ETV Bharat / entertainment

কন্যাৰ সৈতে নৱবৰ্ষ উদযাপন কৰি মুম্বাইলৈ উভতিল ৰণবীৰ-আলিয়া

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 5:24 PM IST

Ranbir kapoor and Alia bhatt: ২০২৪ নৱবৰ্ষ উদযাপন কৰি মুম্বাইলৈ উভতি আহিছে বলীউডৰ তাৰকা দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট । একে সময়তে ৰাহা কাপুৰৰ কিউটনেছ দেখি মন্ত্ৰমুগ্ধ হ’ল অনুৰাগী ।

Alia Bhatt, Ranbir Kapoor with daughter Raha return to Mumbai after New Year vacay - watch
নৱবৰ্ষ উদযাপন কৰি মুম্বাইলৈ উভতিল ৰণবীৰ-আলিয়া

চিটাৰা ডেস্ক, ৫ জানুৱাৰী: শেহতীয়াকৈ নৱবৰ্ষ উদযাপনৰ বাবে বহু চেলিব্ৰিটিক বিদেশলৈ ৰাওনা হোৱা দেখা গৈছিল ৷ কিন্তু এতিয়া নৱবৰ্ষ উদযাপন কৰি লাহে লাহে মুম্বাইলৈ উভতিছে তাৰকাসকল ৷ শেহতীয়াকৈ ছুটী উপভোগ কৰি শ্বাহৰুখ খান, গৌৰী খান আৰু পুত্ৰ অবৰামৰ সৈতে মুম্বাইলৈ উভতি অহা দেখা গৈছিল ৷ এতিয়া নৱবৰ্ষ উদযাপন কৰি বলীউডৰ তাৰকা দম্পতী আলিয়া ভাট আৰু ৰণবীৰ কাপুৰো উভতিছে মুম্বাইলৈ ৷

বিদেশলৈ নৱবৰ্ষ উদযাপনৰ বাবে গৈছিল আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ ৷ নতুন বছৰ উপভোগ কৰি এসপ্তাহৰ পিচত মুম্বাইলৈ উভতি আহিছে তাৰকা দম্পতী । আজি বিমানবন্দৰত দেখা গৈছে এই তাৰকা দম্পতীক । অৱশ্যে এইবাৰ দুয়ো অকলে নাছিল ৷ লগতে আছিল তেওঁলোকৰ মৰমলগা কন্যা ৰাহা কাপুৰ ৷ বিমানবন্দৰৰ বাহিৰত ৰণবীৰ কাপুৰে কোলাত লৈ থকা দেখা গৈছে ৰাহাক ।

মুহূৰ্ততে এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাহাৰ এই ভিডিঅ’টো ৷ বিমানবন্দৰত ক’লা টি-চাৰ্ট আৰু টুপী পিন্ধা দেখা গৈছে ৰণবীৰ কাপুৰক, ইয়াৰ বিপৰীতে আলিয়া ভাটক বেইজ ৰঙৰ চাৰ্ট পৰিধান কৰা দেখা গৈছে । ৰাহাৰ কথা ক’বলৈ গ’লে ৰাহা কাপুৰে পৰিধান কৰিছিল বেবী পিংক ৰঙৰ উলৰ চেট ।

বিমানবন্দৰৰ পৰা ভাইৰেল হোৱা এই দম্পতীৰ ভিডিঅ’টোত আটাইতকৈ বেছি চৰ্চা লাভ কৰিছে ৰাহাই ৷ ৰাহাৰ এই মৰমলগা ভিডিঅ’টোৱে অনুৰাগীৰ হৃদয় চুই গৈছে আৰু তেওঁলোকে ৰাহাক মৰমলগা পুতলা বুলি অভিহিত কৰিছে । বহু অনুৰাগীয়ে আকৌ ৰাহাক মৰমলগা বুলি অভিহিত কৰিছে আৰু বহুতে তেওঁক কিউট এঞ্জেল বুলি টেগ কৰিছে ।

উল্লেখ্য যে, আলিয়া আৰু ৰণবীৰে যোৱা বৰদিনৰ দিনা প্ৰথমবাৰৰ বাবে কন্যা ৰাহাৰ মুখখন বিশ্ববাসীৰ সন্মুখত আনিছিল । ইয়াৰ পিচতে ইন্টাৰনেটত ভাইৰেল হৈ পৰিছিল ৰাহাৰ বহু ফটো আৰু ভিডিঅ’ ৷ তাৰ পিচতে কন্যাক লগত লৈ নৱবৰ্ষ উদযাপনৰ বাবে বিদেশলৈ গৈছিল আলিয়া-ৰণবীৰ ৷ আলিয়াই কন্যা ৰাহা আৰু তাৰকা স্বামী ৰণবীৰৰ সৈতে নৱবৰ্ষ উদযাপনৰ ছবিও শ্বেয়াৰ কৰিছিল ৷

লগতে পঢ়ক: নীল নয়নৰ ৰাহা দেখাত সাইলাখ ককাক ঋষি কাপুৰৰ দৰে. . . চাওক ভিডিঅ’

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.