ETV Bharat / entertainment

এনিমেলৰ সফলতা পাৰ্টিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ৰণবীৰ-আলিয়াই, চাওক ভিডিঅ’ - Ranbir Kapoor

Animal Saccess Party: বিগত বৰ্ষৰ ১ ডিচেম্বৰত মুক্তি লাভ কৰিছিল ৰণবীৰ কাপুৰৰ ছবি এনিমেল । ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল ৷ এতিয়া ছবিখনৰ সফলতা পাৰ্টিৰ আয়োজন কৰিছে নিৰ্মাতাই, য’ত বহু তাৰকাই অংশগ্ৰহণ কৰিছে । চাওক ভিডিঅ’ ৷

Alia - Ranbir steal hearts with their chemistry at Animal success party
Animal ৰ সফলতা পাৰ্টি
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 11:18 AM IST

Updated : Jan 7, 2024, 1:55 PM IST

চিটাৰা ডেস্ক, ৭ জানুৱাৰী: ২০২৩ চনৰ ১ ডিচেম্বৰত বিশ্বজুৰি ছবিগৃহত মুক্তি লাভ কৰিছিল ৰণবীৰ কাপুৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘এনিমেল’ ৷ অৱশ্যে মুক্তিৰ পিচত ছবিখনে কিছু বিতৰ্কৰ সন্মুখীন হয় যদিও বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল ৷ ছবিখনে সমালোচক আৰু দৰ্শকৰ পৰাও যথেষ্ট সমাদৰ লাভ কৰিছিল । যাৰ বাবে ২০২৩ চনৰ অন্যতম সফল ছবি হিচাপে পৰিগণিত হয় এনিমেল ৷ ইফালে ছবিখনৰ অপৰিসীম সফলতাৰ পৰিপ্ৰেক্ষিতত এক সফলতা পাৰ্টিৰ আয়োজন কৰে নিৰ্মাতাই । এই পাৰ্টিত এনিমেলৰ সমগ্ৰ দলৰ লগতে উপস্থিত থকা দেখা গ’ল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটকো । ইয়াৰ লগতে বলীউডৰ বহু চেলিব্ৰিটিয়ে এই পাৰ্টিত অংশগ্ৰহণ কৰে । এতিয়া পাৰ্টিৰ পৰা বহু ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

Alia - Ranbir steal hearts with their chemistry at Animal success party
Animal ৰ সফলতা পাৰ্টি

পাৰ্টিত অতি ষ্টাইলিছ লুকত উপস্থিত হয় ৰণবীৰ কাপুৰ । এই সময়চোৱাত অভিনেতাগৰাকীক ধূসৰ ৰঙৰ পেণ্ট চুট আৰু ক’লা ক’ৰ্ট পৰিধান কৰা দেখা গৈছিল, য’ত খুব সুন্দৰ দেখা গৈছিল ৰণবীৰক ৷ একে সময়তে ৰণবীৰৰ পত্নী তথা অভিনেত্ৰী আলিয়া ভাটকো এই পাৰ্টিত বৰ ধুনীয়া দেখা গৈছিল । ৰয়েল ব্লু ডিপ নেক ড্ৰেছত ষ্টাইলিছ দেখা গৈছিল অভিনেত্ৰীগৰাকীক ।

ৰণবীৰ আৰু আলিয়াই পাপাৰাজীৰ বাবে একেলগে পোজ দিছিল । দুয়োকে একেলগে বৰ মৰমলগা দেখা গৈছিল । অনুৰাগীয়ে দুয়োকে সুদৰ্শন যুটি বুলি আখ্যা দিছে ৷

ইয়াৰ উপৰিও এনিমেলৰ অভিনেতা অনিল কাপুৰেও সফলতা পাৰ্টিত গ্ৰেণ্ড এণ্ট্ৰি কৰিছিল । এই সময়চোৱাত অভিনেতাগৰাকীক ক’লা ৰঙৰ অল ব্লেক সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল । অনিলেও পাপাৰাজীৰ বাবে পোজ দিয়া দেখা গৈছিল । ইফালে ফাৰাহ খান, প্ৰেম চোপ্ৰা, নীতু কাপুৰ, মহেশ ভাট আদি বহু প্ৰবীণ অভিনেতাই অংশগ্ৰহণ কৰে পাৰ্টিত ।

এনিমেল ছবিখনৰ বিষয়ে -

ছবিখনৰ বিষয়ে ক’বলৈ গ’লে ৰশ্মিকা মন্দান্নাই এনিমেল ছবিখনত ৰণবীৰ কাপুৰৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । ইয়াৰ উপৰিও অনিল কাপুৰ, তৃপ্তি ডিমৰী, ববি দেওলৰ দৰে অভিনেতাকো এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল । ছবিখনত ববি দেওলে নেতিবাচক চৰিত্ৰত অভিনয় কৰিছিল । মাত্ৰ কেইমিনিটমানৰ দৃশ্যত ববিয়ে নিজৰ চৰিত্ৰৰে সকলোকে মোহিত কৰিছিল । এতিয়ালৈকে ৰণবীৰ কাপুৰৰ ছবিখনে ভাৰতীয় বক্স অফিচত প্ৰায় ৫৫০ কোটি টকাৰো অধিক ব্যৱসায় কৰিছে । ইয়াৰ উপৰিও ছবিখনৰ গীতবোৰেও দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে ।

লগতে পঢ়ক: কন্যাৰ সৈতে নৱবৰ্ষ উদযাপন কৰি মুম্বাইলৈ উভতিল ৰণবীৰ-আলিয়া

Last Updated : Jan 7, 2024, 1:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.