চিটাৰা ডেস্ক, 11 মে’: হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে বলীউডৰ ‘গংগুবাই’ আলিয়া ভাট (Alia Bhatt latest news)। ১১ বছৰ পূৰ্বে বলীউডত আত্মপ্ৰকাশ কৰা অভিনেত্ৰীগৰাকীয়ে অতি কম সময়ৰ ভিতৰতে উন্নয়নৰ শিখৰ চুবলৈ সক্ষম হৈছে ৷ বলীউডৰ ‘দেশী গাৰ্ল’ প্ৰিয়ংকা চোপ্ৰাৰ দৰে কেৱল গ্ল’বেল ষ্টাৰৰ টেগ লাভ কৰিবলৈ হে বাকী আছে ৷ শেহতীয়াকৈ আলিয়া ভাটক আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ইভেণ্ট মেট গালা ২০২৩ ৰ ৰেড কাৰ্পেটত খোজ দিয়া দেখা পোৱা গৈছিল । ৰেড কাৰ্পেটত নিজৰ সৌন্দৰ্য বিয়পোৱা দেখা পোৱা গৈছিল অভিনেত্ৰীগৰাকীক ৷
শেহতীয়াকৈ আলিয়া ভাটৰ সন্দৰ্ভত আহিছে এটা ভাল খবৰ । আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ব্ৰেণ্ড গুচিৰ গ্ল’বেল এম্বেছাদৰ হিচাপে নিৰ্বাচিত হোৱা দেশৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈছে আলিয়া ভাট (Alia Bhatt global ambassador for Gucci) । ইটালীৰ এই আন্তঃৰাষ্ট্ৰীয় ফেশ্বন কোম্পানীয়ে এই পদৰ বাবে প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে নিৰ্বাচিত কৰিছে আলিয়া ভাটক । এনে পৰিস্থিতিত আলিয়া ভাট আৰু তেওঁৰ অনুৰাগীৰ বাবে এই খবৰটো নিশ্চিতভাৱে এক ভাল খবৰ (Alia Bhatt ambassador of Gucci)।
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে, এই খবৰৰ লগে লগে সমগ্ৰ কাপুৰ পৰিয়ালত সুখৰ জোৱাৰ উঠিছে আৰু অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত এই ডাঙৰ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰা পৰিলক্ষিত হৈছে । হলিউডৰ প্ৰথম ছবি হাৰ্ট অফ ষ্টোনক লৈও এইকেইদিন চৰ্চা চলি আছে (Alia becomes first Indian global ambassador )। এই ছবিখনত অভিনেত্ৰীগৰাকীক ৱাণ্ডাৰ উইমেন গেইল গাডটৰ সৈতে দেখা যাব । এই ছবিখনৰ নিজৰ অংশৰ শ্বুটিঙো সম্পূৰ্ণ কৰিছে আলিয়াই ।
আনহাতে, আলিয়া ভাটক শেষবাৰৰ বাবে দেখা গৈছিল ‘ডাৰ্লিংছ’ ছবিখনত । এতিয়া চলচ্চিত্ৰ নিৰ্মাতা ফাৰহান আৰু জোয়া আখতাৰৰ ছবি জী লে জাৰাৰ বাবে চৰ্চাত আছে অভিনেত্ৰীগৰাকীক । এই ছবিখনত প্ৰিয়ংকা চোপ্ৰা আৰু কেটৰিণা কাইফৰ সৈতে দেখা যাব ।
লগতে পঢ়ক: Jacklyn Zeman: 70 বছৰ বয়সত ইহলীলা সম্বৰণ কৰিলে 'জেনেৰেল হাস্পতাল'ৰ তাৰকাগৰাকী