ETV Bharat / entertainment

Alia Bhatt : ৰকি অউৰ ৰাণী ছবিখনে ভংগ কৰিব পাৰিব নে আলিয়াৰ এই ৫ খন শীৰ্ষ অ’পেনাৰ ছবিৰ অভিলেখ ?

author img

By

Published : Jul 28, 2023, 7:34 PM IST

আজি মুক্তি লাভ কৰিছে আলিয়া ভাটৰ ছবি ‘ৰকি অউৰ ৰাণী কি প্ৰেম কাহানি’ ৷ ইয়াৰ মাজতে আমি আলিয়া ভাটৰ চলচ্চিত্ৰ কেৰিয়াৰৰ পাঁচখন ছবিৰ বিষয়ে উল্লেখ কৰিম যিকেইখন ছবিয়ে মুকলিৰ দিনটোত সৰ্বাধিক উপাৰ্জন কৰিছিল ।

Alia Bhatts  top 5 openers Movies and as 'Rocky Aur Rani kii Prem Kahaani' hits screens
আজি মুক্তি লাভ কৰিছে আলিয়া ভাটৰ ছবি ‘ৰকি অউৰ ৰাণী কি প্ৰেম কাহানি

চিটাৰা ডেস্ক, 28 জুলাই: আজি (২৮ জুলাই) ছবিগৃহত মুক্তি লাভ কৰিছে ৰণবীৰ সিং আৰু আলিয়া ভাটৰ অভিনীত ছবি ‘ৰকি অউৰ ৰাণী কি প্ৰেম কাহানী’ ৷ বলীউডৰ ‘গংগুবাই’ আলিয়া ভাটৰ এই ছবিখনো বক্স অফিচত হিট হোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যেই ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহানী’ক লৈ কোৱা হৈছে যে ছবিখনে মুকলিৰ দিনাই বক্স অফিচত ভাল ব্যৱসায় কৰিব। ইয়াৰ মাজতে জানো আহক আলিয়া ভাটৰ গ্ৰেণ্ড ওপেনিং ছবিসমূহৰ বিষয়ে । জানো আহক ‘ৰকি অউৰ ৰাণী কি প্ৰেম কাহানী’ ছবিখনে ভাঙিব পাৰিব নে আলিয়া ভাটৰ এই ছবিসমূহৰ ৰেকৰ্ড ৷

  • " class="align-text-top noRightClick twitterSection" data="">

১/ 2 ষ্টেইট্ছ (2 States)

জনপ্ৰিয় সাহিত্যিক চেতন ভগতৰ গ্ৰন্থখনৰ পৰা লোৱা গল্প ‘2 ষ্টেইট্ছ’ ছবিখনত আলিয়া ভাট আৰু অৰ্জুন কাপুৰক মুখ্য চৰিত্ৰত দেখা গৈছিল । ছবিখনে বক্স অফিচত মুকলিৰ দিনা ১২.৪২ কোটি টকা উপাৰ্জন কৰিছিল । এই ছবিখন পৰিচালনা কৰিছিল অভিষেক বৰ্মনে ।

২/ শানদাৰ (Shandar)

২০১৫ চনত আলিয়া ভাটৰ ছবি ‘শানদাৰ’ এ মুক্তি লাভ কৰিছিল । বিকাশ বাহলৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত আলিয়া ভাটক প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত দেখা গৈছিল শ্বাহিদ কাপুৰৰ সৈতে। ছবিখনে প্ৰথম দিনাই ১৩.১০ কোটি টকাৰ ব্যৱসায় কৰিছিল ।

৩/ গালি বয় (Gully Boy)

ৰণবীৰ সিং আৰু আলিয়া ভাটৰ অভিনীত প্ৰথম ছবি ‘গালি বয়’ বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল ৷ এই ছবিখন জোয়া আখতাৰে ৮৪ কোটি টকাত নিৰ্মাণ কৰিছিল । ৰণবীৰ আৰু আলিয়াৰ যুটিৰ এই প্ৰথমখন ছবি হিট বুলি প্ৰমাণিত হয় আৰু ছবিখনে মুকলিৰ দিনা ১৯.৪০ কোটি টকা উপাৰ্জন কৰে ।

৪/ কলংক (Kalank)

অভিষেক বৰ্মনৰ পৰিচালনাত নিৰ্মিত বহু অভিনেতা থকা ছবি ‘কলংক’ হয়তো ফ্লপ হৈছিল যদিও ছবিখনে প্ৰথম দিনাই বক্স অফিচত বৃহৎ ব্যৱসায় কৰিছিল । আলিয়া ভাটৰ ছবিখনে প্ৰথম দিনাই ২১.৬০ কোটি টকা উপাৰ্জন কৰিছিল। আলিয়া ভাট, বৰুণ ধাৱন, সঞ্জয় দত্ত, আদিত্য ৰায় কাপুৰ, সোনাক্ষী সিনহা আৰু মাধুৰী দীক্ষিতক এই ছবিখনত দেখা গৈছিল ।

৫) ব্ৰহ্মাস্ত্ৰ (Brahmastra: Part One – Shiva)

তাৰকা স্বামী ৰণবীৰ কাপুৰৰ সৈতে প্ৰথমবাৰৰ বাবে দেখা গৈছিল আলিয়া ভাটৰ অন্তিমখন মুক্তিৰ ছবি ‘ব্ৰহ্মাস্ত্ৰ’ত। এই ৰিল আৰু ৰিয়েল লাইফ যুটিৰ ছবিখনে মুকলিৰ দিনা ৩৬.৫০ কোটি টকাৰ ব্যৱসায় কৰিছিল । আয়ান মুখাৰ্জীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন আলিয়াৰ কেৰিয়াৰৰ আটাইতকৈ অধিক মুকলি প্ৰাপ্ত ছবি। একে সময়তে ৰকি অউৰ ৰাণীৰ প্ৰেম কাহিনীৰ বক্স অফিচৰ ভৱিষ্যতবাণীত কোৱা হৈছে যে ছবিখনে মুকলিৰ দিনটোত মাত্ৰ ১২ৰ পৰা ১৪ কোটি টকা সংগ্ৰহ কৰিব পাৰিব ।

লগতে পঢ়ক: WATCH: মাতৃ আলিয়াই নিজৰ কন্যা অভিনেত্ৰী হোৱাটো নিবিচাৰে, ডাঙৰ হৈ ৰাহাই কি পেছা বাছি ল’ব ক’লে আলিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.