ নাৰায়ণনে, চিনেমাট’গ্ৰাফী কৰিছে জৰ্ডজে ষ্ট’জিলকভিচে আৰু সম্পাদনা কৰিছে কোটাগিৰি ভেংকটেশ্বৰ ৰাৱে ।

লগতে পঢ়ক: কেটৰিণাৰ ছবি মেৰী খ্ৰীষ্টমাছ কেনেকুৱা পালে স্বামী বিকি কৌশলে ? পত্নীৰ প্ৰশংসাত ক’লে এই কথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.